Logo
image

পুৰণি বাহন স্ক্ৰেপ কৰি নতুন বাহন কিনোতালৈ ৭৫ শতাংশ পৰ্যন্ত কৰ ৰেহাই

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা, ৯ মাৰ্চঃ  চলাচলৰ অনুপযোগী বাহনৰ গৰাকীলৈ সুখবৰ৷ ‘অসম যান-বাহন ক্ৰেপিং নীতি ২০২২’ৰ এককালীন নিষ্পত্তি (One time Settlement) প্ৰক্ৰিয়াত যান-বাহনৰ বকেয়াসহ যাৱতীয় কৰৰ মাত্ৰ ২৫শতাংশ পৰিশোধ কৰিয়েই পথত চলাচলৰ অনুপযোগী বাহনৰ পঞ্জীয়ন বাতিল কৰিব পাৰিব৷ অৰ্থাৎ এইক্ষেত্ৰত স্বেচ্ছাই আগবাঢ়ি অহা গৰাকীয়ে বাহনৰ বকেয়াসহ যাৱতীয় কৰৰ ৭৫শতাংশলৈকে ৰেহাই পাব৷ গতিকে পলম কৰাৰ আৰু প্ৰয়োজন নাই৷ যান-বাহন আইন অনুসৰি যিধৰণৰ বাহনেই নহওক লাগিলে আয়ুসকাল শেষ হৈ চলাচলৰ বাবে অক্ষম হোৱাৰ লগে লগে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পঞ্জীয়ন বিভাগত বাহনখনৰ পঞ্জীয়ন বাতিল কৰাটো বাধ্যতামূলক৷ কিয়নো সঠিকভাৱে পঞ্জীয়ন বাতিল নকৰালৈকে চৰকাৰী তথ্য অৰ্থাৎ ‘বাহন পৰ্টেল’ত বাহনখন জীৱন্ত হৈ থাকে আৰু বাহনৰ বিপৰীতে দিবলগীয়া যাৱতীয় কৰ-কাটলসমূহ সময়ৰ লগে লগে বৃদ্ধি পাই থাকে৷ তদুপৰি, কৰ-কাটল নিদিয়াকৈ থাকিলে তাৰ বিপৰীতে বিলম্ব জৰিমনাও বাঢ়ি থাকে৷ ফলত এসময়ত কৰ-কাটল আৰু বিলম্ব জৰিমনা পৰিশোধ কৰিব নোৱৰা অৱস্থা হয়গৈ৷ তদুপৰি, সুৰক্ষিত যাতায়াতৰ বাবেও সময়মতে কৰ পৰিশোধ কৰি বাহনৰ নথি-পত্ৰসমূহ সঠিক কৰি ৰখাটো বাঞ্ছনীয়৷ অন্যথা এনে বাহন ক’ৰবাত দুৰ্ঘটনাত পতিত হ’বলগীয়া হ’লে তৃতীয় পক্ষৰ যদি কিবা ক্ষতি হয় তেন্তে চৰকাৰ বা বীমা কোম্পানীৰ পৰা কোনোধৰণৰ ক্ষতিপূৰণ নাপাব৷ সেয়ে সুৰক্ষিত যাতায়াত আৰু অসমক এখন যান-বাহন প্ৰদূষণমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ স্বাৰ্থত চলাচলৰ অনুপযোগী বাহনৰ পঞ্জীয়ন বাতিলৰ কাৰণে শীঘ্ৰে পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পঞ্জীয়ন বিভাগত আবেদন কৰক৷ এই আহ৩ান পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ৷


উল্লেখ্য, পঞ্জীয়ন বাতিলৰ কাৰণেই চৰকাৰে বৰ্তমান সময়ত বাহনৰ বকেয়া কৰৰ ৭৫ শতাংশলৈকে ৰেহাই দিছে অৰ্থাৎ মাত্ৰ ২৫ শতাংশ কৰ পৰিশোধ কৰিলেই বাহনখনৰ পঞ্জীয়ন-পত্ৰ বাতিল হ’ব৷ তদুপৰি, গৰাকীয়ে তেওঁৰ বাহনৰ পঞ্জীয়ন বাতিলৰ প্ৰমাণ-পত্ৰখন পঞ্জীয়নভুক্ত বাহন ক্ৰেপিং কেন্দ্ৰ (Registered Vehicle Scrahpage Facility)ত জমা দি ক্ৰেপৰ বাবে আবেদন জনালে সেই বাহনৰ বিপৰীতে তেওঁ এখন জমাকৰণৰ প্ৰমাণ-পত্ৰ (Certificate of deposit) লাভ কৰিব৷ বাহন ক্ৰেপিঙৰ পিছত সেই প্ৰমাণ-পত্ৰৰ জৰিয়তে তেওঁ নতুন বাহন ক্ৰয় কৰিলে ব্যক্তিগত বাহনৰ ক্ষেত্ৰত আগন্তুক ১৫বছৰলৈ ২৫শতাংশ কৰ ৰেহাই আৰু বাণিজ্যিক বাহনৰ ক্ষেত্ৰত আগন্তুক ৯ বছৰলৈ ১৫ শতাংশ কৰ ৰেহাই লাভ কৰিব৷ তদুপৰি,  ক্ৰেপিঙৰ আগত বাহনখন পৰি থকা ঠাইডোখৰৰ প্ৰাকৃতিক সৌন্দৰ্য বৃদ্ধিৰ লগতে মাটিৰ উৰ্বৰা শক্তিয়ো বৃদ্ধি পাব৷ ইয়াৰ উদ্দেশ্যই হৈছে চলাচলৰ বাবে অনুপযোগী বাহনসমূহ পথৰ পৰা নাইকিয়া কৰি প্ৰাকৃতিক ভাৰসাম্যতা তথা পাৰিপাশ্বিৰ্কতা ৰক্ষা কৰি অসমক যান-বাহন প্ৰদূষণমুক্ত তথা সেউজ ৰাজ্য হিচাপে গঢ়ি তোলা৷ সকলো শ্ৰেণীৰ যান-বাহনৰ গৰাকীৰ সুবিধা হোৱাাকৈ এই এককালীন নিষ্পত্তি প্ৰক্ৰিয়া (One Time Settlement)ৰ সময়সীমা চলিত বৰ্ষৰ ৩১মাৰ্চলৈকে থাকিব৷ সেয়েহে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উচ্চ পদস্থ বিষয়াজনে গুৰুত্বপূৰ্ণ ৰাজহুৱা স্থান অথবা পথৰ কাষত বিশৃংখলভাৱে পেলাই থোৱা চলাচলৰ অনুপযোগী তথা পৰিৱেশৰ অনিষ্টকাৰী বাহনসমূহৰ পঞ্জীয়ন বাতিল কৰি পৰ্যায়ক্ৰমে সেইসমূহ নিৰ্মূল কৰি অনুকূল পৰিৱেশ গঢ়ি তুলিবলৈ বাহনৰ গৰাকীৰ প্ৰতি অনুৰোধ জনাইছে৷ এই বিশেষ সুবিধা গ্ৰহণ কৰি অহা ৩১মাৰ্চৰ ভিতৰত বাহনৰ সকলো নথি-পত্ৰ সঠিক কৰাৰ লগতে সুৰক্ষিত যাতায়াতৰ অংশীদাৰ হ’বলৈ তেওঁ সকলো শ্ৰেণীৰ বাহনৰ গৰাকীলৈ সবিনয়ে আহ৩ান জনাইছে৷