Logo
image

শুল্ক সন্ত্ৰাস ! ড’নাল্ড ট্ৰাম্পক সকীয়নি ৰামদেৱৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৯ মাৰ্চঃ  সংসাৰৰ প্ৰতি মায়া-মোহ নাথাকিলেও অৰ্থ-সম্পত্তিৰ প্ৰতি পিঠি দিয়া নাই বাবা ৰামদেৱে৷ সাধাৰণতে সংসাৰ আৰু অৰ্থ-সম্পত্তিৰ প্ৰতি বৈৰাগ  থকাসকলে আশ্ৰম পাতি লোকালয়ৰ পৰা অদূৰত থাকে আৰু তেওঁলোকক সাধু-সন্ন্যাসী অথবা বাবা হিচাপে অভিহিত কৰা হয়৷ যোগগুৰু ৰামদেৱো বাবা৷ তেওঁৰো আশ্ৰম আছে, হিমালয়ৰ পাদদেশত৷ পিছে ৰামদেৱ বাবাৰ আশ্ৰম ফাইভ ষ্টাৰ, পৰ্ণকূটীৰ নাই তাত৷ নিজে সংসাৰ নাপাতিলেও সংসাৰী অনেক লোক আছে ৰামদেৱৰ আশ্ৰমত৷ অৰ্থ-সম্পত্তিৰ প্ৰতি লালসা নথকা বুলি কোৱা ৰামদেৱৰ অৰ্থৰ প্ৰতি আগ্ৰহ আৰু আকৰ্ষণ যে আছে সেয়া তেওঁৰ ব্যৱসায়িক সাম্ৰাজ্যৰ আৰ্থিক ‘টাৰ্ণ অ’ভাৰে’ই প্ৰতীয়মান কৰে৷ সেই ব্যৱসায়ত মনোযোগী বাবা ৰামদেৱে এইবাৰ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক তেওঁৰ বাণিজ্য যুদ্ধৰ বিৰুদ্ধে সকিয়াই দিছে৷ ট্ৰাম্পে বিশ্বৰ একাংশ দেশৰ ওপৰত আৰোপ কৰা প্ৰতি-শুল্কক (ৰিচিপ্ৰ’কেল টেৰিফ) বাবা ৰামদেৱে ‘শুল্ক সন্ত্ৰাসবাদ’ বুলি অভিহিত কৰি মাৰ্কিন ৰাষ্ট্ৰপতিজনক আক্ৰমণ কৰিছে৷ এফএমচিজিৰ বৃহৎ কোম্পানী পতঞ্জলিৰ সহ-প্ৰতিষ্ঠাতা বাবা ৰামদেৱে দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক আক্ৰমণ কৰি কৈছে–‘ড’নাল্ড ট্ৰাম্পে বৌদ্ধিক ঔপনিৱেশবাদৰ এটা নতুন যুগ আৰম্ভ কৰিছে৷ ক্ষমতালৈ আহিয়েই তেওঁ ‘শুল্ক সন্ত্ৰাসবাদ’ৰ বিশ্বাভিলেখ গঢ়িছে৷ দৰিদ্ৰ আৰু উন্নয়নশীল দেশলৈ ভাবুকিৰ সৃষ্টি কৰি ট্ৰাম্পে গণতন্ত্ৰক ফালি-চিৰি পেলাইছে৷ তেওঁ কৰা কামবোৰ অৰ্থনৈতিক সন্ত্ৰাসবাদ৷ তেওঁ সমগ্ৰ বিশ্বক এটা পৃথক যুগলৈ আগবঢ়াই নিছে৷ ভাৰতে নিজাকৈ উন্নয়ন সাধন কৰা প্ৰয়োজন৷ এনে বিধবংসী শক্তিৰ বিৰুদ্ধে সকলো ভাৰতীয় ঐক্যবদ্ধ হোৱা প্ৰয়োজন৷’


উল্লেখ্য, যোৱা ২০ জানুৱাৰীত ক্ষমতাত অধিষ্ঠিত হোৱাৰ পাছত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাই আমদানি কৰা সকলো সামগ্ৰীৰ ওপৰত অধিক শুল্ক আৰোপ কৰিছে৷ প্ৰাথমিকভাৱে ট্ৰাম্পে চীন, মেক্সিকো, কানাডাক লক্ষ্য কৰি ল’লেও তেওঁ ভাৰতকো এই ক্ষেত্ৰত ৰেহাই নিদিয়ে বুলি বাৰম্বাৰ মন্তব্য কৰি আছে৷ এনে প্ৰেক্ষাপটতে বাবা ৰামদেৱে ট্ৰাম্পক সকিয়নী দিছে৷