Logo
image

৩ কোটি জনসংখ্যাৰ ৰাজ্যৰ ২.৪৫ কোটিয়েই ‘গৰীব’

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১০ মাৰ্চঃ  অসমত দৰিদ্ৰৰ সংখ্যা কিমান? তিনি কোটিৰ ৰাজ্যত ‘গৰীব’ৰ সংখ্যা ২ কোটি ৪৫ লাখ? বিত্তমন্ত্ৰী অজন্তা নেওগৰ সোমবাৰে দাখিল কৰা বাজেটৰ পৰিসংখ্যাই এই তথ্যই আগবঢ়াইছে৷ অৱশ্যে একে সময়তে অৰ্থনৈতিকভাৱে অসমৰ অৱস্থা স্বচ্ছল বুলিও বিত্তমন্ত্ৰীয়ে তেওঁৰ বাজেটত পৰিসংখ্যাসহ উল্লেখ কৰিছে৷ এতিয়াও শেষ নোহোৱা বিত্তীয় বৰ্ষত অৰ্থাৎ ২০২৪-২৫ত অসমে ৬,৪৩,৬৬৭ কোটি টকাৰ ডিজিপিৰে অৰ্থনৈতিক উন্নয়নৰ হাৰত স্বয়ং দেশৰ অৰ্থনীতিকে পিছ পেলাবলৈ সমৰ্থন হৈছে৷ অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে সোমবাৰে দাখিল কৰা আগন্তুক বিত্তীয় বৰ্ষৰ বাজেটত উল্লেখ কৰিছে অসমৰ ডিজিপিৰ উন্নয়নৰ হাৰৰ সেই পৰিসংখ্যা৷ বিত্তমন্ত্ৰীয়ে আগবঢ়োৱা তথ্য অনুসৰি অসমৰ জিডিপি উন্নয়নৰ হাৰ  আছিল ১৩ শতাংশ। ইয়াৰ বিপৰীতে দেশৰ জিডিপি উন্নয়নৰ হাৰ আছিল ২০২৪-২৫ বিত্তীয় বর্ষত ১০ শতাংশ। সন্দেহ নাই, জিডিপি বা মুঠ ঘৰুৱা উৎপাদনে দেশ আৰু ৰাজ্যৰ অর্থনৈতিক স্বাস্থ্য প্রতিফলিত কৰে। সেই হিচাপত প্রায় চাৰে ৬ লক্ষাধিক কোটি টকাৰ জিডিপিৰে অসমৰ অর্থনৈতিক অৱস্থা কেৱল চকুত পৰাই নহয়, চমৎকাৰ।পিছে একেখন বাজেটতে বিত্তমন্ত্রী অজন্তা নেওগে উল্লেখ কৰা এটা 'গৌৰৱপূৰ্ণ' তথ্যই অসমৰ প্ৰকৃত অর্থনৈতিক অৱস্থাক লৈ বহুতকে সন্দিহান কৰি তুলিছে। ক্রমিক নম্বৰ ২৩ত বিত্তমন্ত্রীয়ে উল্লেখ কৰিছে, ৰাজ্যৰ ২.৪৫ কোটি ব্যক্তিক ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰী গৰীৰ কল্যাণ যোজনাৰ আওতালৈ আনিবলৈ সক্ষম হৈছে। পৰিয়াল হিচাপত চৰকাৰে এই গৰীব কল্যাণ আঁচনিত সামৰি লৈছে ৰাজ্যৰ ৭০ লাখতকৈ অধিক পৰিয়াল। সেই তথ্যও তেওঁ একেলগে উল্লেখ কৰিছে। বিত্তমন্ত্ৰীৰ এই পৰিসংখ্যাই বহুতৰ মনত সৃষ্টি কৰিছে 'অর্থনৈতিক উদ্বিগ্নতা'। প্রশ্ন উঠিছে, ইয়াৰ অর্থ এয়াই নেকি- ৩ কোটি জনসংখ্যা থকা অসমৰ ২.৪৫ কোটি লোকেই 'গৰীব' বা দৰিদ্র? ৰাজ্যৰ ৭০ শতাংশ লাখৰো অধিক পৰিয়াল 'গৰীব'? কিয়নো প্রধানমন্ত্রী গৰীব কল্যাণ যোজনা দেশৰ দৰিদ্ৰসকলৰ বাবে লোৱা এক আঁচনি। প্রধানমন্ত্রী গৰীব কল্যাণ যোজনাত সেই কথা উল্লেখ আছে। দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা দেশৰ নাগৰিকৰ বাবে বিনামূলীয়া চাউল প্রদানৰ এই আঁচনি গ্রহণ কৰা বুলি আঁচনিখনৰ উদ্দেশ্যত উল্লেখ কৰা আছে। দৰিদ্ৰ সীমাৰেখাৰ তলত দেশৰ কিমান নাগৰিকে বাস কৰে, সেয়া নির্ধাৰণ কৰাৰ বাবে চৰকাৰী সূত্র আছে। জনমূৰি আয়, ক্রয় ক্ষমতাকে ধৰি একাধিক কাৰকৰ দ্বাৰা দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা নাগৰিক চিনাক্ত কৰাৰ চৰকাৰী ব্যৱস্থা আছে আৰু তেওঁলোকৰ জীৱনধাৰণ নিশ্চিত কৰাৰ বাবেই গ্রহণ কৰা হৈছে এই প্রধানমন্ত্রী গৰীব কল্যাণ যোজনা নামৰ আঁচনি।


এনে পৰিপ্ৰেক্ষিতত বিত্তমন্ত্রী অজন্তা নেওগৰ বাজেটত উল্লেখ কৰা স্ববিৰোধী বক্তব্যই বিভ্রান্তিৰ সৃষ্টি কৰিছে। যদিহে বিত্তমন্ত্ৰীৰ দুয়োটা পৰিসংখ্যাই নির্ভুল বুলি ধৰি লোৱা হয়, তেন্তে অসমত দৰিদ্ৰৰ সংখ্যা ২ কোটি ৪৫ লাখ। একেসময়তে অসমৰ আৰ্থিক স্থিতিও অতি উন্নত, কিয়নো; বিত্তমন্ত্ৰীৰ পৰিসংখ্যা অনুসৰি বিদায়ী বিত্তীয় বৰ্ষত অসমৰ জিডিপি আছিল ৬,৪৩,৬৬৭ কোটি টকা। দুয়োটা পৰিসংখ্যা নির্ভুল বুলি ধৰিলে ইয়াৰ সাৰাংশ হ'ব- অসমৰ সীমিত সংখ্যক পৰিয়ালৰ হাতত ৰাজ্যৰ সকলো ধন-সম্পদ গোট খাই আছে। যিদৰে ভাৰতৰ অর্থনীতি অতি বৃহৎ হ'লেও দেশৰ কেইটামান পৰিয়ালৰ মাজত সকলো সম্পদ থুপ খাই আছে। অসমৰ অর্থনৈতিক পৰিস্থিতিও অর্থাৎ সম্পদৰ অসম বিতৰণ দেশৰ অৰ্থনীতিৰ সৈতে একে বুলি এই পৰিসংখ্যাই প্রতীয়মান কৰিব পাৰে। যদিহে সেয়া সত্য হয়, তেন্তে এই বিষয়টো ৰাজ্যৰ গৰিষ্ঠসংখ্যক বাসিন্দাৰ বাবে অতি উদ্বেগজনক বিষয়। কিয়নো ২.৪৫ কোটি দৰিদ্ৰৰে অসমৰ সামগ্রিক আৰু সামুহিক অর্থনৈতিক উন্নয়ন এতিয়াও বহু যোজন দূৰৈত বৈ আছে। তদুপৰি ২.৪৫ কোটি দৰিদ্র কোনো সময়ত ৰাজ্যৰ বাবে বৃহত্তম বোজা হৈ পৰিব পাৰে। সম অর্থনৈতিক বৃদ্ধিৰ প্রতি চকু নিদিয়াৰ ফলত বাজ্যত দৰিদ্ৰৰ সংখ্যা উদ্বেগজনকভাবে বৃদ্ধি পোৱাটো এক বৃহৎ সমস্যা হিচাপে পৰিগণিত হ'ব পাবে।

অৱশ্যে যদি চবকাৰে প্রধানমন্ত্রী গৰীব যোজনাক নিশ্চিত ভোটৰ লক্ষ্য হিচাপে নির্ধাৰণ কৰি হিতাধিকাৰী বৃদ্ধিত গুৰুত্ব দিছে, তেন্তে সেয়া হ'ব ৰাজ্যৰ আন আন ৰাজনৈতিক দলৰ বাবে অশনি সংকেত। চৰকাৰৰ একাংশ সমালোচকে এই পৰিসংখ্যাৰ ক্ষেত্ৰত তেনে দাবীও কৰিছে। নিশ্চিত ভোটৰ লক্ষ্যত শাসনাধিষ্ঠিত দলে চৰকাৰী আঁচনিৰ ব্যৱহাৰেৰে প্রকৃততে দৰিদ্ৰ নোহোৱা বাসিন্দাকো 'গৰীব' বনাই এই আঁচনিৰ আওতালৈ অনা বুলি চৰকাৰা বিৰোধী সমালোচকে দাবী কৰে। অৱশ্যে তেনে সমালোচকৰ এই 'তত্ত্ব' প্রমাণ কৰা কঠিন। কিয়নো বিত্তমন্ত্রী অজন্তা নেওগে দায়িত্ব সহকাৰে এই পৰিসংখ্যা উল্লেখ কৰিছে আৰু কেৱল মুখৰ যুক্তিৰে বিত্তমন্ত্রীৰ পৰিসংখ্যা ভুল প্রমাণ কৰা কঠিন।