Logo
image

গড়চূকলৈ নাযাবা, টুইন টাৱাৰ নাচাবা...

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ মাৰ্চঃ  আন দিনাৰ দৰে আজিও সদনৰ বাহিৰে ভিতৰে দেখা গ’ল তেওঁলোক দুয়োজনকেই সপ্ৰতিভ আৰু আগ্ৰাসী ৰূপত– হয়, ক’বলৈ ওলাইছোঁ শাসক-বিৰোধী দুই নেতা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ কথা৷ আজি বিধানসভাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বাজেটৰ সন্দৰ্ভত উদাত্ত ভাষণ দি থকাৰ মাজতে অখিল গগৈয়ে টপকৰে  গড়চুক বেটকুছিৰ টুইট টাৱাৰটো কি হ’ল বুলি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে৷ অখিলৰ প্ৰশ্নত অলপো চিন্তা নকৰাকৈয়ে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়– টুইট টাৱাৰটো ৰিলিজ কৰি দিয়া৷ টুইট টাৱাৰ দেখুৱাবলৈ পাটোৱাৰী দাই আপোনাক লৈ যাব৷


অখিল গগৈয়ে কয়– ‘মই আপোনাৰ লগতহে যাম৷ তৰুণ গগৈয়ে বনোৱা বিল্ডিংটোকে আপুনি টুইন টাৱাৰ বুলি মিছা কথা কৈ ফুৰিছে৷’ ইয়াৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়– ‘আপোনাক মোৰ লগত নিলে মই ঘৰত গালি খাব লাগিব৷ ১,২০০ কোটি টকাৰ টুইন টাৱাৰৰ বিল্ডিঙৰ ময়ে আধাৰশিলা কৰিছোঁ, ময়ে শেষ কৰিম৷ তৰুণ গগৈয়ে কৰা কোনো কামত আমি হাত দিয়া নাই৷ তেওঁ মহান আত্মা, মহান জেগাতে থাকক৷’ উল্লেখ্য, আজি অখিল গগৈয়ে বাজেটখনক ভোট কিনাৰ বাজেট বুলি কটাক্ষ কৰে৷ মুখ্যমন্ত্ৰীয়ে এনেয়ে ফুলাম কথা কৈ আভুৱা ভাৰিছে বুলি অখিল গগৈয়ে কয়৷ ইয়াৰ প্ৰত্তু্যত্তৰত মুখ্যমন্ত্ৰীয়ে কয়– ’২৬ত ভোট কিনাৰ কোনো দৰকাৰ নাই৷ ৩২ত আমি আৰু দিম৷ অখিল গগৈয়ে মুখ্যমন্ত্ৰীয়ে অৰুণোদয় আঁচনিৰ নামত ভোটাৰক ব্লেকমেইল কৰা বুলিও অভিযোগ কৰে৷ গগৈৰ মতে কেৱল বিজেপি কৰিলেহে অৰুণোদয় দিয়ে৷ অখিল গগৈয়ে মুখ্যমন্ত্ৰীক উদ্দেশ্যি কয় যে কালি আপুনি কৈছে– শিৱসাগৰত অৰুণোদয় নিদিলে মোক বানপানীয়ে উটাই নিব৷ মই আজি আপোনাক কৈছোঁ সাহস আছে যদি অৰুণোদয় বন্ধ কৰি ২০২৬ৰ নিৰ্বাচন খেলক, আপোনাক উটাই নিব৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ চকীত বান্দৰ কেকোৰা লাগি থকা বুলি কটাক্ষ কৰে৷ বিধানসভাত মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতে এনেদৰে সৃষ্টি হয় অনেক কথাৰ কটাকটি৷