
বজালীৰ দুগ্ধ বিপ্লৱৰ অন্যতম বাটকটীয়া ভাৰত কলিতালৈ 'অসম গৌৰৱ বঁটা'
'আমাৰ অসম'ৰ বজালীৰ প্ৰতিবেদকঃ বজালী অঞ্চলত দুগ্ধ পালনৰ ক্ষেত্ৰত অনবদ্য বৰঙণি আগবঢ়োৱা নিত্যানন্দৰ নিবাসী ভাৰত কলিতালৈ অসম চৰকাৰে ঘোষণা কৰিছে 'অসম গৌৰৱ বঁটা' ৷ গো-পালন আৰু গাখীৰ উৎপাদনেৰে নিজে স্বাৱলম্বী হোৱাৰ লগতে অঞ্চলটোৰ সহস্ৰাধিক নিবনুৱাক কৰ্মসংস্থাপনৰ এটি সুন্দৰ নিদৰ্শন দাঙি ধৰিছিল অৱসৰপ্ৰাপ্ত পশু চিকিৎসা বিভাগৰ কৰ্মচাৰী ভাৰত কলিতাই৷ তেওঁৰ আদৰ্শৰে বাট বুলি আজি বজালীত শ্বেত বিপ্লৱ সূচনা হৈছে৷ আজিৰ পৰা প্ৰায় দুটা দশক পূৰ্বে ২০০২ চনতে বজালীত গো পালন আৰু গাখীৰ বিক্ৰী বাবে প্ৰতিষ্ঠা কৰিছিল কামধেনু দুগ্ধ উৎপাদক সমবায় সমিতি ৷ নানা ঘাত প্ৰতিঘাতৰ মাজেৰে নিৰৱচ্ছিন্ন ভাবে লাগি তেওঁ নিজৰ লগতে আন দহ জনক কৰ্মসংস্থাপন দিব পাৰিছিল৷ এটা সময় আছিল য'ত গাখীৰ বিক্ৰীৰ বাবে বজালীত বজাৰৰ অভাৱ আছিল৷ কেতিয়াবা বিক্ৰী নহোৱা গাখীৰ পেলাই দিব লগা অৱস্থাৰো সৃষ্টি হৈছিল৷ এই নিৰাশৰ সময়তো থমকি ৰোৱা নাছিল অক্লান্ত কৰ্মী ভাৰত কলিতাই৷ পিছলৈ দুগ্ধজাত সমগ্ৰী ক্ৰয় বাবে পূৰবী নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠান কোম্পানী এটাৰ লগত চুক্তিবদ্ধ হয় আৰু বজালী গো-পালক সকলে গাখীৰ বিক্ৰীৰ বাবে এখন ভাল বজাৰ লাভ কৰে৷ এতিয়া বজালীত স্থাপন হৈছে কেবাখনো সমবায় সমিতি৷ যাৰ বাবে এতিয়া বজালীত প্ৰচুৰ পৰিমাণে গাখীৰ উৎপাদন হোৱাৰ লগতে উৎপাদিত গাখীৰবোৰ আন ঠাইলৈ ৰপ্তানি কৰা হয়৷ এতিয়া বজালীৰ গাখীৰ নিবলৈ প্ৰতিদিনে কেইবাখনো বৃহৎ টেঙ্কাৰ পাঠশালা, নিত্যানন্দ বাঘমাৰা আদিকে ধৰি বজালীৰ বিভিন্ন ঠাইলৈ আহে৷
এতিয়া এই দুগ্ধজাত সমগ্ৰীৰ উৎপাদনত জড়িত হৈ পৰিছে বজালীৰ বহুতো নিবনুৱা যুৱক-যুৱতী৷ বজালীত দুগ্ধ বিপ্লৱৰ সূচনা কৰা ভাৰত কলিতালৈ অসম চৰকাৰে আগবঢ়োৱা অসম গৌৰৱ বঁটাৰ বাবে স্থানীয় বিধায়ক তথা জেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বজালী জিলা আয়ুক্ত মৃদুল কুমাৰ দাসকে ধৰি বজালীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ভাৰত কলিতাক অভিনন্দন জ্ঞাপন কৰিছে৷ ইতিমধ্যে কলিতাৰ বাসগৃহত তেওঁক অভিনন্দন জনোৱাৰ বাবে এক উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি হৈছে৷ উল্লেখ্য যে কলিতাৰ নিৰৱচ্ছিন্ন কামৰ কৃতজ্ঞতাৰ চিনস্বৰূপে ইতিমধ্যে ডাইন টাউন ইউনিভাৰ্চিটিয়ে ২০১১ চনত দিল্লীত কৃষক কলাকাৰ ৰাষ্ট্ৰীয় বঁটা, ২০২৪ চনত দিল্লীত গোপাল ৰত্ন বঁটা লাভ কৰিছে৷ ৭৬ বছৰীয়া ভাৰত কলিতাই অসম চৰকাৰে প্ৰদান কৰিব লগা অসম গৌৰৱ বঁটাৰ বাবে নিৰ্বাচিত হোৱাত সুখী বুলি নিজৰ অনুভৱ ব্যক্ত কৰি কয়, এতিয়া তেওঁ দৈনিক ৬০ লিটাৰ গাখীৰ উৎপাদন কৰে আৰু সমবায় ফালৰ পৰা ৭৫০০ লিটাৰ গাখীৰ বিক্ৰী কৰে বুলি প্ৰকাশ কৰে৷ বজালীৰ পশু চিকিৎসা বিভাগত বিভিন্ন অসুবিধাই বিৰাজ কৰা এখন উন্নত পশু চিকিৎসালয় অভাৱত হাহাকাৰ কৰা গো-পালক সকলৰ সমস্যা সমূহৰ ক্ষেত্ৰত চৰকাৰে সম্পূৰ্ণ সহায়-সহযোগ কৰিলে এদিন দুগ্ধ উৎপাদনে বজালীৰ গ্ৰাম্য অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে৷ সম্প্ৰতি বজালীত প্ৰতিদিনে প্ৰায় ৬০ হাজাৰ লিটাৰ গাখীৰ উৎপাদন কৰাৰ উপৰিও নিজৰ খেতি পথাৰত বিভিন্ন শস্যৰ খেতি কৰাৰ লগতে পশুধনৰ ঘাঁহ, গোম আদিৰ খেতি কৰি এক ব্যস্তাপূৰ্ণ জীৱন অতিবাহিত কৰিছে।