
অনুৰাগ শইকীয়ালৈ ‘আইফা বঁটা’
‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা, ৯ মাৰ্চঃ অসম সন্তান অনুৰাগ শইকীয়ালৈ আগবঢ়োৱা হৈছে আইফা বঁটা৷ জয়পুৰত অনুষ্ঠিত ২০২৫ বৰ্ষৰ ‘শোভা ৰিয়েলিটী আইফা ডিজিটেল’ত ‘বেষ্ট টাইটেল ট্ৰেক’ৰ সন্মান অৰ্জন কৰে সুদক্ষ সংগীত পৰিচালক, সুৰকাৰ, সংগীত ব্যৱস্থাপক অনুৰাগ শইকীয়াই৷ ‘ইস্ক হ্যে...’ শীৰ্ষক গীতটোৰ বাবে এই বিশেষ সন্মান লাভ কৰে অসম সন্তান অনুৰাগে৷ এই গীতটি সন্নিৱিষ্ট হৈছিল ‘মিছমেট্চড ছিজন-৩’ত৷ উল্লেখ্য, মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা লোকসংস্কৃতিৰ গৱেষক-পণ্ডিত ড॰ অনিল শইকীয়াৰ পুত্ৰ অনুৰাগে ৯ বছৰ বয়সতে ‘ঘূণ’ নামৰ এখন নাটকত সংগীত পৰিচালনা কৰিছিল৷ কোমল বয়সতে দক্ষতাৰ পৰিচয় দিয়া অনুৰাগৰ সংগীতৰ সৈতে সম্পৰ্ক দীৰ্ঘদিনীয়া৷ মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কটন মহাবিদ্যালয়ত শিক্ষাগ্ৰহণ কৰাৰ পাছত অনুৰাগে বিখ্যাত ‘স্বৰ্ণভূমি একাডেমী অৱ মিউজিক’ত পিয়ানোৰ ডিপ্ল’মা গ্ৰহণ কৰে৷ লক্ষণীয়ভাৱে ‘স্বৰ্ণভূমি’ৰ ব্ৰেণ্ড এম্বেছাডৰৰ দায়িত্বও পালন কৰিছিল অনুৰাগ শইকীয়াই৷ অনুৰাগৰ মাতৃ দীপালি দত্ত শইকীয়া এগৰাকী বিশিষ্ট কণ্ঠশিল্পী৷ পিতৃ-মাতৃৰ পৰা লাভ কৰা সংগীতৰ জ্ঞান আৰু নিজৰ সাধনাৰ জৰিয়তে অনুৰাগে মায়ানগৰী মুম্বাইত প্ৰণালীবদ্ধ পৰিকল্পনা আৰু কষ্টসাধ্য পৰিক্ৰমাৰ মাজেৰে সংগীত জগতত স্থান নিগাজী কৰিবলৈ সক্ষম হয়৷
উল্লেখ্য, ‘যুগদ্ৰষ্টা’ নামৰ তথ্যচিত্ৰৰ বাবে অনুৰাগে লাভ কৰিছিল শ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান৷ মুক্তিৰ দুৱাৰদলিত থকা জন আব্ৰাহাম অভিনীত ‘দ্য ডিপ্ল’মেট’ নামৰ ছবিখনতো সংগীতৰ কাম কৰিছে অনুৰাগে৷ এতিয়ালৈকে ডেৰকুৰিৰো অধিক চলচ্ছিত্ৰৰ উপৰি জনপ্ৰিয়তাৰ লহৰ লেখা ‘পঞ্চায়ত’কে ধৰি বলীউডৰ প্ৰায় এক ডজন ৱেব ছিৰিজত সংগীতৰ কাম কৰিছে অনুৰাগ শইকীয়াই৷ আইফাৰ বঁটা গ্ৰহণ কৰাৰ পাছত উৎফুল্ল অনুৰাগ শইকীয়াই কয়– ‘মই বাৰুকৈয়ে গৌৰৱবোধ কৰিছোঁ৷ এয়া কেৱল মোৰ বাবেই নহয়, অসমৰ সংগীত জগতৰ বাবেও এটা ভাল খবৰ৷ যেতিয়া আইফাৰ পেজত মই নমিনেশ্বন পোৱাটো দেখিছিলোঁ, তাত এ আৰ ৰেহমান ছাৰৰ নাম আছিল৷ মই আৱেগিক হৈ পৰিছিলোঁ৷ ৰেহমান ছাৰ মোৰ গুৰু৷ দেশৰ সংগীত জগতৰ আন কেইবাজনো তাৰকাৰ নাম আছিল নমিনেশ্বনত৷ মই বঁটাটো পোৱাৰ বাবে আনন্দ পাইছোঁ, গৌৰৱবোধ কৰিছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ৷’ উল্লেখ্য, বেষ্ট টাইটেল ট্ৰেকৰ প্ৰতিযোগিতাত অনুৰাগৰ উপৰি এ আৰ ৰেহমানৰ লগতে অমৰ সিং চমকিলাৰ, আনা ৰেহমান, সঞ্জয় লীলা ভাঞ্চালী আদিৰো নাম আছিল৷ অনুৰাগ শইকীয়াই সংগীতেৰে সজোৱা ‘পঞ্চায়ত ছিজন-৩’ৰ ‘হিন্দ কে চিতাৰা’ শীৰ্ষক গীতটোৱেও পাইছিল নমিনেশ্বন৷ অনুৰাগ শইকীয়াই এই সন্মাজনক বঁটা লাভ কৰাৰ বাবে অসমৰ সাংস্কৃতিক জগতত উছাহৰ ধল বাগৰিছে৷ মুম্বাইত সংগীতকে ধৰি বিভিন্ন সাংস্কৃতিক কৰ্মৰে জড়িত হৈ থকা লোকসকলৰ লগতে মহাৰাষ্ট˜ নিৱাসী প্ৰবাসী অসমীয়া সমাজৰ মাজতো আনন্দৰ জোৱাৰ উঠিছে৷