Logo
image

বিটিআৰত সংগঠন সবল কৰিছে বিজেপিয়ে

‘আমাৰ অসম’ৰ বিজনীৰ প্ৰতিবেদক, ৯ মাৰ্চঃ  একালৰ বৃন্দাবন একালত পৰে ছন৷ বিপিএফ দল বিশেষকৈ দলটোৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ ক্ষেত্ৰতো যেন প্ৰযোজ্য হৈছে এইশাৰী আপ্তবাক্য৷ বহুবছৰ ধৰি বিটিচিত ক্ষমতাৰ বাঘজৰী কুক্ষিগত কৰি থকা হাগ্ৰামা মহিলাৰীৰ এতিয়া প্ৰতিনিয়ত কমিছে শকতি৷ বিশ্বজিৎ দৈমাৰীৰ পৰা চন্দন ব্ৰহ্মলৈ, খাম্ফ্ৰা বৰগয়াৰীৰ পৰা হিতেশ বসুমতাৰীলৈ– এসময়ৰ ঘনিষ্ঠ নেতাসকল এজনৰ পাছত আনজন আতৰি গৈছে হাগ্ৰামাৰ কাষৰ পৰা৷ তৃণমূলৰ পৰা শীৰ্ষ পৰ্যায়লৈকে– বিপিএফৰ সৰ্বত্ৰ  এতিয়া খহনীয়াৰ গ্ৰাসত পৰিছে৷ ইয়াৰ বিপৰীতে বিপিএফ আৰু ইউপিপিএলৰ সৈতে সলনাসলনিকৈ মিত্ৰতা কৰি বিটিআৰত প্ৰাসংগিকতা বৰ্তাই ৰখা বিজেপিয়ে অতি কৌশলেৰে সংগঠন শক্তিশালী কৰিছে বিটিআৰত৷ প্ৰায় গোপনে দীৰ্ঘদিন ধৰি অব্যাহত থকা বিজেপিৰ শক্তি সঞ্চয় অভিযানৰ শক্তি প্ৰমাণ কৰি ইতিমধ্যে বিজেপিয়ে ঘোষণা কৰিছে যে এইবাৰ বিটিআৰ নিৰ্বাচনত বিজেপিয়ে অকলশৰে প্ৰতিদ্বন্দ্বিতা কৰিব, কাৰো সৈতে মিত্ৰতা নকৰে৷ বিজেপি আৰু ইউপিপিএলৰ শক্তি সঞ্চয়ৰ বিপৰীতে নিতৌ শক্তি হ্ৰাস পাইছে বিপিএফৰ৷ বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৮নং মানাস ছেৰফাং পৰিষদীয় সমষ্টিৰ প্ৰাক্তন পাৰিষদ তথা বৰ্তমান বিপিএফ দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সুভাষ চন্দ্ৰ বসুমতাৰীয়ে শনিবাৰে দল ত্যাগ কৰে৷ দুবাৰকৈ ১৮ নং মানাস ছেৰফাং পৰিষদীয় সমষ্টিৰ পৰা পাৰিষদ হিচাপে নিৰ্বাচিত হৈছিল সুভাষ বসুমতাৰী৷ বিপিএফ মুৰব্বী তথা হাগ্ৰামা মহিলাৰীলৈ পদত্যাগ-পত্ৰ প্ৰেৰণ কৰি একান্ত ব্যক্তিগত কাৰণত বিপিএফৰ পৰা পদত্যাগ কৰা বুলি উল্লেখ কৰি বিপিএফৰ সাংগঠনিক সম্পাদকৰ লগতে প্ৰাথমিক সদস্যৰ পৰাও পদত্যাগ কৰে৷ প্ৰাক্তন পাৰিষদ সুভাষ চন্দ্ৰ বসুমতাৰীয়ে বিপিএফ দল ত্যাগকলৈ বিফিএফ দলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইফালে প্ৰাক্তন পাৰিষদজনে অচিৰেই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা প্ৰায় নিশ্চিত হৈ উঠিছে৷ এই সংক্ৰান্তত শনিবাৰে সুভাষ বসুমতাৰীয়ে এক সংবাদ মেল আয়োজন কৰি দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে জ্যেষ্ঠ নেতাক গুৰুত্ব নিদিয়াৰ বাবে এজনৰ পাছত এজন নেতাই দল ত্যাগ কৰিছে বুলি হাগ্ৰামা মহিলাৰীক সমালোচনা কৰে৷


শ্ৰীৰামপুৰত তিনি সহস্ৰাধিকে যোগ দিলে ইউপিপিএলত

‘আমাৰ অসম’ৰ গোসাঁইগাঁৱৰ প্ৰতিনিধিঃ  ‘ৰাজনীতিৰ মূল মন্ত্ৰ হৈছে ৰাইজৰ সেৱা৷ ৰাজনৈতিক নেতাই ৰাইজৰ প্ৰতিনিধি হৈ নিৰ্বাচনত জয়লাভ কৰাৰ পাছত সকলো শ্ৰেণীৰ ৰাইজৰ স্বাৰ্থত কাম কৰিব লাগে৷ কিন্তু পূৰ্বৰ বিপিএফ দলে শাসনত বহি ৰাইজৰ স্বাৰ্থৰ বিপৰীতে কাম কৰিছে৷ বিপিএফৰ শাসনকালত চলিছিল কেৱল হিংসা আৰু শোষণ৷  উন্নয়নৰ নামত চলিছিল কমিচনৰাজ, উন্নয়নৰ ধন আত্মসাত কৰি বিপিএফৰ নেতাসকলে ৰজাৰ নিচিনা জীৱন যাপন কৰি কেৱল লুণ্ঠনহে চলাইছিল৷ যাৰ বাবে ৰাইজে অতিষ্ঠ হৈ বিপিএফক ক্ষমতাৰ পৰা বিতাড়ন কৰিছে৷ ভৱিষ্যতে এই দল আৰু ৰাইজৰ ওচৰত যাব নোৱাৰিব৷ বিপিএফৰ শাসনকালত মহিলা আত্মসহায়ক গোটৰ নামত আবণ্টিত ধনৰ ভাগ চাকৰিৰ নামত বিপিএফৰ নেতাসকলে লাখ লাখ টকা ঘোচ লৈছিল৷ আমাৰ দিনত চাকৰিৰ বাবে এপইচাও কোনেও লোৱা নাই৷ যদি ল’বলৈ বিচাৰে মই টকা বিচৰাজনক জে’লত ভৰাম৷ মোৰ একমাত্ৰ উদ্দেশ্য হৈছে দুৰ্নীতিমুক্ত শান্তিৰ বিটিআৰ গঢ়া৷ এই শান্তি বিঘ্নিত কৰাৰ কাৰো ক্ষমতা নাই৷ বিটিআৰবাসী ৰাইজৰ হৃদয়ত ইউপিপিএল দলে স্থান পাবলৈ সক্ষম হৈছে৷ কিছুদিন পূৰ্বে শ্ৰীৰামপুৰত সাত সহস্ৰাধিক ৰাইজ আমাৰ দলত যোগদান কৰাৰ পাছত আজি পুনৰ চাৰি সহস্ৰাধিক ৰাইজ আন আন দল ত্যাগ কৰি ইউপিপিএলত যোগদান কৰাটো তাকেই সূচায়–’’ এই ভাষ্য বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউপিপিএল দলৰ মুৰব্বী প্ৰমোদ বড়োৰ৷ আজি বিটিচিৰ ৩ নম্বৰ শ্ৰীৰামপুৰ সমষ্টিৰ অন্তৰ্গত শ্ৰীৰামপুৰ হাই স্কুলৰ খেলপথাৰত ইউপিপিএলৰ শ্ৰীৰামপুৰ ব্লক কমিটীৰ উদ্যোগত অনুষ্ঠিত যোগদান সভাত মুখ্য অতিথিৰ ভাষণত তেওঁ আৰু কয় ‘‘হাগ্ৰামা মহিলাৰীয়ে ১৭ বছৰে কৰিব নোৱৰা কাম আমি চাৰিবছৰে কৰি দেখুৱাইছোঁ৷ বিপিএফ দলে বিটিচিত বাস কৰা ৰাইজৰ ভূমিৰ সমস্যাৰ সমাধান নকৰি ৰাজনীতি কৰিবলৈ সমস্যাটো ওলমাই ৰাখিছিল৷ হাগ্ৰামাই ১৭ বছৰে ১৫ হাজাৰ মাটিৰ পট্টা দিছিল আমি চাৰি বছৰে তিনিলাখতকৈ অধিক পট্টাৰ আবণ্টন দিছোঁ আৰু ভূমিৰ সমস্যা আমি সম্পূৰ্ণৰূপে সমাধান কৰাৰ বাবে মন স্থিৰ কৰি কাম কৰি আছোঁ৷ সকলো জাতি-জনগোষ্ঠীৰ সম-উন্নয়ন, সম-বিকাশ আৰু সম-অধিকাৰ আমাৰ দিনত প্ৰতিষ্ঠা হৈছে৷ এতিয়া বিটিআৰত কোনো সাম্প্ৰদায়িক সংঘাত নহয়৷ বড়ো-অবড়োৰ মাজত কোনো মতানৈক্য নাই৷ এয়া সম্ভৱ হৈছে আমাৰ সু-শাসনৰ ফলত৷ নিৰ্বাচন আহি আছে এতিয়া বিপিএফ দলে বিটিচি দখল কৰিব বুলি দলৰ কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰাৰ অপচেষ্টা কৰি আছে কিন্তু বাস্তৱত বিপিএফ দলৰ অৱস্থা ক্ৰমাৎ শোচনীয় হৈ পৰিছে৷ দলৰ নেতাসকলেই হাগ্ৰামাৰ একনায়কতন্ত্ৰত বিতুষ্ট হৈ দল এৰি গৈ আছে৷ এনে পৰিস্থিতিত ইউপিপিএল দল পুনৰ বিটিচিৰ ক্ষমতাত আসীন হোৱাটো কেৱল সময়ৰ অপেক্ষা৷” বিজেপিৰ লগত মিত্ৰতা নাথাকিলে ইউপিপিএলৰ কি স্থিতি হ’ব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত প্ৰমোদ বড়োৱে কয়, ‘‘মিত্ৰতা আমাৰ মাজত এতিয়াও অটুট আছে৷ নিৰ্বাচনত কি হ’ব এতিয়াও আমি ঠিক কৰা নাই৷ আমি ইউপিপিএল দলৰ সভাপতি হিচাপে আমাৰ দলৰ শক্তি বৃদ্ধি কৰাৰ বাবে দিনে-নিশাই কাম কৰি আছোঁ৷ বিটিআৰৰ পাঁচখন জিলা তথা বিটিচিৰ ৪০টা সমষ্টিৰ ১০টা ব্লকৰ ৩২৫০০টা বুথত আমাৰ দলৰ নেতা-কৰ্মীসকলে নিষ্ঠাসহকাৰে কাম কৰি আছে আৰু দলৰ ভেটি যথেষ্ট শক্তিশালী হৈ আছে৷ আমাৰ বিৰোধীৰ কোনো ভৱিষ্যত নাই বুলি প্ৰমোদ বড়োৱে আত্মবিশ্বাসৰ সুৰত কয়৷ উক্ত যোগদান সভাত তৃণমূল কংগ্ৰেছৰ কোক্‌ৰাঝাৰ জিলা সমিতিৰ সভাপতি উত্তম কুমাৰ তালুকদাৰে প্ৰায় তিনি শতাধিক সমৰ্থকক লৈ ইউপিপিএল দলত যোগদান কৰাত প্ৰমোদ বড়োৱে তেওঁক ধন্যবাদ আজিৰ পৰা দলৰ হৈ কাম কৰি যাবলৈ আহ৩ান জনায়৷ আছে৷ বিটিচিৰ কাৰ্যবাহী সদস্য তথা শ্ৰীৰামপুৰ সমষ্টিৰ জনপ্ৰিয় যুৱ নেতা উইলছন হাছদাৰ বিশেষ উদ্যোগত অনুষ্ঠিত যোগদান সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি তেওঁ কয় বিটিচিৰ অনাগত নিৰ্বাচনত এই সমষ্টি ইউপিপিএল দলে যে উদ্ধাৰ কৰিব সেয়া এশ শতাংশ নিশ্চিত৷  উদ্বোধনী ভাষণ প্ৰদান কৰে ইউপিপিএল দলৰ উপ-সভাপতি আফজল হক সৰকাৰে৷ শ্ৰীৰামপুৰ ব্লক কমিটীৰ সভাপতি নিকোলাছ হাছদাই পৰিচালনা কৰা সভাত চাৰি সহস্ৰাধিক ৰাইজ উপস্থিত আছিল৷