
এপিএছচি তদন্তক লৈ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক মুনাফা আদায়ৰ অভিযোগ
‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ৯ মাৰ্চঃ ৰাজ্য জোকাৰি যোৱা অসম লোকসেৱা আয়োগৰ (এ পি এছ চি)ৰ ২০১৩ বৰ্ষৰ সংযুক্ত পৰীক্ষাৰ নামত সেই সময়ৰ আয়োগৰ অধ্যক্ষ ৰাকেশ পালে সংঘটিত কৰা কলা অধ্যায়ৰ বাবে ধনৰ বিনিময়ত বহু অযোগ্য প্ৰাৰ্থীয়ে ৰাজপত্ৰিত বিষয়াৰ চাকৰি লাভ কৰাৰ বিপৰীতে বঞ্চিত হৈছিল বহুত যোগ্য আৰু মেধাৱী প্ৰাৰ্থী৷ এই অভিযোগ কৰিছে আৰ টি আই কৰ্মী অক্ৰাম প্ৰশান্ত সিঙে৷ দেওবাৰে দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত ভাগ লৈ সিঙে আক্ষেপ প্ৰকাশ কৰি কয় যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কাৰ্য্যপালিকাৰ সিদ্ধান্ত আৰু ন্যায়পালিকাৰ সিদ্ধান্ত একেটা বুলি ভাবিছে৷ মুখ্যমন্ত্ৰীয়ে ২০১৩-২০১৪ চনত বঞ্চিত হোৱা প্ৰকৃত প্ৰাৰ্থী সকলক ন্যায় দিয়াৰ বিষয়ে কোনো কথা কোৱা নাই৷ ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী গৰাকীয়ে কেলেংকাৰীটোক কেৱল ৰাজনৈতিক ভাৱে পৰিচালনা কৰিবলৈহে চেষ্টা কৰিছে৷ চলিত বিধানসভাই যদি এই সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ নকৰে তেন্তে অসমৰ ইতিহাসত এয়া ক’লা অধ্যায় হৈ থাকিব৷ আনফালে এনে বিয়াগোম কেলেংকাৰী সন্দৰ্ভত কোনো দল- সংগঠন আৰু ব্যক্তিয়ে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দাবী নজনোৱা কথাটো দুৰ্ভাগ্যজনক৷ অথচ চুবুৰীয়া ৰাজ্য মণিপুৰত মণিপুৰ লোকসেৱা আয়োগৰ সংযুক্ত পৰীক্ষাত এনে ধৰণৰ কেলেংকাৰীৰ অভিযোগ উত্থাপিত হোৱাত মণিপুৰ উচ্চ ন্যায়ালয় আৰু পৰৱৰ্তী সময়ত দেশৰ উচ্চতম ন্যায়ালয়ে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছিল৷
সেই অনুসৰি মণিপুৰত পুনৰ সংযুক্ত পৰীক্ষা অনুষ্ঠিত কৰি মেধাৰ ভিত্তিত নতুনকৈ নিযুক্তি দিয়া হৈছিল৷ কিন্তু মণিপুৰৰ আদৰ্শ অনুসৰণ কৰি অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ২০১৩-১৪ বৰ্ষৰ বঞ্চিত মেধাৱী প্ৰাৰ্থী সকলক ন্যায় দিয়াৰ কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ৰায়দানত স্পষ্ট ভাৱে উল্লেখ আছিল যে ২০১৩-২০১৪ বৰ্ষৰ এ পি এছ চি পৰীক্ষা বাতিল কৰক৷ কিন্তু তেতিয়া মেধাৰ ভিত্তিত চাকৰি লাভ কৰা প্ৰাৰ্থী সকলে পুনৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব৷ যদিহে পুনৰ উত্তীৰ্ণ হয় তেন্তে ধাৰাবাহিক ভাৱে তেওঁলোকে চাকৰি কৰি যাব পাৰিব৷ কিন্তু অসমৰ বিজেপি চৰকাৰৰ নতুনকৈ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰা কিম্বা তদন্ত আয়োগ গঠন কৰিবলৈ কোনো সদিচ্ছা নাছিল৷ কেৱল উচ্ছ ন্যায়ালয়ৰ নিৰ্দেশত তদন্ত আয়োগ গঠন কৰিবলৈ বাধ্য হৈছিল৷ সংবিধানৰ ৩১৬ অনুচ্ছেদৰ মতে মুখ্যমন্ত্ৰীয়ে নিজেই এ পি এছ চিৰ অধ্যক্ষ নিযুক্ত কৰিব নোৱাৰে৷ মন্ত্ৰী পৰিষদৰ বিবেচনা মৰ্মেহে নিযুক্তি দিয়া হয় আয়োগৰ অধ্যক্ষক৷ ইয়াৰ বাবে ৰাজ্যপালৰ অনুমতিৰ প্ৰয়োজন হয়৷ তেনেদৰে প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনকে শেষ বুলি নাভাবি আৰু আনুষংগিক বিষয়বোৰ সামৰি বিচাৰ কৰিব লাগে৷ চলিত বিধানসভাৰ অধিৱেশনত এ পি এছ চিৰ কেলেংকাৰীৰ বিৰুদ্ধে এটা সৰ্বসন্মত সিদ্ধান্ত হব লাগে৷ নহলে এই বিধানসভা অধিৱেশন ক’লা অধ্যায় হিচাপে বিবেচিত হ’ব৷ আমি মণিপুৰৰ দৰে ২০১৩-১৪ ৰ এ পি এছ চিৰ পৰীক্ষা পুনৰ অনুষ্ঠিত কৰিবলৈ দাবী জনাইছো৷ আয়োগৰ অধ্যক্ষ নিযুক্তি দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীয়ে একক ভাৱে নলৈ মন্ত্ৰী পৰিষদে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে৷