
নিউজীলেণ্ডৰ নেতৃত্বত ব্ৰেচৱেল
ৱেলিংটন, ১১ মাৰ্চঃ চেম্পিয়নছ ট্ৰফী সমাপ্ত হোৱাৰ পাছত নিউজীলেণ্ডে পাকিস্তানৰ বিৰুদ্ধে পাঁচখন খেলৰ টুৱেণ্টী২০ শৃংখলাত ভাগ ল’ব৷ শৃংখলাটো ১৬ মাৰ্চৰ পৰা হ’ব নিউজীলেণ্ডত৷ আই পি এললৈ মাজতে কেইটামান দিন বাকী থকা অৱস্থাত অধিনায়ক মিচেল ছেণ্টনাৰৰ লগতে নিউজীলেণ্ডৰ কেইবাজনো নিয়মিত সদস্যক শৃংখলাটোত দেখা নাযাব৷ ছেণ্টনাৰৰ অনুপস্থিতিত পাকিস্তানৰ বিৰুদ্ধে হ’বলগীয়া শৃংখলাটোত নিউজীলেণ্ডক নেতৃত্ব দিব মাইকেল ব্ৰেচৱেলে৷ আই পি এলৰ দলত থকাৰ বাবে ছেণ্টনাৰৰ লগতে শৃংখলাটোত নাথাকিব ডেভ’ন কনৱে’, লকী ফাগুৰ্ছন, গ্লেন ফিলিপছ আৰু ৰাচীন ৰবীন্দ্ৰ৷
নিউজীলেণ্ডৰ টি২০ দলটোঃ মাইকেল ব্ৰেচৱেল (অধিনায়ক), ফিন এলেন, মাৰ্ক চেপমেন, জেক’ব ডাফি, জেক ফ’কছ (চতুৰ্থ আৰু পঞ্চমখন খেলৰ বাবে), মিচ হে’, মেট হেনৰী (চতুৰ্থ আৰু পঞ্চমখন খেলৰ বাবে), কাইল জেমিছন (প্ৰথম তিনিখন খেলৰ বাবে), ডেৰিল মিচেল, জেমছ নীচাম, উইল অ’ৰুৰকে (প্ৰথম তিনিখন খেলৰ বাবে), টীম ৰবিনছন, বেন ছিয়াৰ্ছ, টীম ছিফাৰ্ট আৰু ইছ সোধি৷