Logo
image

কানাডাৰ নতুন প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নী

অ’টোৱা, ১০ মাৰ্চঃ  কানাডাৰ বিতৰ্কিত প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰ'ডোৰ বিদায়ৰ পাছত তেওঁৰ দলৰে আগশাৰীৰ নেতা মাৰ্ক কাৰ্নীয়ে দেশখনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে৷ বেংক অৱ কানাডা আৰু বেংক অৱ ইংলেণ্ডৰ প্ৰাক্তন গৱৰ্ণৰ মাৰ্ক কেনীক লিবাৰেল পাৰ্টীয়ে ৮৫.৯ শতাংশ ভোটেৰে প্ৰধানমন্ত্ৰী পদৰ বাবে বাছনি কৰে৷ ৫৯ বছৰীয়া মাৰ্ক কেনী হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কঠোৰ সমালোচক৷ কানাডাৰ উত্তৰ-পশ্চিম দিশৰ এলেকাত জন্ম হোৱা মাৰ্ক কেনীয়ে আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগত অধ্যয়ন কৰিছিল৷ তাৰ পাছত অক্সফ’ৰ্ডৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ ১৯৯৫ চনত তেওঁ ডক্টৰেট উপাধিও লাভ কৰিছিল৷ ২০০৮ চনত তেওঁ বেংক অৱ কানাডাৰ গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছিল আৰু ২০১০ চনত বিখ্যাত টাইম আলোচনীৰ বিশ্বৰ শীৰ্ষ ২৫জন প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান লাভ কৰিছিল৷ তেওঁ বেংক অৱ ইংলেণ্ডৰো গৱৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷


তেওঁ ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন আৰু  বিত্ত বিভাগৰো বিশেষ দূত হিচাপে সেৱা আগবঢ়াইছিল৷ এতিয়া আমেৰিকা আৰু কানাডাৰ মাজৰ সম্পৰ্ক অৱনতি ঘটাৰ সময়তে তেওঁ কানাডাৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব  গ্ৰহণ কৰিবলগীয়া হয়৷ ট্ৰাম্পে কানাডাৰ সৈতে বাণিজ্য যুদ্ধ আৰম্ভ কৰাৰ পাছত মাৰ্ক কাৰ্নীয়ে দেশৰ অৰ্থনীতি মজবুত কৰিবলৈ যথেষ্ট কষ্ট কৰিব লাগিব৷ তদুপৰি সন্মুখত আছে সাধাৰণ নিৰ্বাচন৷ গতিকে তেওঁ কেনেদৰে পৰিস্থিতি চম্ভালে, সেয়া হ’ব গুৰুত্বপূৰ্ণ৷ মাৰ্কিন ৰাষ্ট্ৰপতি কানাডাৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক লগোৱাৰ সিদ্ধান্ত লোৱাৰ পাছতে দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটিছে৷ অৱশ্যে নতুন শুল্ক ৪ এপ্ৰিলৰ পাছতহে বলৱৎ হ’ব৷ গতিকে নতুন প্ৰধানমন্ত্ৰী কাৰ্নীয়ে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পক কঠোৰ সমালোচনা কৰে৷ ট্ৰাম্পে কানাডাৰ অৰ্থনীতি দুৰ্বল কৰাৰ ষড়যন্ত্ৰ কৰাৰো অভিযোগ আনে তেওঁ৷ কানাডাই যিবোৰ উৎপাদন কৰে, যিবোৰ বিক্ৰী কৰে আৰু যেনেদৰে কানাডাৰ জনতাই জীৱন-যাপন কৰে, তাত অযথা শুল্ক লগাই ট্ৰাম্পে ডাঙৰ ভুল কৰা বুলিও তেওঁ অভিযোগ কৰে৷ আমেৰিকাক মহান দেশ হিচাপে গঢ়ি তোলাত কানাডাৰো অনবদ্য অৱদান আছে বুলি তেওঁ দাবী কৰে৷