
সদনত কৌশলেৰে চৰকাৰৰ সন্মান বচালে দুই মন্ত্ৰীয়ে
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ মাৰ্চঃ বিধানসভা চলি থকাৰ সময়তে বিভাগীয় মন্ত্ৰী আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ অনুপস্থিতিৰ বাবে এটা চৰকাৰী প্ৰতিবেদন দাখিল কৰিবলৈ ঘোষণা কৰি বিমোৰত পৰিবলগীয়া হয় বিধানসভাৰ অধ্যক্ষ৷ এনে নাভূত নাশ্ৰুত ঘটনাৰ সাক্ষী হৈ ৰয় অসম বিধানসভাৰ ১২৬জন বিধায়ক৷ মঙলবাৰে বিধানসভাৰ বাজেট অধিৱেশনৰ শূন্যকালীন ঘণ্টাৰ সামৰণিৰ পাছত নিৰ্ধাৰিত সূচী অনুসৰি বিধানসভাৰ অধ্যক্ষই ঘোষণা কৰে অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন৷ তাৰ পাছতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে ঘোষণা কৰে ‘দি আসাম ইনফৰমেছন কমিশ্বনৰ ২০২৩-২৪ বৰ্ষৰ’ বাবে বাৰ্ষিক প্ৰতিবেদন৷ নিৰ্ধাৰিত সূচী অনুসৰি এই প্ৰতিবেদন দাখিল কৰিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ সেই সময়ত সদনত উপস্থিত নাছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ মুখ্যমন্ত্ৰী বা আন মন্ত্ৰী সদনত উপস্থিত নাথাকিলে উত্তৰ দিয়াৰ বা প্ৰতিবেদন দাখিল কৰাৰ দায়িত্ব সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰীৰ৷ সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও সেই সময়ত অনুপস্থিত আছিল৷
অধ্যক্ষই বাৰে বাৰে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰি থাকে৷ এই পৰিস্থিতি দেখি বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয়–অধ্যক্ষই ডাঙৰীয়া, সদনৰ কাম কেনেকৈ চলিব? উত্তৰ দিবলৈ মুখ্যমন্ত্ৰীও নাই, মন্ত্ৰীও নাই৷ বিধায়ক অখিল গগৈয়ে কয়–অধ্যক্ষ ডাঙৰীয়া, বিভাগীয় মন্ত্ৰী বা চৰকাৰক ভৎৰ্সনা কৰিব লাগে৷ হাউচ ইজ নট অৰ্ডাৰ৷ মন্ত্ৰীয়ে কাক দায়িত্ব দিছে স্পষ্ট কৰিব লাগে৷ এনে পৰিস্থিতিত কাৰ্যতঃ চৰকাৰ বিমোৰত পৰাৰ সময়ত মন্ত্ৰী প্ৰশান্ত ফুকন আৰু ৰঞ্জিত দাসে তৎপৰ হৈ দায়িত্ব চম্ভালি লয়৷ চৰকাৰৰ সন্মান বচাই মন্ত্ৰী প্ৰশান্ত ফুকনে সদনক জনায় যে মন্ত্ৰীয়ে আমাৰ সতীৰ্থক কতৃৰ্ত্ব দি গৈছে৷ তাৰ লগে লগে মন্ত্ৰী ৰঞ্জিত দাসে সদনত প্ৰতিবেদন দাখিল কৰে৷ অৱশ্যে তাৰ কিছু সময়ৰ পাছতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সদনত উপস্থিত হয় আৰু পৰৱৰ্তী কাৰ্যসূচী চলাই নিয়ে৷