Logo
image

মৃত্যুৰ পাছতো অৱহেলিত আইদেউ সন্দিকৈ

'আমাৰ অসম'ৰ নুমলীগড়ৰ প্ৰতিবেদকঃ প্রথম অসমীয়া বোলছবি জ্যোতিপ্ৰসাদৰ ঐতিহাসিক 'জয়মতী' চিনেমাই ৯০ বছৰ অতিক্ৰম কৰিলে। জয়মতীৰ নাম ভূমিকাত জীৱন্ত ৰূপ দিয়া আইদেউ সন্দিকৈয়ে সমাজৰ ঠাট্টা-মস্কৰা নির্বিবাদে মূৰ পাতি লৈ দুৰন্ত সাহসেৰে ৰূপালী পর্দাত ভৰি দিছিল। চাউডাঙৰ অকথ্য নির্যাতন মূৰ পাতি লোৱাৰ পাছত সমাজৰ তাচ্ছিল্য-গঞ্জনা হজম কৰাৰ উপৰি নিজৰ যৌৱনৰ সপোন ত্যাগ কৰা মহীয়সী নাৰী, বোকাখাত মহকুমাৰ কমাৰগাঁৱৰ পানীদিহিঙীয়াৰ শিল্পী আইদেউ সন্দিকৈ অৱহেলিত। বহুতো আশা-নিৰাশাৰ দোমোজাৰে আইদেউৱে ২০০২ চনৰ ১৭ ডিচেম্বৰত ইহসংসাৰ ত্যাগ কৰে। আইদেউৱে প্ৰমাণ কৰিছিল জাতিৰ স্বাৰ্থত অসমীয়া মহিলাই সকলো কৰিব পাৰে। কনকলতা, মূলাগাভৰুৰ দৰে আইদেউৱেও অসমৰ অন্যতম শ্রেষ্ঠ মহিলা। অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী তেতিয়াৰ সাংসদ তৰুণ গগৈয়ে আইদেউ সন্দিকৈৰ স্বাস্থ্যৰ বুজ ল'বলৈ আইদেউৰ ঘৰলৈ আহোঁতে কমাৰগাঁও সাংবাদিক সংস্থাই আইদেউৰ স্মৃতি ৰক্ষাৰ্থে গগৈৰ পৰা অনুদান বিচৰাত ১৯৯৮-৯৯ বৰ্ষৰ সমষ্টি উন্নয়ন পুঁজিৰ পৰা পাঁচ লাখ টকাৰ অনুদান আগবঢ়ায়। এই অনুদানেৰে কমাৰগাঁও আঞ্চলিক সাহিত্য সভাৰ উদ্যোগত আইদেউ সন্দিকৈ সাংস্কৃতিক সংগ্ৰহালয় নিৰ্মাণ কৰা হয় যদিও প্রকৃত লক্ষ্যত উপনীত নহ'ল। 


সংগ্রহালয়ৰ বাবে ভূমি পানীদিহিঙীয়াৰ গজেন বৰুৱাই ভূমিদান কৰি মহান আদর্শও দেখুৱালে। কালক্ৰমত এই সংগ্ৰহালয় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ চাৰিলেন যুক্ত পথলৈ উন্নত হোৱাত উচ্ছেদ হ'ল যদিও ক্ষতি পূৰণৰ বাবদ বহু লাখ টকা পোৱা গ'ল। এই ধনেৰে মাটি ক্ৰয় কৰি পানীদিহিঙীয়াত পুনৰ সংগ্ৰহালয় নিৰ্মাণ হ'ল যদিও বৰ্তমান ভূত বাংলাত পৰিণত হৈছে। লক্ষ্যৰ পৰা বিচলিত সংগ্ৰহালয়টো অপৰিষ্কাৰ আৰু হাবি-বননিৰে ভৰপূৰ হৈ থকাত মঙ্গলবাৰে বোকাখাত মহকুমা ছাত্ৰ সন্থাই চাফাই অভিযান চলায়। অখ্যাত গাঁও পানীদিহিঙীয়াত ১৯২০ চনৰ চ'ত মাহৰ কোনো শুভক্ষণত নীলাম্বৰ সন্দিকৈ আৰু মালক্ষ্মী সন্দিকৈৰ কন্যা আইদেউৰ জন্ম হয়। প্রায় ৮২ বছৰ আইদেউৱে অনেক জীৱন সংগ্রাম কৰিব লগা হয়। জীৱনৰ শেষৰ চোৱাতহে সমাজে আইদেউক সন্মান জনালে। তথাপি প্রকৃত সন্মান আইদেউৱে পালে জানো। চৰকাৰী ভাৱে আইদেউ আজিও বঞ্চিত। চৰকাৰীভাৱে আইদেউৰ নামত বঁটা এটাও ঘোষণা কৰা নহ'ল। আইদেউৰ নামত সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে শিল্পী বঁটা ঘোষণা কৰি আদৰ্শ দেখুৱাইছে। আইদেউ সন্দিকৈৰ নামত ৰাজহুৱা আদ্যশ্রাদ্ধৰ ৰাহি ধনেৰে এটা বঁটা ঘোষণাৰ বাবে আদ্যশ্রাদ্ধ আয়োজক সমিতিয়ে ৰাহি ধন কমাৰগাঁও আঞ্চলিক সাহিত্য সভাক অর্পণ কৰিছিল।