
বাংলাদেশীক ৰুধিবলৈ এইবাৰ অসমৰ নিজা উপগ্ৰহ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ মাৰ্চঃ কাঁটা তাৰৰ পৰিৱৰ্তে বাংলাদেশীক ৰুধিবলৈ এইবাৰ অসম চৰকাৰে আশ্ৰয় লৈছে কৃত্ৰিম উপগ্ৰহৰ৷ সোমবাৰে বিধানসভাৰ বাজেট অধিৱেশনত বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট দাখিলৰ পাছত এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ স্পষ্টভাৱে কয়–অসমে শীঘ্ৰেই উৎক্ষেপন কৰিব এটা কৃত্ৰিম উপগ্ৰহ৷ ইছৰ’ৰ সহযোগত উৎক্ষেপন কৰা হ’ব কৃত্ৰিম উপগ্ৰহটো৷ পূৰ্বে ভাৰতে উৎক্ষেপন কৰিছিল কৃত্ৰিম উপগ্ৰহ৷ অসমে নিজাকৈ এটা উপগ্ৰহ উৎক্ষেপন কৰিব৷ এই কৃত্ৰিম উপগ্ৰহটো ভাৰত বা পৃথিৱীত ঘূৰি নাথাকে৷ অসমৰ আকাশত যদি উপগ্ৰহ এটা অহৰহ ঘূৰি থাকে সীমান্ত পাৰ হৈ বাংলাদেশী এজন আহিলেও ক’ব পাৰিব উপগ্ৰহটোৱে৷ ব্ৰহ্মপুত্ৰৰ বানৰ বিষয়ে পানী অৰুণাচলত থাকোতেই ক’ব পাৰিব৷ এই উপগ্ৰহটো যদি আমি পাওঁ খেতিৰ বাবে বতৰ কেনেকুৱা হ’ব তিনিমাহ আগতেই আমাক ক’ব পাৰিব৷
অৰ্থাৎ অসম হ’ব দেশৰ প্ৰথমখন ৰাজ্য যাৰ এটা নিজা উপগ্ৰহ থাকিব৷ উপগ্ৰহ প্ৰকৃততে দেশত বা বিশ্বত নিৰ্দিষ্ট কক্ষপথত ঘূৰি থাকে৷ কৃত্ৰিম উপগ্ৰহ এটাকো দিয়া নিৰ্দেশ অনুসৰি ঘূৰি থাকিব৷ অসমত যদি চেটেলাইট ডাটা বিচাৰো আমাক আগতে তথ্য দিব পৰা নাছিল৷ ওমৰাংছ’ত ৰেটহ’ল মাইনিং বিলাক হৈছিল কংগ্ৰেছৰ দিনত৷ কিন্তু এইবোৰৰ ক্ষেত্ৰত তথ্য পাবলৈ আমাক বহু সময় লাগিল৷ কিয়নো আমি প্ৰথমে বিচাৰিবলগীয়া হৈছিল সেই সময়ত কোনটো উপগ্ৰহই সেই স্থানত কাম কৰি আছিল৷ যদি এটাও উপগ্ৰহ নাথাকে আমি কোনো তথ্য নাপাওঁ৷ আমাৰ ভৌগোলিক সীমাৰ ভিতৰত যদি এটা উপগ্ৰহ থাকে, প্ৰতিটো দিনেই যদি কৰিমগঞ্জৰ ফালে গৈ থাকে, মানকাচৰৰ ফালে গৈ থাকে বিদেশী আহিলেই গ’ম পোৱা যাব৷ এই প্ৰকল্পৰ বাবে প্ৰয়োজন হ’ব ৪০০-৫০০ কোটি টকা৷ প্ৰকল্পটো প্ৰাৰম্ভিক পৰ্যায়তে আছে৷ মুখ্যমন্ত্ৰী শৰ্মাই সীমান্ত সুৰক্ষা দিবলৈ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপন কৰাৰ প্ৰতিশ্ৰুতি দিছে যদিও অসম চুক্তি ৰূপায়নৰ প্ৰায় চ্ছ্ৰ টা দহকৰ পাছতো কাঁটা তাৰেৰে সীমান্ত চীল কৰিবই পৰা নাই চৰকাৰে৷ সীমান্ত চীল কৰাৰ দাবী জনাই আহিছে আছু, যুৱ ছাত্ৰ পৰিষদ আদি সংগঠনে৷