Logo
image

চেপনৰ টিফুক বৰনামঘৰৰ ৩১৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

'আমাৰ অসম'ৰ চেপনৰ প্ৰতিবেদক, ১১ মাৰ্চঃ অবিভক্ত শিৱসাগৰ জিলাৰ অন্যতম ঐতিহাসিক ধৰ্মীয় অনুষ্ঠান টিফুক বৰনামঘৰৰ ৩১৭ সংখ্যক প্ৰতিষ্ঠা দিৱস মঙ্গলবাৰে দিনযোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হয়। কাৰ্য্যসূচী অনুসৰি নামঘৰ পৰিচালনা সমিতিৰ মুখ্য উপদেষ্টা ক্ষেত্ৰধৰ লেখাৰুৱে ধৰ্মবন্তি প্ৰজ্বলন কৰি মূল কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে পৰিচালনা সমিতিৰ সভাপতি দুৰ্গানাথ বৰুৱাই ধৰ্মধ্বজ্জা উত্তোলন, গোবিন বৰগোহাঁই আৰু ধৰ্ম গগৈয়ে যুটীয়াভাৱে স্মৃতি তৰ্পণ কৰাৰ লগতে যতীন লেখাৰুৱে বৃক্ষৰোপণ কাৰ্য্যসূচী ৰূপায়ন কৰে।


টিফুক বৰনামঘৰৰ মুখ্য বায়ন তথা সাতোলা দেৱেশ্বৰ গগৈয়ে ভাগৱত প্ৰতিষ্ঠা কৰাৰ পিছতে বৃহত্তৰ টিফুক আৰু চেপন অঞ্চলৰ মূল পথেৰে ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। আবেলি অনুষ্ঠিত হোৱা ধৰ্মীয় আলোচনা সভা আৰু বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠানত চেপন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ বৰগোহাঁই, প্ৰাক্তন উপায়ুক্ত সোণাৰাম খনিকৰ, নাজিৰাৰ শ্ৰী শ্ৰী চলিহাবাৰেঘৰ সত্ৰৰ সত্ৰাধিকাৰ অৰুণ মহন্তই অংশগ্ৰহণ কৰে। সন্ধিয়া ৩১৭ গচি বন্তি প্ৰজ্বলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীৰ সামৰণি মৰা হয়।