Logo
image

প্ৰচণ্ড ক্ষোভ ! বলীউড ত্যাগ অনুৰাগ কাশ্যপৰ

বলীউডত বিষাক্ত পৰিৱেশ৷ সকলো টকাৰ পাছত দৌৰিছে৷ সকলোৱে ৫০০-৮০০ কোটি টকাৰ ব্যৱসায় বিচাৰে৷ সৃজনশীল পৰিৱেশ একেবাৰে নাই বলীউড ইণ্ডাষ্টি˜ত৷ বলীউডক ‘টক্সিক’ বুলি ক্ষোভ উজাৰি সপোনপুৰী এৰিলে ৰুচিসন্মত পৰিচালক অনুৰাগ কাশ্যপে৷ প্ৰচণ্ড খং আৰু ঘৃণাৰে উপচায় অনুৰাগ কাশ্যপে কয়– হিন্দী ছবি উদ্যোগটো বিষাক্ত হৈ পৰিছে৷ সকলোৰে দৃষ্টি বক্স অফিচৰ মোটা অংকৰ ফালে৷ সকলোৰে কোটিৰ ক্লাৱত চকু৷  সকলোৱে ৫০০-৮০০ কোটি টকাৰ ব্যৱসায় বিচাৰে৷ বলীউডৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি পৰিচালকজনে মুম্বাই এৰি বেংগালুৰুত থকাৰ সিদ্ধান্ত লৈছে৷ একেধাৰে প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, অভিনেতা অনুৰাগ কাশ্যপ তেওঁৰ অসাধাৰণ কামৰ বাবে সুপৰিচিত৷


উড়ান, গেংছ অৱ ৱাছিপুৰ, চোকড, শ্বাহিদ, নো স্মকিং, ব্লেক ফ্ৰাইডে আদি জনপ্ৰিয় ছবিৰ নিৰ্মাতা-পৰিচালক অনুৰাগ কাশ্যপে বলীউডক বিদায় জনোৱা বাতৰিয়ে নিৰাশ কৰিছে তেওঁৰ অনুৰাগীক৷ এক সাক্ষাৎকাৰত অনুৰাগে ক্ষোভ প্ৰকাশ কৰি কৈছে– ‘মই ছবি উদ্যোগটোৰ স’তে জড়িত ব্যক্তিসকলৰ পৰাও  আঁতৰত থাকিব বিচাৰিছো৷ ক্ষোভ উজাৰি তেওঁ কয়– বলীউড মাত্ৰ দক্ষিণৰ ছবিৰ ৰিমেকৰ প্ৰতি আসক্ত৷ নিজস্ব কোনো ক্ৰিয়েটিভিটি নাই৷ ইয়াৰ আগেয়েও বাংলা চিনেমাক ‘ঘটিয়া’ বুলি আখ্যা দি বিতৰ্কৰ মাজত সোমাই পৰিছিল অনুৰাগ৷ বিগত ডিচেম্বৰ মাহতে হিন্দী ছবি উদ্যোগটোত কাম কৰি প্ৰচণ্ড হতাশাত ভুগিছিল তেওঁ৷ পৰিচালকগৰাকীৰ নতুন ঠিকনা হ’ল বেংগালুৰু৷ এতিয়া দক্ষিণৰ ছবি পৰিচালনা কৰি তেওঁ তৃপ্ত হ’বনে নাই সেয়া সময়েহে ক’ব৷