Logo
image

ৰোহিতৰ অধিনায়কোচিত বেটিঙেৰে ভাৰত চেম্পিয়ন

ডুবাই, ৯ মাৰ্চঃ  ২০০০ চনৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেল৷ নাইৰোবি জিমখানা ক্লাবত অধিনায়ক সৌৰভ গাংগুলীৰ শতক আৰু শচীন তেণ্ডুলকাৰৰ অৰ্ধশতকীয় ইনিংছেৰে জয়ৰ সম্ভাৱনাৰ সৃষ্টি কৰিছিল ভাৰতে৷ কিন্তু খেলখনত ভাৰতৰ জয়ৰ আশাত চেঁচাপানী ঢালিছিল নিউজীলেণ্ডৰ ক্ৰিছ কেয়াৰ্নছে৷ গুৰুত্বপূৰ্ণ সময়ত ১০২ ৰানৰ ইনিংছ খেলি ভাৰতৰ পৰা জয় কাঢ়ি নিছিল কেয়াৰ্নছে৷ স্বপ্নভংগ হৈছিল সৌৰভ গাংগুলী বাহিনীৰ৷ ফাইনেলত চাৰি উইকেটত পৰাস্ত হৈছিল ভাৰত৷ ২৫ বছৰ পূৰ্বৰ সেই পৰাজয়ৰ মধুৰ পোতক তুলিলে ৰোহিত শৰ্মা বাাহনীয়ে৷ স্থান ডুবাই ইণ্টাৰনেশ্বনেল ষ্টেডিয়াম৷ নিউজীলেণ্ডক চাৰি উইকেটত পৰাস্ত কৰি ১২ বছৰ পাছত চেম্পিয়নছ ট্ৰফীৰ খিতাপ জয় কৰিলে টীম ইণ্ডিয়াই৷ টুৰ্নামেণ্টখনত তৃতীয়বাৰৰ বাবে চেম্পিয়নৰ সন্মান লাভ কৰিলে ভাৰতে৷ কিং বিৰাট কোহলি [ৰ] ব্যৰ্থ হ’লেও দেওবাৰৰ খেলখনত ভাৰতৰ ইনিংছত সৰ্বাধিক ৭৬ ৰানৰ বৰঙণি আগবঢ়ায় অধিনায়ক ৰোহিত শৰ্মাই৷ তেওঁৰ ৮৩ ৰানৰ ইনিংছটোত  আছিল তিনিটা ‘ছয়’, সাতটা ‘চাৰি’৷ শুভমন গীলৰ সৈতে ১৮.৪ অভাৰত প্ৰথম উইকেটত ১০৫ ৰান যোগ দি ৰোহিতে গঢ়িছিল ভাৰতৰ জয়ৰ ভেটি৷ ৫০টা বলত এটা ‘ছয়’ৰে ৩১ ৰান সংগ্ৰহ কৰে শুভমনে৷ তেওঁলোকৰ উপৰি ভাৰতৰ জয়ত মূল্যবান বৰঙণি আছিল শ্ৰেয়স আয়াৰ, অক্ষৰ পেটেল, লোকেশ ৰাহুলৰো৷ আয়াৰে ৬২টা বলত দুটা ‘ছয়’, দুটা ‘চাৰি’ৰে আয়াৰে ৪৮ আৰু পেটেলে ৪০টা বলত ২৯ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ৩৩টা বলত এটা ‘ছয়’, এটা ‘চাৰি’ৰে ৩৪ ৰানত অপৰাজিত থাকে ৰাহুল৷ এটা অভাৰ বাকী থকা অৱস্থাত ছটা উইকেট হেৰুৱাই ভাৰতে জয়ৰ লক্ষ্য অতিক্ৰম কৰে৷ নিউজীলেণ্ডৰ মিচেল ছেণ্টনাৰ, মাইকেল ব্ৰেচৱেলে দুটাকৈ উইকেট লাভ কৰাৰ বিপৰীতে এটাকৈ উইকেট পায় কাইল জেমিছন, ৰাচীন ৰবীন্দ্ৰই৷ উল্লেখ্য, ভাৰত আৰু নিউজীলেণ্ডৰ মাজৰ চেম্পিয়নছ ট্ৰফীৰ  ফাইনেলখন কেৱল জিঅ’ হটষ্টাৰত ৮৩ কোটি লোকে উপভোগ কৰিছিল, যিটো হৈছে সৰ্বকালৰ অভিলেখ৷


গ্ৰুপৰ খেলত ভাৰতৰ হাতত পৰাজয়ৰ মূল কাৰণ আছিল দলটোৰ স্পিনাৰৰ সন্মুখত নিউজীলেণ্ডৰ বেটাৰৰ ছন্দপতন৷ সেইবাবে ফাইনেলৰ পূৰ্বে ভাৰতীয় স্পিনাৰৰ আক্ৰমণ নিষ্ক্ৰিয় কৰাৰ বাবে পৃথককৈ অনুশীলন কৰিছিল নিউজীলেণ্ডে৷ কিন্তু তাৰ পাছতো দলটোৰ বেটাৰক ভাৰতীয় স্পিনাৰৰ সন্মুখত দেখা গৈছিল অসহায়৷ বৰুণ চক্ৰৱৰ্তী, কুলদীপ যাদৱ আৰু ৰবীন্দ্ৰ জাদেজাৰ সুনিয়ন্ত্ৰিত বলিঙৰ সন্মুখত ৰান সংগ্ৰহৰ বাবে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল নিউজীলেণ্ডৰ বেটাৰে৷ ইনিংছৰ আৰম্ভণিৰ জ্জ.প্ত অভাৰত ৫৭  ৰান যোগ হ’লেও  দলটোৱে পৰৱৰ্তী সময়ত ৰানৰ সেই গতি ধৰি ৰাখিব পৰা নাছিল আৰু ৫০ অভাৰত সাতটা উইকেট হেৰুৱাই দলটোৱে সংগ্ৰহ কৰে ২৫১ ৰান৷ ডেৰিল মিচেল আৰু মাইকেল ব্ৰেচৱেলৰ সৌজন্যত সন্মানজনক স্থিতিত উপনীত হয় নিউজীলেণ্ড৷ ১০১টা বলত মিচেলে সৰ্বাধিক ৬৩ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ৪০টা বলত ৫৩ ৰানত অপৰাজিত থাকে ব্ৰেচৱেল৷ তেওঁলোকৰ উপৰি নিউজীলেণ্ডৰ ইনিংছত  অ’পেনাৰ ৰাচীন ববীন্দ্ৰ  আৰু গ্লেন ফিলিপছৰ বেটৰ পৰা আহে ক্ৰমে ৩৭ আৰু ৩৪  ৰান৷ ভাৰতৰ বৰুণ চক্ৰৱৰ্তী আৰু কুলদীপ যাদৱে দুটাকৈ উইকেট লাভ কৰাৰ বিপৰীতে এটাকৈ উইকেট পায় মহম্মদ ছামি আৰু ৰবীন্দ্ৰ জাদেজাই৷