Logo
image

অসমীয়া ছবিৰ ‘৯০ বছৰীয়া জোনাকী যাত্ৰা’ উদযাপন

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা, ১০ মাৰ্চঃ  জ্যোতি চিত্ৰবনস্থিত আইদেউ ছবিঘৰত সোমবাৰে সাংস্কৃতিক সাংবাদিক সন্থা, অসম আৰু অসম ৰাজ্যিক চলচ্চিত্ৰ [বিত্ত আৰু উন্নয়ন] নিগমৰ যুটীয়া উদ্যোগত অসমীয়া চলচ্চিত্ৰৰ জন্মৰ নব্বৈটা বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ‘অসমীয়া চলচ্ছিত্ৰৰ ৯০ বছৰীয়া জোনাকী যাত্ৰা’ শীৰ্ষক এক বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হয়৷ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ কৰাৰ লগতে বিশেষ বক্তৃতা অনুষ্ঠান আৰু অসমীয়া চলচ্ছিত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা, সন্মান, সুনাম কঢ়িয়াবলৈ সক্ষম হোৱা ৪২ গৰাকী পৰিচালক, অভিনেতা, কলা-কুশলী আৰু সমালোচকক সম্বৰ্ধনা প্ৰদান কৰা হয়৷ অনুষ্ঠানটো আৰম্ভ হয় বন্তি প্ৰজ্বলনেৰে৷ সন্থাৰ সভাপতি বিতোপন বৰবৰা, বিশিষ্ট অভিনেত্ৰী ৰুণু দেৱী আৰু বক্তা ড॰ সুব্ৰতজ্যোতি নেওগে বন্তি প্ৰজ্বলন কৰাৰ পাছতে লক্ষ্মী স্তোত্ৰম নৃত্য পৰিবেশন কৰে তন্ময়ী বৰাই৷ সাংস্কৃতিক সাংবাদিক সন্থাৰ সভাপতি বিতোপন বৰবৰাই আদৰণি ভাষণ প্ৰদান কৰাৰ পাছতেই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা ৰচনা প্ৰতিযোগিতাৰ ক, খ আৰু গ, তিনিওটা শাখাৰে বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়৷ ‘ক’ শাখাত ‘মোৰ ভাল লগা এখন অসমীয়া ছবি’ বিষয়ত ৰচনা লিখি প্ৰথম স্থান লাভ কৰা শিৱসাগৰৰ হাতীঘূলী মজলীয়া বিদ্যালয়ৰ দ্বিগবিজয় দেৱ নাথ, দ্বিতীয় স্থান পোৱা নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ বাস্তৱ দাস আৰু নিচুকণি বঁটা: দেৰগাঁও কমাৰগাৱঁৰ অমৰ শৰ্মা উচ্ছ মাধ্যমিক বিদ্যালয়ৰ সুধাংশু শ্ৰেয়ম দাসক পুৰস্কাৰ প্ৰদান কৰে সমালোচক, পৰিচালক নয়ন প্ৰসাদে৷ আনহাতে ‘খ’ শাখাত ‘একৈশ শতিকাত অসমীয়া চলচ্ছিত্ৰ আৰু ইয়াৰ ভবিষ্যত’ বিষয়ত প্ৰথম স্থান পোৱা দিছপুৰৰ গোপাল বড়ো উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ ভিতালী কলিতা, দ্বিতীয় স্থান পোৱা যোৰহাট প্ৰজ্ঞা একাডমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দেৱাশিস বৰুৱা আৰু তৃতীয় জাঁজী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰিণাক্ষী পল্লী দেৱীক পুৰস্কাৰ প্ৰদান কৰে ৰাষ্ট্ৰীয় বঁটা প্ৰাপক বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীয়ে৷ তদুপৰি ‘গ’ শাখাত ‘অসমীয়া চলচ্ছিত্ৰৰ নব্য ধাৰা: পদুম বৰুৱাৰ পৰা এতিয়ালৈ’ বিষয়ক ৰচনাত প্ৰথম হোৱা তেজপুৰ দৰং কলেজৰ ঊষাৰাণী শইকীয়া, দ্বিতীয় স্থান প্ৰাপক আই আই এম চি নতুন দিল্লীৰ বৰ্ণিল মেধি আৰু তৃতীয় স্থান প্ৰাপক গুৱাহাটী কটন বিশ্ববিদ্যালয়ৰ প্ৰতীক্ষা শৰ্মাক পুৰস্কাৰ প্ৰদান কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই৷


ইয়াৰ পাছতেই ‘প্ৰাক স্বাধীনতা কালৰ অসমীয়া চলচ্ছিত্ৰৰ বিষয়, ব্যৱস্থাপনা আৰু সমালোচনাঃ  কেতবোৰ অনালোচিত প্ৰসংগ’ শীৰ্ষক বিষয়ত বিশদ ৰূপত বক্তৃতা আগবঢ়ায় তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড॰ সুব্ৰতজ্যোতি নেওগে৷ ইয়াৰ পাছতে অনুষ্ঠানটোৰ অন্যতম উদ্যোক্তা অসম ৰাজ্যিক চলচ্ছিত্ৰ [বিত্ত আৰু উন্নয়ন] নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে ভাষণ প্ৰদান কৰে আৰু তাৰ পাছতেই অসমীয়া চলচ্ছিত্ৰৰে ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা, সন্মান আদিৰে সুনাম কঢ়িওৱা ৪২ গৰাকী গুণী অসমীয়াক সম্বৰ্ধনা জনোৱা হয়৷ তেওঁলোক হৈছে একাদিক্ৰমে বৰ্ষীয়ান পৰিচালক আনোৱাৰ হুছেইন, জাহ্নু বৰুৱা, চাৰুকমল হাজৰিকা   পৰিচালক চাৰুকমল হাজৰিকা, জৗদাও বড়োছা, গৌতম বৰা, অভিনেত্ৰী মলয়া গোস্বামী, পৰিচালক সঞ্জীৱ হাজৰিকা, অভিনেতা বিষ্ণু খাৰঘৰীয়া, পৰিচালিকা ডাঃ সান্তনা বৰদলৈ, অভিনেত্ৰী ভাগীৰথী, পৰিচালক মঞ্জু বৰা, লেখক- সমালোচক অপূৰ্ব শৰ্মা, পৰিচালক নাৰায়ণ শীল আৰু দিলীপ দলে, গায়িকা তৰালী শৰ্মা সমালোচক-পৰিচালক উৎপল বৰপূজাৰী, পৰিচালক সঞ্জীৱ সভাপণ্ডিত, সুমন হৰিপ্ৰিয়া, সমালোচক উৎপল দত্ত, পৰিচালক এম মণিৰাম, অৰূপ মান্না, হীৰেন বৰা, যদুমণি দত্ত, লেখক-সমালোচক মনোজ বৰপূজাৰী, পৰিচালক সুৰজ কুমাৰ দুৱৰা, জয়ছেং জয় দহোটিয়া, পৰিচালক ভাস্কৰ হাজৰিকা, পৰিচালক হেমন্ত কুমাৰ দাস, অভিনেতা আদিল হুছেইনে, পৰিচালক ৰীমা দাস, অভিনেত্ৰী ভণিতা দাস, শব্দগ্ৰহণকাৰী মল্লিকা দাস, পৰিচালক চন্দ্ৰ মুদৈ, অভিনেতা বেঞ্জামিন দৈমাৰী, পৰিচালক - অভিনেত্ৰী আইমী বৰুৱা, পৰিচালক কৃপাল কলিতা, পৰিচালক ৰীমা বৰা, পৰিচালক মঞ্জুল বৰুৱা, বিশ্বজিত বৰা, অভিনেত্ৰী ডাঃ জাহানাৰা বেগম, পৰিচালক কুলনন্দিনী মহন্ত আৰু পৰিচালক ববী শৰ্মা বৰুৱা৷ অনুষ্ঠানটোত অসমৰ চলচ্ছিত্ৰ তথা সংবাদ জগতৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে৷