Logo
image

কামৰূপা কুকুৰাৰ উৎপাদন বৃদ্ধিৰ উদ্দেশ্যৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত 'পথাৰ দিৱস'

'আমাৰ অসম'ৰ ওদালগুৰিৰ প্ৰতিবেদকঃ ওদালগুৰিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত মঙ্গলবাৰে ওদালগুৰি জিলাৰ কাপুৰপুৰা গাঁৱত 'পথাৰ দিৱস' পালন কৰা হয়। পথাৰ দিৱস কাৰ্য্যসূচীৰ জৰিয়তে অসম কৃষি বিশ্ববিদ্যালয়ে ২০১৬ চনত উদ্ভাৱন কৰা উন্নত প্ৰজাতিৰ 'কামৰূপা' কুকুৰা পালনৰ বাবে অঞ্চলটোৰ ৰাইজক উৎসাহ যোগোৱাৰ লগতে কামৰূপা কুকুৰা পালনৰ লাভালাভ সন্দৰ্ভত সজাগতা সৃষ্টি কৰে।


অনুষ্ঠানত ওদালগুৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডাঃ প্ৰদীপ ৰাজবংশীয়ে 'কামৰূপা' কুকুৰাৰ কণী আৰু মাংস উভয়ৰে বজাৰত চাহিদা আছে বুলি উল্লেখ কৰি কামৰূপা কুকুৰা পালনৰ জড়িয়তে অঞ্চলটোৰ কৃষক সকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে বুলি উল্লেখ কৰে। তেওঁ লগতে অঞ্চলটোৰ ৰাইজক কামৰূপা কুকুৰা পালনৰ প্ৰতি আকৰ্ষিত কৰিবলৈ গাঁও খনৰ ৪০টা পৰিয়ালক ওদালগুৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ৩০ টাকৈ কামৰূপা কুকুৰা প্ৰদান কৰা বুলি জানিবলৈ দিয়ে। এই অনুষ্ঠানত উপস্থিত থাকে অঞ্চলটোৰ অৰ্ধশতাধিক কৃষক।