Logo
image

নাগালেণ্ড-মেঘালয়ৰ দৰে অসমতো হ’ব মিউজিক কনচাৰ্ট

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ মাৰ্চঃ  বিত্ত মন্ত্ৰী অজন্তা নেওগে আজি দাখিল কৰা বাজেটত ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ সংকল্পৰ কথা কোৱা হৈছে৷ বাজেটত ভাষণত বিত্ত মন্ত্ৰীয়ে উল্লেখ কৰে যে ডিব্ৰুগড়ত ২০০ কোটি টকা ব্যয় সাপেক্ষে এটা নতুন বিধানসভা ভৱন আৰু বিধায়ক হোষ্টেল নিৰ্মাণ কৰা হ’ব৷ একেদৰে অজন্তাৰ বাজেটতত ডিব্ৰুগড়, গোলাঘাট, শিলচৰ, জাগীৰোড, পলাশবাৰী, তেজপুৰ আৰু নলবাৰীত উদ্যোগিক উদ্যান স্থাপনৰ বাবে ৫০০ কোটি ধৰা হৈছে৷ জাগীৰোড আৰু পলাশবাৰীত নতুন বৃহৎ টাউনশ্বিপ স্থাপনৰ বাবে ৮,০০০ কোটি ধাৰ্য কৰা হৈছে৷ বাজেটত বন্যপ্ৰাণীৰ আক্ৰমণত নিহত ব্যক্তিৰ পৰিয়াললৈ এককালীন সাহায্য চ্ছ্ৰ লাখৰ পৰা প্ত লাখলৈ বৃদ্ধি কৰা হৈছে৷ শস্য নষ্ট হোৱাৰ ক্ষতিপূৰণ ৭,৫০০ৰ পৰা ৮,০০০ লৈ বৃদ্ধি কৰা হৈছে৷ কাজিৰঙাত পুৰণি জিপছি আঁতৰ কৰি বৈদ্যুতিক বাহন চলোৱাৰ বাবে ২০ কোটি ধাৰ্য কৰা হৈছে৷ কলাক্ষেত্ৰত নথি সংৰক্ষণৰ বাবে ১০০ কোটি ধাৰ্য কৰা হৈছে৷ লক্ষ্ণীনাথ বেজবৰুৱা ভৱন আৰু বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ বাবে ৭০০ কোটি ধাৰ্য কৰি ২৮০ কোটি আৱণ্টন দিছে৷ জাতি জনগোষ্ঠীৰ নৃগোষ্টীয় সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ বাবে ১০০ কোটি আৱণ্টন দিছে৷ আজান পীৰৰ জিকিৰ জাৰি বিভিন্ন থলুৱা ভাষালৈ অনুবাদ কৰাৰ কথা কোৱা হৈছে৷ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ বাবে ৫০ কোটি, কোচ বিহাৰৰ মধুপুৰ সত্ৰ সংৰক্ষণৰ বাবে ৫০ কোটিৰ অনুদান ঘোষণা কৰা হৈছে৷ সাহিত্য অকাডেমীৰ আৰ্হিত অসম সমাজবিজ্ঞান পৰিষদ গঠনৰ কথা কোৱা হৈছে৷ আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থালৈ ৫০ কোটিৰ অনুদান ঘোষণা কৰা হৈছে৷ অষ্টম শ্ৰেণীলৈ ইতিহাস বিষয় বাধ্যতামূলক কৰি অসমীয়া মানুহৰ ইতিহাস প্ৰকাশ কৰাৰ কথা কোৱা হৈছে৷ অসমৰ চৰ অঞ্চলত জৰীপৰ কথা কোৱা হৈছে৷ চিকিৎসা মহাবিদ্যালয়ৰ ফেকাল্টিলৈ বিশেষ সুবিধাৰ ঘোষণা কৰা হৈছে৷ বাণীকান্ত কাকতি কম্পিউটাৰ আঁচনিৰ শিক্ষকৰ দৰমহা ২০ হাজাৰলৈ বৃদ্ধিৰ লগতে সেৱা পৰিসৰ ৬০ বছৰলৈ বৃদ্ধি কৰা হৈছে৷ বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ চমুকৈ বিটিচিৰ বাবে ১,১৪৩ কোটি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ বাবে ৬২১ কোটি আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ বাবে ৩০৬ কোটি ধাৰ্য কৰা হৈছে৷ নতুন ষ্টাৰ্ট আপৰ বাবে ৬০ কোটি, বৰাক উপত্যকাৰ উন্নয়নৰ বাবে ১০০ কোটি, কণী উৎপাদনত অসমক স্বাৱলম্বী কৰিবৰ বাবে ২৪ কোটি, গাহৰিৰ বংশানুক্ৰমিক কৃত্ৰিম প্ৰজননৰ বাবে ১১ কোটি, শিৱসাগৰত পঞ্চমখন পশু চিকিৎসালয় স্থাপনৰ ২৪ কোটি ধাৰ্য কৰা হৈছে৷ একেদৰে গাঁও বুঢ়াৰ মাহিলী পাৰিতোষিক ৯,০০০ টকাৰ পৰা ১৪,০০০ টকালৈ বৃদ্ধি কৰা হৈছে৷


উদ্যোগিক ব্যৱহাৰৰ বাবে ভূমিৰ শ্ৰেণীৰ পৰিৱৰ্তনৰ কথা কোৱা হৈছে৷ সত্ৰৰ উদাসীন ভকতৰ বাবে মাহে ১,৫০০ টকাৰ সাহায্য আগবঢ়োৱা হৈছে৷ আত্ম সম্পৰ্ণকাৰী গোটৰ পুনৰ সংস্থাপনৰ বাবে ৯৮ কোটি টকা আগবঢ়োৱা হৈছে৷ চুবুৰীয়া ৰাজ্যৰ দৰে অসমতো সংগীতৰ কনচাৰ্ট আয়োজনৰ কথা কোৱা হৈছে৷ বাজেটতত ইনস্পেচ আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সহযোগত অসমৰ মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰীক পৰীক্ষামূলক কৃত্ৰিম উপগ্ৰহ নিৰ্মাণত জড়িত কৰাৰ কথা কোৱা হৈছে৷ ১০০খন গাঁৱত কৃত্ৰিম বুদ্ধিমত্তা নিৰ্ভৰ কেন্দ্ৰ স্থাপনৰ কথা কোৱা হৈছে৷ দীপফেক আৰু চাইবাৰ ভাবুকি ৰোধৰ বাবে অসম আৰক্ষীত কৃত্ৰিম বুদ্ধিমত্তা স্থাপনৰ কথা কোৱা হৈছে৷ সুদবিহীন ঋণ প্ৰদানৰ বাবে ২৫০ কোটি টকীয়া লাখপতি বাইদেউ পুঁজি গঠনৰ কথা কোৱা হৈছে৷ দেশীয় সুৰাৰ দোকানতো উপযুক্ত অনুজ্ঞাপত্ৰৰ জৰিয়তে বিদেশী সুৰা বিক্ৰীৰ অনুমতি প্ৰদান কৰাৰ কথা কোৱা হৈছে৷ কাঁহ-পিতলৰ শিল্পীৰ জি এছ টি ৰেহাইৰ কথা কোৱা হৈছে৷ উল্লেখ্য, এইবাৰৰ বাজেটত অসমত চুবুৰীয়া ৰাজ্যৰ দৰে মিউজিক কনচাৰ্ট অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ ৰখা হৈছে৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে মেঘালয় আৰু নাগালেণ্ডত নিয়মীয়াকৈ অনুষ্ঠিত হয় মিউজিক কনচাৰ্ট৷ দেশ-বিদেশৰ নামী-দামী শিল্পীয়ে অংশগ্ৰহণ কৰা এই মিউজিক কনচাৰ্ট চাবৰ বাবে দেশৰ বিভিন্ন ঠাইৰ লগতে বিদেশৰ পৰাও আহে দৰ্শক৷ অসম চৰকাৰে সম্ভৱতঃ পৰ্যটনৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই চুবুৰীয়া ৰাজ্যৰ আৰ্হিত আমাৰ ৰাজ্যতো মিউজিক কনচাৰ্ট অনুষ্ঠিত কৰাৰ কথা চিন্তা কৰিছে৷