
পাঠশালাত চাৰিদিনীয়া কাৰ্যসূচীৰে দৌল মহোৎসৱৰ আয়োজন
'আমাৰ অসম'ৰ বজালীৰ প্ৰতিবেদক, ১১ মাৰ্চঃ পাঠশালা বজাৰ কমিটিৰ উদ্যোগত বিগত বছৰবোৰৰ দৰে এইবেলিও চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্রীকৃষ্ণৰ দৌল মহোৎসৱ উদযাপনৰ আয়োজন কৰা হৈছে৷ অহা ১৩, ১৪, ১৫ আৰু ১৬ মাৰ্চত পাঠশালা হৰিমন্দিৰ প্রাঙ্গনত অনুষ্ঠিত হ'বলগা মহোৎসৱৰ কাৰ্যসূচী অনুসৰি ১৩ মাৰ্চৰ পুৱা ৯.৩০ বজাত পাঠশালা বজাৰ কমিটিৰ পতাকা উত্তোলন কৰিব পাঠশালা বজাৰ কমিটি সভাপতি গিৰিধৰ চৌধুৰীয়, ১০ বজাত স্মৃতি তর্পণ অনুষ্ঠানৰ শুভাৰম্ভ কৰিব উপ-সভাপতি লাৱণ্য পাটগিৰিয়ে৷ ১০.৩০ বজাত স্বচ্ছতা অভিযান চলোৱা হ'ব৷ সন্ধিয়া ৬ বজাত বন্তি প্রজ্জ্বলন কৰিব জ্যেষ্ঠ নাগৰিক ডাঃ ৰজনীকান্ত ডেকাই৷ ৬.৩০ বজাত দৌলৰ অধিবাসৰ পিছতে ৭ বজাত গোঁসাই প্রতিষ্ঠা কৰা হ'ব৷ আনহাতে ৭.৩০ বজাত হোলীগীত আৰু নাম পৰিৱেশন কৰা হব৷ নিশা পাঠশালা চেম্বাৰ্চ অৱ কমাৰ্চৰ সভাপতি মদন ৰয়ৰ দ্বাৰা দৌল উৎসৱৰ মেজি প্রজ্জ্বলনেৰে প্ৰথম দিনৰ কাৰ্যসূচীৰ সামৰণি পৰিব৷
১৪ মাৰ্চৰ পুৱা ৯ বজাত পূজা-অর্চনা আৰম্ভ হ'ব আৰু এই অনুষ্ঠানত হোম বৰণ কৰিব লাবণ্য পাটগিৰিয়ে৷ দিনৰ ১২.৩০ বজাত সম্বৰ্দ্ধনা অনুষ্ঠান আৰু আবেলি ৪ বজাত ওজাপালি প্ৰদৰ্শন কৰা হ'ব৷ সন্ধিয়া ৬ বজাত বন্তি প্রজ্জ্বলন কৰিব জ্যেষ্ঠ নাগৰিক প্ৰফুল্ল কাকতিয়ে৷ ১৫ মাৰ্চৰ পুৱা ১০.৩০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা উদ্বোধন কৰিব পাঠশালা বজাৰ কমিটিৰ প্ৰাক্তন সম্পাদক গিৰিশ পাটগিৰিয়ে৷ আবেলি ওজাপালি প্ৰদৰ্শনৰ পিছতে সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন কৰিব জ্যেষ্ঠ নাগৰিক গণেশ শৰ্মাই৷ ৭ বজাত গোপালকৃষ্ণ মহিলা বীৰ নাম দলৰ দ্বাৰা হোলীগীত আৰু মহিলাৰ বীৰ নাম পৰিৱেশন অনুষ্ঠান উদ্বোধন কৰিব পাঠশালা বজাৰ কমিটিৰ প্ৰাক্তন সম্পাদক অম্লানজ্যোতি শৰ্মাই৷ আনহাতে ১৬ মাৰ্চত অন্তিম দিনৰ কাৰ্যসূচীত দিনৰ ১ বজাৰ পৰা শুৱেৰি উৎসৱত দৌলৰ গোঁসাইক লৈ পাঠশালা বজাৰৰ চাৰিওটা ৱাৰ্ড পৰিভ্ৰমণ কৰা হ'ব৷ আবেলি ৪ বজাত বাঁহ ভঙা উৎসৱৰ পিছতে ৫ বজাত পাঠশালা বজাৰ কমিটিৰ পতাকা অৱনমন কৰা হ'ব৷