অমিত শ্বাহ আহিব, দিছপুৰত জৰুৰী বৈঠক
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ মাৰ্চঃ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিবলগীয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আদৰাৰ বাবে যুদ্ধকালীন প্ৰস্তুতি আৰম্ভ কৰিছে ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে৷ শনিবাৰে মুখ্যমন্ত্ৰী শৰ্মাৰ অধ্যক্ষতাত এই সন্দৰ্ভত জনতা ভৱনত এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়৷ মন্ত্ৰী পীয়ূষ হাজৰিকা, মন্ত্ৰী অজন্তা নেওগ আদিও এই বৈঠকত উপস্থিত থাকে৷ অমিত শ্বাহৰ ভ্ৰমণ আৰু তেওঁ উপস্থিত থাকিবলগীয়া কাৰ্যসূচীসমূহ সফলভাৱে অনুষ্ঠিত কৰা ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে প্ৰয়োজনীয় নীতি-নিদেৰ্শনা দিয়ে৷ এই আয়োজনৰ সৈতে জড়িত প্ৰতিটো চৰকাৰী বিভাগৰ মাজৰ সমন্বয় আৰু পৰিকল্পনা বিষয়ে পুংখানুপুংখভাৱে বুজ লয় মুখ্যমন্ত্ৰীয়ে৷
উল্লেখ্য যে ১৪ মাৰ্চত অসমত উপস্থিত হ’বলগীয়া অমিত শ্বাহ সেইদিনা নিশা দেৰগাঁৱত কটাব৷ ১৫ মাৰ্চত তেওঁ দেৰগাঁৱত মুকলি কৰিব লাচিত বৰফুকন পুলিচ অকাডেমীৰ নৱ নিৰ্মিত ভৱন৷ সেইদিনা তেওঁ দেৰগাঁৱৰ পৰা মিজোৰামলৈও যাব৷ মিজোৰামৰ পৰা আহি পোনে পোনে তেওঁ গুৱাহাটীত উপস্থিত হ’ব আৰু সন্ধিয়া গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ সৈতে এখন বিশেষ বৈঠকত মিলিত হ’ব৷ ১৬ মাৰ্চত কোকৰাঝাৰৰ দোতমাত অনুষ্ঠিত হ’বলগীয়া এবছুৰ অধিৱেশনত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ কোকৰাঝাৰৰ কাৰ্যসূচীত শেষ কৰি ১৬ মাৰ্চৰ বিয়লি তেওঁ নতুন দিল্লীলৈ ওভতি যাব৷






