
শিৱসাগৰত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ
'আমাৰ অসম'ৰ শিৱসাগৰৰ প্ৰতিবেদক, ১১ মাৰ্চঃ অসম বিধান সভাত দাখিল হোৱা বাজেটত অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ অনুসূচিত জাতিৰ ৰাইজক উপেক্ষা কৰাৰ অভিযোগ তুলি মঙ্গলবাৰে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে শিৱসাগৰ নগৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শিৱসাগৰ নগৰৰ দ'ল মুখত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সম্পাদক পৰশজ্যোতি দাসৰ নেতৃত্বত শিৱসাগৰ জিলা সমিতিয়ে হাতে হাতে প্লে-কাৰ্ড লৈ বাজেটৰ বিৰুদ্ধে বহুকেইটা প্ৰশ্ন উত্থাপন কৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানৰে এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে। প্ৰতিবাদস্থলীৰ পৰাই সন্থাৰ কেন্দ্ৰীয় সম্পাদক পৰশজ্যোতি দাসে এইবাৰ বাজেটত অনুসূচিত জাতিক এটা প্ৰকাণ্ড শূণ্য দিয়া হৈছে বুলি উল্লেখ কৰাৰ লগতে অনুসূচিত জাতিৰ পূৰ্বৰ অধিকাৰ সমূহ কাঢ়ি নিয়া হৈছে বুলি মন্তব্য কৰে। লগতে তেওঁ কয়, 'বাজেটত অনুসূচিত জাতিৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে কোনো ধৰণৰ ব্যৱস্থা নাই। অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে আশানুৰূপ বাৰ্তা নাই। বাজেটত অনুসূচিত জাতিৰ নিবনুৱা সমস্যা সমাধানৰ কোনো গুৰুত্ব নাই। অনুসূচিত জাতিৰ খাটি খোৱা মানুহখিনিৰ প্ৰতি বাজেটখনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াৰোপৰি অনুসূচিত জাতিৰ বাবে কোনো ধৰণৰ পৃথক পুঁজি নিৰ্ধাৰণ কৰা হোৱা নাই এই বাজেটত।'
অনুসূচিত জাতিৰ সংৰক্ষণ ব্যৱস্থাকো এই বাজেটে উপেক্ষা কৰিছে বুলি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই ক্ষোভ প্ৰকাশ কৰিছে বুলি সম্পাদক পৰশজ্যোতি দাসে মন্তব্য কৰে। মহাসতী ৰাধিকা আইৰ নামত বিশ্ববিদ্যালয় আৰু সমন্বয় ক্ষেত্ৰ স্থাপনৰ কোনো পৰিকল্পনা নাই বাজেটত। বৰঞ্চ অনুসূচিত জাতিৰ উপ-পৰিকল্পনা আঁচনি সমূহ নিঃশেষ কৰা হ'ল এই বাজেটত। অনুসূচিত জাতি ৰাইজৰ পূৰ্বৰ অধিকাৰ সমূহো খৰ্ব কৰা হ'ল এই বাজেটত। চৰকাৰৰ এনে কাৰ্য্য অনুসূচিত জাতিটোৰ ভৱিষ্যত জীৱনৰ প্ৰতি ভাবুকি স্বৰূপ বুলি মন্তব্য কৰে সন্থাই। তদুপৰি অসম বিধান সভাত অনুসূচিত জাতিক প্ৰতিনিধিত্ব কৰি আসন শুৱনি কৰি থকা মন্ত্ৰী বিধায়ক সকলক কাপুৰুষ আখ্যা দি কেন্দ্ৰীয় সম্পাদক পৰশজ্যোতি দাসে বাজেটৰ সন্দৰ্ভত অনুসূচিত জাতিৰ মাজত যি প্ৰশ্নৰ উত্থাপন হৈছে, তাৰ উত্তৰো এইবাৰ ২৬ৰ নিৰ্বাচনত চৰকাৰখনে লাভ কৰিবলৈ সাজু হৈ থাকিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়। প্ৰতিবাদী কাৰ্যসূচীত সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি বিতু দাস, সম্পাদক অঞ্জন দাস আৰু বিষয়ববীয়া সকলৰ লগতে অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ কেইবাগৰাকী বিষয়ববীয়াই অংশগ্ৰহণ কৰে।