Logo
image

গুৱাহাটীলৈ আহিব শ্বাহৰুখ খান

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা, ১১ মাৰ্চঃ  অহা ৪ মাৰ্চত গুৱাহাটীত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল] ৰ মেচখনলৈ যিসকল ভি ভি আই পিক আমন্ত্ৰণ জনোৱা হৈছে তাৰভিতৰত অন্যতম হ’ল বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান৷ ৰাজস্থান ৰয়েলছ দলৰ পৰা এই আমন্ত্ৰণ দিয়া হৈছে৷ ইফালে, আৰ আৰৰ আমন্ত্ৰণ ৰক্ষা কৰি বাদশ্বাহ শ্বাহৰুখ খানে গুৱাহাটীলৈ অহাৰ ইচ্চাও প্ৰকাশ কৰিছে৷ উল্লেখ্য যে শ্বাহৰুখ খান কে কে আৰ দলৰ অন্যতম স্বত্বাধিকাৰী৷ অসমক দ্বিতীয় ঘৰ হিচাপে লোৱা ৰাজস্থান ৰয়েলছে আসন্ন আই পি এলৰ ঘৰুৱা মেচৰ আৰম্ভণি গুৱাহাটীৰ পৰাই কৰিব৷ আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰয়েলছে চ্ছ মাৰ্চত গুৱাহাটীত প্ৰথমখন ঘৰুৱা মেচত কে কে আৰৰ মুখামুখি হোৱাৰ বিপৰীতে ৩০ মাৰ্চত ছিজনৰ দ্বিতীয়খন খেল দলটোৱে এ চি এ ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব৷


গুৱাহাটীৰ দূয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷ অৱশ্যে আৰ আৰ দলে ইয়াৰপূৰ্বে হায়দৰাবাদত ছানৰাইজাৰ্ছৰ বিৰুদ্ধে ২৩ মাৰ্চত প্ৰথমখন মেচ খেলি নতুন ছীজনৰ অভিযান আৰম্ভ কৰিব৷ কিন্তু গুৱাহাটীত প্ৰথম ঘৰুৱা মেচ খেলাৰ বাবে আৰে আৰে কেবাগৰাকীও বিশেষ অতিথিক আমন্ত্ৰণ জনাইছে৷  ইফালে, কাইলৈৰ পৰা ৰাজস্থান ৰয়েলছৰ জয়পুৰত অন্তিম পৰ্যায়ৰ অনুশীলন শিবিৰ আৰম্ভ হ’ব৷ এই শিবিৰত দলটোৰ সকলো ক্ৰিকেটাৰে অংশ ল’ব৷ ইয়াৰপূৰ্বে গুৱাহাটীত হোৱা শিবিৰত দলৰ একাংশ ক্ৰিকেটাৰেহে ভাগ লৈছিল৷ ইফালে, আৰ আৰ দলৰ বিদেশী ক্ৰিকেটাৰ ৱেষ্ট ইণ্ডিজৰ ছিমৰণ হেটমিয়েৰ আহি জয়পুৰত উপস্থিত হৈছে৷ ভাৰতীয় ক্ৰিকেটাৰসকলো আজি নিশা উপস্থিত হোৱাৰ বিপৰীতে বিদেশী খেলুৱৈসকল কাইলৈ আহিব৷ উল্লেখ্য যে এইবাৰ অভিলেখসংখ্যক দৰ্শকে গুৱাহাটীৰ উভয় আই পি এল মেচ উপভোগ কৰিব৷ কাৰণ দূয়োখন মেচৰে অনলাইন টিকট দ্ৰুতগতিত দৰ্শকে ক্ৰয় কৰিছে৷ ৩০ মাৰ্চত হ’বলগা চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজৰ দ্বিতীয়খন আই পি এল মেচৰ টিকট এতিয়া সাত হেজাৰতকৈয়ো কম বিক্ৰি হ’বলৈ বাকী আছে৷ আনহাতে, অহা ৪ মাৰ্চত গুৱাহাটীত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ আই পি এল প্ৰথম মেচখনৰ টিকটো ইতিমধ্যে ৬০ শতাংশ বিক্ৰী হৈছে৷