মণিপুৰৰ আৰ্হিত এপিএছচিৰ ২০১৩ বৰ্ষৰ পৰীক্ষা বাতিলৰ দাবী
‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ৯ মাৰ্চঃ ৰাজ্য কঁপাই যোৱা অসম লোকসেৱা আয়োগৰ কেলেংকাৰিৰ তদন্ত কৰা প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ পৰামৰ্শ অনুসৰি ২০১৩ বৰ্ষৰ সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়াটোকে বাতিল কৰাৰ বাবে দাবী জনাইছে ফাইট এগেইনেষ্ট ইনজাষ্টিচ অফ এ পি এছ চি নামৰ সংগঠনটোৱে৷ শনিবাৰে দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত ভাগ লৈ সংগঠনটোৰ প্ৰশাসক মানস প্ৰতিম বৰুৱাই কয়– বিগত ১৭ ফেব্ৰুৱাৰীত এই প্ৰতিবেদন বিধানসভাত দাখিল কৰা হয় আৰু শেহতীয়াকৈ ৩ মাৰ্চৰ দিনা বিধানসভাত এই প্ৰতিবেদনৰ ওপৰত চৰ্চা হয়৷ আমি প্ৰথমে বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু অখিল গগৈক ন্যায়িক আয়োগৰ মূল বিষয় অৰ্থাৎ সমগ্ৰ নিযুক্তি বাতিলৰ বিষয়টো সদনত বলিষ্ঠভাবে উত্থাপন কৰা বাবে আমি অশেষ ধন্যবাদ জনালোঁ৷ আমি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকো প্ৰতিবেদনৰ বহু গুৰুত্বপূৰ্ণ দিশ অলোকপাত কৰাৰ বাবে ধন্যবাদ জনালো৷ শেষত আমি মুখ্যমন্ত্ৰীকো ধন্যবাদ জনালোঁ যে সুদীৰ্ঘ ২বছৰ ১০ মাহৰ পিছত হ’লেও আয়োগৰ প্ৰতিবেদনখন ৰাজহুৱা কৰিলে৷ কিন্তু সদনৰ আলোচনাত মুখ্যমন্ত্ৰীয়ে ৰাকেশ পালৰ নিযুক্তিৰ প্ৰসংগ টানি আনি তদানীন্তন কংগ্ৰেছ চৰকাৰক কঠোৰ সমালোচনা কৰে যদিও প্ৰতিবেদনৰ মূল বিষয় অৰ্থাৎ নিযুক্তি বাতিলৰ বিষয়টো এৰাই চলে৷ আমি ভাবো যে মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ চৰকাৰক সমালোচনা কৰাৰ কোনো নৈতিক অধিকাৰ নাই৷ যদিহে তেওঁৰ আয়োগৰ প্ৰতিবেদনৰ মূল পৰামৰ্শ মানি লোৱাৰ সাহস নাই৷ দ্বিতীয়তে, ইয়াৰ দ্বাৰা তেওঁ আয়োগৰ প্ৰতিবেদনৰ আত্মাক আঘাত কৰাই নহয় বৰং এই কেলেংকাৰীৰ পদোন্নতি দিছিল৷ আনকি মুখ্যমন্ত্ৰীৰ বিশেষ মেডেলো দিছিল৷ কিন্তু মুখ্যমন্ত্ৰীৰ সেই একেই মানবীয়তা মীন উন্নয়ন নিগমৰ ২১৭ নিযুক্তি বাতিল কৰাৰ সময়ত বা অসম ৰাজ্যিক পৰিবহণ নিগমৰ প্ৰায় ৭০০ নিযুক্তি বাতিলৰ প্ৰসংগত দেখা পোৱা নগল৷ যিসময়ত পাল বাহিনীয়ে দিয়া ডুপ্লিকেট উত্তৰ বহীত লিখি বা টেবুলেশ্বন শ্বীটত নম্বৰ বৃদ্ধি কৰিও একাংশই বছৰ বছৰ ৰাজপত্ৰিত বিষয়া হৈ থাকিব পাৰে৷ পবিত্ৰ সদনত বিধায়ক মনোৰঞ্জন তালুকদাৰে প্ৰশ্ন কৰিছিল যে ডিব্ৰুগড় আৰক্ষীয়ে অভিযোগনামাত দিয়া ২০১৩ বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ কেলেংকাৰিৰ গোচৰৰ প্ৰথম ৩৯জন বিষয়াক চৰকাৰে বৰ্খাস্ত কৰিলে, পৰবৰ্তী সময়ত ন্যায়িক তদন্তত ধৰা পৰা আৰু এছ আই টিয়ে অভিযোগনামা দিয়া বিষয়া সকলৰ বিৰুদ্ধে একে ধৰণৰ অভিযোগ থকা সত্ত্বেও এই সকল বিষয়াক বিৰুদ্ধে বিভাগীয় ব্যৱস্থা তথা তেওঁলোকক কেৱল নিলম্বনহে কৰা হ’ল৷ ইয়াৰ উত্তৰত মুখ্যমন্ত্ৰীযে ক’লে যে পূৰ্বৰ বিষয়াসকলৰ প্ৰবেচন পিৰিয়ড চলি আছিল, পিছে এই সকলৰ চাকৰি নিয়মীয়া হল, গতিকে এইসকলৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা লোৱা হৈছে৷ যি এক হাস্যকৰ কথা৷ কিয়নো এই ক্ষেত্ৰত ন্যায়ালয়ৰ স্পষ্ট মত-When the very entry to the service is illegal where is the question of departmental proceedings.
উল্লেখ্য যে নিলম্বন কৰিলে এজন কৰ্মচাৰীয়ে প্ৰথম তিনিমাহলৈ ৫০ শতাংষ দৰ্মহা আৰু তিনিমাহৰ পিছত ৭৫ শতাংশ দৰ্মহা পায়৷ অৰ্থাৎ চৰকাৰী দৰমহাৰে উচ্চতম ন্যায়ালয়লৈকে যুঁজ দিয়াৰ শক্তি চৰকাৰেই সেই সকলক দিছে অথচ মুখ্যমুস্ত্ৰীয়ে সদনত কয় যে আমি উচ্চতম ন্যায়ালয়লৈ এই সকলৰ নিযুক্তি বাহাল ৰখাৰ ৰায়ৰ বিৰুদ্ধে যাম৷ এয়া মূল বিষয়ৰ পৰা দৃষ্টি আঁতৰোৱাৰ কৌশল মাত্ৰ৷ ইয়াত চৰকাৰৰ সদিচ্ছা একো নাই৷ অথচ চুবুৰীয়া ৰাজ্য মণিপুৰত ২০১৬ চনৰ মণিপুৰ লোকসেৱা আয়োগৰ সংযুক্ত পৰীক্ষাত এনে ধৰণৰ অভিযোগ উত্থাপিত হোৱাত চৰকাৰে গঠন কৰা এক আয়োগে ২০১৭ চনত তদন্ত কৰি নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰি পুনৰ সংযুক্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ আগবঢ়ায়৷ এই পৰামৰ্শৰ বিৰুদ্ধে একাংশ প্ৰাৰ্থীয়ে মণিপুৰ উচ্চ ন্যায়ালযত আবেদন দাখিল কৰিছিল৷ কিন্তু মণিপুৰ উচ্চ ন্যায়ালয়েও আয়োগৰ নিযুক্তি বাতিলৰ পৰামৰ্শ বাহাল ৰাখে৷ তেতিয়া পুনৰ প্ৰাৰ্থী সকলে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও উচ্ছতম ন্যায়ালয়েও মণিপুৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশটো বাহাল ৰখাৰ হকে নিৰ্দেশ দিয়ে৷ সেই অনুসৰি ২০১৯ চনত পুনৰ সংযুক্ত পৰীক্ষা অনুষ্ঠিত কৰা হয়৷ সেই পৰীক্ষাত মেধাৰ ভিত্তিত পূৰ্বতে নিযুক্তি লাভ কৰা একাংশ প্ৰাৰ্থীয়েও নিযুক্তি লাভ কৰে৷ ৷ আমি মণিপুৰৰ আৰ্হিত ২০১৩ চনৰ এ পি এছ চিৰ সংযুক্ত পৰীক্ষা বাতিল কৰি নতুনকৈ পুনৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ চৰকাৰক দাবী জনাইছো৷ যাতে পৰীক্ষাক লৈ চলা বাদানুবাদ অন্ত পৰে৷ এই বাদানুবাদৰ তেতিয়াহে অন্ত পৰিব যেতিয়া চৰকাৰে ২০১৩ বৰ্ষৰ সমগ্ৰ পৰীক্ষা আৰু নিযুক্তি প্ৰক্ৰিয়াটো বাতিল কৰিব৷ সংবাদ মেলত সংগঠনটোৰ আহ্বায়ক মনজিৎ শইকীয়া উপস্থিত আছিল৷






