
'হাতী বন্ধু'লৈ অসম গৌৰৱ বঁটা
'আমাৰ অসম'ৰ আমিনগাঁৱৰ প্ৰতিবেদকঃ অসম চৰকাৰে দেওবাৰে ঘোষণা কৰা অসম অসামৰিক বঁটা সমূহৰ ভিতৰত অসম গৌৰৱ বঁটাৰে সন্মানিত হ'ল 'হাতী বন্ধু' নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটো। হাতীৰ কল্যাণৰ বাবে যোৱা ৮ বছৰ ধৰি নীৰৱে সেৱা আগবঢ়াই অহা সংগঠনটিয়ে এই খবৰ লাভ কৰাৰ পিছত উৎসাহিত হৈ পৰিছে সংগঠনটোৰ প্ৰতিজন কৰ্মকৰ্তা। উল্লেখ্য, সংগঠনটিৰ আঁৰত যি গৰাকী লোকে সেনাপতিৰ দৰে সেৱা আগবঢ়াই আছে সেই জন বিশিষ্ট সমাজকৰ্মী প্ৰদীপ কুমাৰ ভূঞা। চৰকাৰৰ এই ঘোষণাই স্বাভাৱিকতে তেওঁকো উৎসাহিত কৰিছে। তেওঁ উল্লেখ কৰিছে যে ৰাজ্যত দ্ৰুত গতিত কমি অহা হাতীক আমি সকলোৱে মৰম কৰিব লাগিব। উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা জানুৱাৰী মাহত প্ৰচাৰ হোৱা তেওঁৰ 'মন কী বাত' অনুষ্ঠানত সংগঠনটিক উচ্চ প্ৰশংসা কৰিছিল। বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰি প্ৰধানমন্ত্ৰীয়ে কৰা উচ্চ প্ৰশংসা সম্পৰ্কত নিজৰ ফেচবুক পেজত কৃতজ্ঞতা প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য, যিটো সময়ত হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা বুলি প্ৰায়ে বাতৰি প্ৰকাশ হৈ আহিছে সেই একে সময়তে হাতী আৰু মানুহৰ মাজত মধুৰ সম্পৰ্ক স্থাপন কৰিবলৈ 'হাতী বন্ধু' নামেৰে এটা স্বেচ্ছাসেৱী সংগঠনে যোৱা প্ৰায় ৮ বছৰ ধৰি নীৰৱে কাম কৰি আহিছে।
শেহতীয়াকৈ 'হাতী বন্ধু' সম্পৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা উচ্চ প্ৰশংসাৰ পিছত সংগঠনটোৰ জন্মদাতা উত্তৰ গুৱাহাটী নিবাসী প্ৰদীপ কুমাৰ ভূঞা আৰু তেওঁৰ সহকৰ্মী সকল উৎসাহিত হৈ পৰিছিল। তেওঁলোকে কৈছে, প্ৰধানমন্ত্ৰীৰ প্ৰশংসাত আমি গৌৰৱ অনুভৱ কৰিছোঁ। উল্লেখ্য, ২০১৭ চনতে আৰম্ভ কৰা 'হাতী বন্ধু' সংগঠনটোৰ দ্বাৰা এতিয়ালৈকে প্ৰায় ৬০০ হাতী উপকৃত হোৱাৰ লগতে ১২০ খন গাঁৱৰ ৰাইজ উপকৃত হোৱা বুলি উল্লেখ কৰিছে সংগঠনটোৰ জন্মদাতা প্ৰদীপ কুমাৰ ভূঞাই। তেওঁ লগতে কয় যে, ২০১৮ চনত তেওঁলোকে নগাঁৱৰ ৰংহাং গাঁৱৰ ৰাইজক লগত লৈ হাতীৰ বাবে কৰা ধান খেতি আৰু ঘাঁহ খেতিয়ে হাতী আৰু মানুহৰ সংঘাত আঁতৰাই বন্ধুত্ব স্থাপন কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান অসমত মাত্ৰ ৫০০০ মান হাতীহে আছে বুলি উল্লেখ কৰি প্ৰকৃতি প্ৰেমী ভূঞাই কয় যে স্বাধীনতাৰ পূৰ্বে অসমত হাতীৰ সংখ্যা আছিল এক লাখতকৈও অধিক। অসমত হাতীৰ সংখ্যা দ্ৰুতগতিত কমি অহাৰ বাবে দুখ প্ৰকাশ কৰি নব্বৈৰ দেওনা পাৰ কৰা ভূঞাই পুনৰ কয় যে হাতী মানুহৰ সংঘাত হ্ৰাস কৰিবলৈ হ'লে হাতীয়ে নষ্ট কৰা খেতিৰ ক্ষতিপূৰণ সোনকালে গৃহস্থক দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে চৰকাৰে। একেসময়তে হাতীক মৰম কৰিলে হাতীয়ে মৰমৰ প্ৰত্যুত্তৰ দিয়ে বুলি সদৰি কৰে 'হাতী বন্ধু'ৰ পৰিয়ালবৰ্গই।