
বাজেটত হাতী-মানুহৰ সংঘাতৰ বিষয়ত গোলাঘাট জিলাৰ নাম অন্তৰ্ভুক্ত নোহোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া
'আমাৰ অসম'ৰ মৰঙিৰ প্ৰতিবেদক, ১১ মাৰ্চঃ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটত হাতী মানুহৰ সংঘাতৰ নিৰাময়ৰ ক্ষেত্ৰত গোলাঘাট জিলাৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পোৰাবঙলাৰ মৰঙি উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত সংবাদমেল সম্বোধন কৰে "ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে"। হাজাৰ হাজাৰ বিঘা কৃষি ভূমি চন পৰি ৰৈছে হাতী মানুহৰ সংঘাতৰ পৰিণতিত। বছৰি ১০ জনৰো অধিক লোকৰ হাতীৰ আক্ৰমণত মৃত্যু হোৱাৰ বিপৰীতে সমান্তৰালভাৱে হাতীৰো বিভিন্ন কাৰণত মৃত্যু হৈছে৷ হাতীৰ আক্ৰমণৰ ফলত প্ৰতি বৰ্ষত শতাধিক পৰিয়াল গৃহহীন হ'বলগা হৈছে৷ ইমানৰ পিছটো ঘোষণা কৰা বাজেটত গোলাঘাট জিলা অন্তৰ্ভুক্ত নোহোৱাত জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠনৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি।
মঙ্গলবাৰে সংবাদমেলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক পিণ্টু গগৈয়ে তীব্ৰ ভাষাৰে মন্ত্ৰী অজন্তা নেওগ, বিধায়ক বিশ্বজিত ফুকন আৰু বিধায়ক মৃনাল শইকীয়াক গৰিহণা দিয়ে। শীঘ্ৰেই বাজেটত সংশোধনী প্ৰস্তাৱ অথবা কেবিনেট বৈঠক অনুষ্ঠিত কৰি বনৰীয়া হাতীৰ উপদ্ৰৱ উপশম সম্পৰ্কীয় আঁচনিত অন্য পাঁচ জিলাৰ লগতে গোলাঘাট জিলাক অন্তৰ্ভুক্ত কৰিবৰ বাবে দাবী জনাইছে৷ অন্যথা মৰঙৰ সকলো দল-সংগঠন একত্ৰিত হৈ তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও সংবাদ মেলৰ জৰিয়তে চৰকাৰক সকীয়াই দিয়ে৷