
১৫গৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক ই-ৰিক্সা প্ৰদান BTRৰ ই.এম গৌতম দাসৰ
'আমাৰ অসম'ৰ বৰপেটাৰোডৰ প্ৰতিবেদকঃ বুধবাৰে বৰপেটাৰোডৰ সমীপৰ জাখলিপাৰত মঠনগুৰি সমষ্টিত BTR ৰ ১৫ গৰাকী বিশেষভাৱে সক্ষম ব্যক্তিলৈ ই-ৰিক্সা প্ৰদান কৰে BTRৰ ই.এম গৌতম দাসে। মানৱ সেৱা মিছন আঁচনিৰ অধীনত বৰপেটাৰোডৰ সমীপৰ জাখলিপাৰত মঠনগুৰি সমষ্টিৰ অন্তৰ্গত BTRৰ বিভিন্ন সক্ষম ব্যক্তিলৈ ই-ৰিক্সা প্ৰদান কৰা হয়। পৰৱৰ্তী সময়ত মানৱ সেৱা মিছনৰ অধীনত ৭০খন ই-ৰিক্সা বিতৰণ কৰা হ'ব বুলি জনায় BTRৰ ই.এম গৌতম দাসে। গোবৰ্ধনা আইচিডিএছ প্ৰকল্পৰ দ্বাৰা BTRৰ ই.এম গৌতম দাসে মহিলা আৰু শিশু উন্নয়ন বিভাগৰ পৰা এই ই-ৰিক্সা প্ৰদান কৰে।
ইয়াৰ উপৰিও তেওঁ জনায় যে যোৱা দুবছৰত ২৮০গৰাকী বিশেষভাৱে সক্ষম ব্যক্তিলৈ ই-ৰিক্সা প্ৰদান কৰাৰ লগতে ৩০০ বিশেষভাৱে সক্ষম ব্যক্তিলৈ ৫০হেজাৰ টকাৰ এককালীন সাহস্য প্ৰদান কৰা হয়। আনহাতে UDID প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত BTR চৰকাৰে যোৱা তিন বছৰত ১২হেজাৰ বিশেষভাৱে সক্ষম ব্যক্তিক এই প্ৰমাণ পত্ৰ প্ৰদান কৰা হৈছে। এইবেলি পুনৰ ৬হেজাৰ বিশেষভাৱে সক্ষম ব্যক্তিলৈ এই প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে ই.এম গৰাকীয়ে। এই UDID প্ৰমাণ পত্ৰৰ দ্বাৰা বিশেষভাৱে সক্ষম ব্যক্তিসকলে বিভিন্ন চৰকাৰী সুবিধা পাবলৈ সক্ষম হ'ব বুলিও জানিবলৈ দিয়ে ই.এম গৰাকীয়ে।