Logo
image

হিতাধিকাৰীৰ জয়জয়কাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ মাৰ্চঃ  সন্মুখত ২০২৬ৰ বিধানসভাৰ নিৰ্বাচন৷ বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যাশিত ধৰণেই সোমবাৰে বিধানসভাত দাতাকৰ্ণৰ ৰূপত দেখা গ’ল বিত্তমন্ত্ৰী অজন্তা নেওগক৷ হাতখুলি তেওঁ ১০ হাজাৰ কোটিৰো অধিক টকাৰ উপহাৰ আঁচনি ঘোষণা কৰিলে৷ বিত্তমন্ত্ৰী অজন্তা নেওগে সোমবাৰে বিধানসভাত দাখিল কৰা বাজেটত পৰিদৃশ্যমান হৈছে হিতাধিকাৰীৰ জয়জয়কাৰ অৱস্থা৷ নাৰী বন্দনাৰে আৰম্ভ কৰা বাজেট ভাষণ ভূপেন হাজৰিকাৰ কালজয়ী গীতেৰে শেষ কৰিলে বিত্তমন্ত্ৰী নেওগে৷ মুঠ ১,৫৫,৪২৮ কোটি টকাৰ বাজেট দাখিল কৰিলে অজন্তা নেওগে৷ বিত্তমন্ত্ৰীয়ে উল্লেখ কৰা মতে বিভিন্ন উৎসৰ পৰা আহিবলগীয়া ধনৰ ভিতৰত ৩৬,১৮৫ কোটি টকা আহিব বিবিধ ঋণৰ পৰা৷ সোমবাৰে বিধানসভাত দাখিল কৰা হিমন্তবিশ্ব শৰ্মা চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেটত ৰাজ্যৰ চৌদিশে হিতাধিকাৰীলৈ ফ্লাড গেটৰ দৰে বোৱাই দিয়া হৈছে ধনৰ বন্যা৷ মহিলা, যুৱক, কলেজীয়া ছাত্ৰ, চাহ বাগিচাৰ শ্ৰমিক, বৃদ্ধ, বিধৱা– সকলোৰে বাবেই অজন্তাৰ বাজেটত থাকিল মোনা ভৰাই ইটৰো পিছত সিটো মনমোহিনী উপহাৰৰ টোপোলা৷ এক কথাত ক’বলৈ গ’লে এই বাজেট হ’ল প্ৰতিশ্ৰুতিৰে ভৰা নিৰ্বাচনমুখী বাজেট৷ বাজেট ভাষণৰ আৰম্ভণিতে বিত্তমন্ত্ৰী অজন্তা নেওগে কয়– ৰাজ্যৰ ৭০ লাখতকৈ অধিক পৰিয়ালক পৰিয়াল পৰিচয়-পত্ৰ প্ৰদানেৰে ২.৪৫ কোটি ব্যক্তিক গৰীৱ কল্যাণ যোজনাৰ আওতালৈ আনিবলৈ সক্ষম হৈছোঁ৷ বাজেট ভাষণত অৰুণোদয় ৩.ৰৰ প্ৰসংগ বিশেষভাৱে উল্লেখ কৰি বিত্তমন্ত্ৰী নেওগে কয়– ২০২৫-২৬ বিত্তীয় বৰ্ষৰ অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা ৩৭.২ লাখলৈ বৃদ্ধি কৰা হ’ব৷ ইয়াৰ বাবে ৫,০০০ কোটি টকা আছুতীয়াকৈ ৰখাৰ প্ৰস্তাৱ ল’লোঁ৷ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত ৰাজ্যৰ ৩০ লাখ আত্মসহায়ক গোটৰ সদস্যক প্ৰাৰম্ভিক পৰ্যায়ত ১০ হাজাৰকৈ টকা আগবঢ়োৱা হ’ব৷ ইয়াৰ বাবে বাজেটত ৩,০৩৮ কোটি টকা ৰখা হৈছে৷ নিযুত মইনা আঁচনিৰ অধীনত ১০ মাহৰ বাবে প্ৰতিমাহে একাদশ শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে ১,০০০ টকা, স্নাতক প্ৰথমবৰ্ষৰ ছাত্ৰীসকলৰ বাবে ১,২৫০ টকা, স্নাতকোত্তৰ তথা বিএডৰ প্ৰথমবৰ্ষৰ ছাত্ৰীলৈ ২,৫০০ টকাকৈ প্ৰদান কৰা হ’ব৷ মুঠ ৪.৩ লাখ ছাত্ৰীক এই আঁচনিয়ে সামৰি ল’ব আৰু ইয়াৰ বাবে ৩৯১ কোটি টকাৰ আবণ্টন দিয়া হৈছে৷ তদুপৰি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ অধীনত অসমৰ চৰকাৰী বিশ্ববিদ্যাল-মহাবিদ্যালয়ৰ পৰা ২০২৫ চনত উত্তীৰ্ণ স্নাতকলৈ এবছৰৰ বাবে প্ৰতিমাহে ২,৫০০ টকাকৈ প্ৰদান কৰা হ’ব৷ জিলা আয়ুক্তৰ পৰামৰ্শমৰ্মে ২,৫০০ টকাৰ পৰিৱৰ্তে এককালীন বিত্তীয় সাহাৰ্য হিচাপে ২৫,০০০ টকা নিবনুৱাক প্ৰদান কৰা হ’ব৷ তদুপৰি ৰাজ্যিক আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গৱেষক শিক্ষাৰ্থীৰ বাবে লিংগ নিৰ্বিশেষে ২৫,০০০ টকা আৰু দিবাংগ গৱেষক শিক্ষাৰ্থীৰ বাবে ৫০,০০০ টকাৰ এককালীন সাহাৰ্য আগবঢ়োৱা হ’ব৷ আঁচনিখনৰ বাবে ২৫ কোটি টকা ধাৰ্য কৰা হৈছে৷ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত নতুনকৈ ৭৫,০০০ হিতাধিকাৰীক সামৰি ল’ব৷ ইয়াৰে প্ৰতিজনে ২ লাখকৈ আৰ্থিক সাহায্য লাভ কৰিব৷ যিসকলে বৃত্তিগত ডিগ্ৰী সম্পূৰ্ণ কৰিছে তেওঁলোকে ৫ লাখ টকাকৈ লাভ কৰিব৷ আঁচনিখনত ব্যয় হ’ব ৭৭৩ কোটি টকা৷ বিত্তমন্ত্ৰীয়ে বাজেট ভাষণত উল্লেখ কৰে যে ২০২৫ চনৰ জানুৱাৰী মাহলৈকে স্বচ্ছ আৰু নিকা নিযুক্তিৰে মুঠ ১,১৯,৮৯১গৰাকী যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিয়া হৈছে৷ ইয়াৰ আগতে পুনৰ ৪০,৬৯৭টা পদৰ বিজ্ঞাপন নতুনকৈ প্ৰকাশ কৰা হৈছে৷ ফলত আমাৰ চৰকাৰে প্ৰদান কৰা মুঠ চাকৰিৰ পৰিমাণ হ’বগৈ ১,৬০৫৯৬টা৷ নতুনকৈ নিযুক্তৰ বিজ্ঞাপন ওলোৱা পদসমূহৰ ভিতৰত আছে– তৃতীয় বৰ্গত ৮,৬৫১টা, চতুৰ্থ বৰ্গত ৫,০০০টা, অসম লোকসেৱা আয়োগত ১,২০৮টা, প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত ১০,০৬০টা, মাধ্যমিক শিক্ষা সঞ্চালকালয়ত ৯,৭১৭টা, অসম অভিযন্তা সেৱাত ৩৪৩টা, চিকিৎসা আৰু স্বাস্থ্যত ৪৯০টা আৰু আৰক্ষীত আছে ৬,২৩৯টা পদ৷ বাজেটত খাদ্য সুৰক্ষাৰ সকলো ৰেচনকাৰ্ডধাৰীলৈ ৰাজসাহায্যযুক্ত হাৰত মাহত এক কিলো মচুৰ দাইল, এক কিলো চেনী আৰু এক কিলোকৈ নিমখ যোগানৰ প্ৰস্তাৱ দিয়া হৈছে৷ ঘৰত প্তজনতকৈ সদস্য অধিক হ’লে লাভ কৰিব আৰু এক কেজি মচুৰ দাইল৷ প্ৰতি কেজি মচুক দাইল ২৫ টকাত, প্ৰতি কেজি চেনী ২০ টকাত আৰু প্ৰতি কিলো নিমখ ১০টকাত উপলব্ধ হ’ব৷ ইয়াৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে ৩৭০ কোটি টকা৷ একেদৰে ৰাজ্যৰ ৬.৯ লাখ চাহ শ্ৰমিকৰ পৰিয়াললৈ এককালীন বিত্তীয় সাহাৰ্য হিচাপে ৫,০০০ টকাকৈ আগবঢ়োৱা হ’ব৷ ইয়াৰ বাবে ব্যয় কৰা হ’ব ৩৪২ কোটি টকা৷ ২০০৫ চনৰ ৰ ফেব্ৰুৱাৰীৰ পূৰ্বে নিযুক্তি পোৱা ৰাজ্যিক কৰ্মচাৰীসকলে পুৰণি পেঞ্চনৰ সুবিধা লাভ কৰিব৷ নতুন পেঞ্চন আঁচনিয়ে সামৰি লোৱা সকলে ইউপিএছৰ সুবিধা লাভ কৰিব৷ আশাকৰ্মী, ৰান্ধনী, অংগনবাড়ী কৰ্মী-সহায়িকাক এককালীন সাহাৰ্য প্ৰদান কৰা হ’ব৷ তেওঁলোকৰ চৰকাৰী পাৰিতোষিক-ভাট্টাৰ সংশোধন কৰা হ’ব৷ মাষ্টাৰৰোল আৰু ৱৰ্ক-চাৰ্জড কৰ্মচাৰীসকলে ৫০ শতাংশ ঘৰ ভাৰা ভাট্টা লাভ কৰিব৷ প্ৰধানমন্ত্ৰীৰ সূৰ্য ঘৰ আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীক প্ৰতি কিলোৱাটত ২,০০০ টকাকৈ সৰ্বোচচ ৩ কিলোৱাটত ৬,০০০ টকাৰ ৰাজসাহায্য প্ৰদান কৰা হ’ব৷ সৃষ্টিশীল, শৈক্ষিক লেখাত বৰঙণি আগবঢ়োৱা এক হাজাৰ যুৱ লেখকলৈ ২৫,০০০ টকাৰ এককালীন সাহাৰ্য আগবঢ়োৱা হ’ব৷


জিলা সদৰত গ্ৰন্থমেলা অনুষ্ঠিত কৰিবৰ বাবে ৫ লাখ আৰু সম-জিলা সদৰৰ বাবে ২.৫ লাখ টকাৰ বিত্তীয় সাহাৰ্য আগবঢ়োৱা হ’ব৷ চৰকাৰী কৰ্মচাৰীক গ্ৰন্থ ক্ৰয়ৰ বাবে এক হাজাৰকৈ অতিৰিক্ত এককালীন অনুদান আগবঢ়োৱা হ’ব৷ বিস্তাৰিত অসম দৰ্শন আঁচনিৰ অধীনত ৰাজ্যৰ নামঘৰ আৰু আন ধৰ্মীয় অনুষ্ঠানলৈ ২৫ হাজাৰকৈ টকা আগবঢ়োৱা হ’ব৷ ইয়াৰ বাবে ব্যয় কৰা হ’ব ৪২০ কোটিটকা৷ সুলভ বিদ্যুৎ আঁচনিৰ অধীনত প্ৰতি মাহে ১২০ ইউনিট খৰচ কৰা জীৱনধাৰা আৰু ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত ৰ টকাকৈ বিদ্যুতৰ মূল্য হ্ৰাস কৰা হ’ব৷ মুঠ ৪৮ লাখ লোক ইয়াৰ দ্বাৰা উপকৃত হ’ব৷ ৰাজ্যৰ ৫০০টা কৃষক উৎপাদক সংস্থাক ১০ লাখকৈ টকা প্ৰদান কৰা হ’ব৷ আনহাতে, বাজেটত আন্তঃগাঁথনিৰ উন্নয়ন ত্বৰান্বিত হোৱাৰ কথা ঘোষণা কৰি বিত্তমন্ত্ৰীয়ে কয়– অসম মালাৰ অধীনত প্ৰতি জিলাত ২৫ কিলোমিটাৰ পথৰ নিৰ্মাণ হ’ব৷ শিলচৰত এখন উৰণসেতু নিৰ্মাণ হ’ব৷ অসমৰ দ্বিতীয়খন ৰাজধানী চহৰ হিচাপে ডিব্ৰুগড়ক গঢ় দিবৰ বাবে ডিব্ৰুগড়ত এটা নতুন বিধানসভা ভৱন আৰু বিধায়ক হোষ্টেল নিৰ্মাণ হ’ব৷ সমজিলাসমূহত শাসন ব্যৱস্থা উন্নত কৰিবৰ বাবে ১৭টা স্থায়ী কাৰ্যালয় গৃহ নিৰ্মাণ কৰা হ’ব৷ দৰঙত এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ’ব৷ কাৰ্বি আংলঙত এখন কৃষি মহাবিদ্যালয় আৰু এখন পশু চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হ’ব৷ শ্ৰীভূমিৰ পাথাৰকান্দিত এখন কৃষি মহাবিদ্যালয় স্থাপন কৰা হ’ব৷ দশম অসম বেটেলিয়নক গুৱাহাটীৰ পৰা সোণাপুৰৰ কচুতলীলৈ স্থানান্তৰিত কৰা হ’ব৷ অসম মালাৰ অধীনত প্ৰতি সমষ্টিত ২৫ কিঃমিঃ পথে নিৰ্মাণৰ বাবে ২৬২৫ কোটি টকা ধাৰ্য কৰা হৈছে৷ ডিব্ৰুগড়ৰ বাবে ২০০ কোটি, দৰঙত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ ৫৮২ কোটি, কনকলতা বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৪০০ কোটি, ৰংমহলত উচ্ছ ন্যায়ালয় ভৱন নিৰ্মাণৰ বাবে ৪০৫ কোটি, নেহৰু ষ্টেডিয়ামত ফিফা কেন্দ্ৰ স্থাপনৰ বাবে ৬৭৫ কোটি, কাৰ্বি আংলঙত কৃষি মহাবিদ্যালয় স্থাপনৰ বাবে ২০৫ কোটি, একেখন জিলাত পশু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে ৩৭৪ কোটি, এখন সৈনিক স্কুল স্থাপনৰ বাবে ৩৭৫ কোটি, সমজিলাৰ ১৭টা স্থায়ী কাৰ্যালয় ভৱন নিৰ্মাণৰ বাবে ৩৩১ কোটি, কোকৰাঝাৰত অত্যাধুনিক ক্ৰীড়া ষ্টেডিয়াম নিৰ্মাণৰ বাবে ১০৮ কোটি, শিলচৰত উৰণ সেতু নিৰ্মাণৰ বাবে ৭০০ কোটি, গোলাঘাটৰ পাণবাৰীত প্ৰাকৃতিক বুৰঞ্জী সংগ্ৰহালয় নিৰ্মাণৰ বাবে ৫০০ কোটি ধাৰ্য কৰা হৈছে৷ উল্লেখ্য, বিত্তমন্ত্ৰী অজন্তা নেওগে আজি নাৰী বন্দনাৰে বাজেটভাষণ আৰম্ভ কৰি সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ গীতেৰে ভাষণৰ সামৰণি মাৰে৷