
ডিটিঅ’ নহয়, ড্ৰাইভিং স্কুলেহে দিব অনুজ্ঞাপত্ৰ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ মাৰ্চঃ ‘এতিয়াৰে পৰা জিলা পৰিবহণ বিষয়া বা ডিটিঅ’ৰ কাৰ্যালয়ত নাপাব যান-বাহন চালকৰ অনুজ্ঞাপত্ৰ৷ ইয়াৰ পৰিৱৰ্তে ড্ৰাইভিং প্ৰতিষ্ঠানে প্ৰদান কৰিব যান-বাহন চালকৰ অনুজ্ঞাপত্ৰ৷ ৰাজ্যৰ ১২৬ টা সমষ্টিতে একোখনকৈ নায্যতাপ্ৰাপ্ত ড্ৰাইভিং প্ৰতিষ্ঠান স্থাপন হ’ব৷ এনে প্ৰতিষ্ঠানত এটোমেটেড ড্ৰাইভিং ট্ৰেক থাকিব৷’–এই ঘোষণা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ দেওবাৰে অসম লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহৰ বিষয়ে বাখ্যা কৰি ড॰ শৰ্মাই কয়–‘স্থানীয় নিবনুৱা যিকোনো যুৱকে এনে ড্ৰাইভিং প্ৰতিষ্ঠান স্থাপন কৰিব পাৰিব৷ তদুপৰি এতিয়াৰে পৰা যধে মধে শৈক্ষিক কোচিং প্ৰতিষ্ঠান খুলিব নোৱাৰিব৷ কচিং প্ৰতিষ্ঠান নিয়ন্ত্ৰণৰ বাবে চলিত বিধানসভাৰ অধিৱেশনতে চৰকাৰে আনিব আছাম কোচিং ইনষ্টিটিউট ৰেগুলেটৰী বিধেয়ক৷ একেদৰে পশুপালন আৰু ফিচাৰী বিশ্ববিদ্যালয়ৰ অসুবিধা দূৰ কৰিবৰ বাবে অনা হ’ব আন এক সংশোধনী বিধেয়ক৷ কোকৰাঝাৰ বিশ্ববিদ্যালয় এক্টৰো সংশোধনী অনা হ’ব৷
কেবিনেটে কামৰূপ আৰু মৰিগাঁৱত দুটা মেগা উদ্যোগিক পাৰ্ক স্থাপনৰ ভূমিৰো আৱণ্টন দিয়ে৷ আন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ দৰেই শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে এতিয়াৰে পৰা নাৰ্চিং, ডেণ্টেল বা ফাৰ্মাচী প্ৰতিষ্ঠান খোলাৰ বাবে গৃহ বিভাগৰ পৰা ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰমাণ পত্ৰ ল’ব লাগিব৷ শিক্ষাক ধৰ্মান্তৰকৰণেৰে জড়িত কৰিব নোৱাৰিব৷ এতিয়াৰে পৰা অসমত মেডিকেল কলেজ সমূহৰ প্ৰৱেশ পৰীক্ষাৰ পৰীক্ষাকেন্দ্ৰসমূহ কেৱল চৰকাৰী শিক্ষানুষ্ঠানতহে থাকিব৷ এ ডি আৰ ইৰ দৰে এই পৰীক্ষা অনুষ্ঠিত হ’ব আৰু এছ পি, ডি চিৰ নিৰীক্ষণত পৰীক্ষা অনুষ্ঠিত হ’ব৷ বায়মেট্ৰিকৰ জৰিয়তেহে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব পাৰিব৷ ৰাজ্যৰ মেডিকেলসমূহত ছিট পোৱা বহু ছাত্ৰৰ শৈক্ষিক আৰু ব্যৱহাৰিক জ্ঞানৰ ওপৰত সন্দেহ হোৱাত সমগ্ৰ বিষয়টো এছ বিক চাবলৈ দিয়া হৈছিল৷ দেখা গৈছিল যে হোজাই, হাইলাকান্দিৰ ব্যক্তিগত স্কুলটো মেডিকেলৰ প্ৰৱেশ পৰীক্ষা কেন্দ্ৰ আছিল৷ সমগ্ৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰ তথা নেচনেল টেষ্টিং এজেঞ্চিক জনোৱা হ’ব৷ আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে মাজুলী আৰু শিৱসাগৰক দুটা পৃথক শাখাত অগ্ৰাধিকাৰ ভিত্তিত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মনোনয়নৰ বাবে প্ৰেৰণ কৰিব৷ ইয়াৰ বাবে তথ্যপাতি প্ৰস্তুতিৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় খৰচ ব্যয় কৰিব৷’