Logo
image

২০৪৭ চনত অসমে দেশক নেতৃত্ব দিব

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ মাৰ্চঃ দেশৰ ২৮ খন ৰাজ্যৰ ভিতৰত অসমে নিজকে এক পৰিচয় দিবলৈ সক্ষম হৈছে৷ এতিয়া ‘এ’ ফ’ৰ আপেন নহয়, ‘এ’ ফ’ৰ আছাম হ’বলৈ আগবাঢ়িছে৷ ২০৪৭ চনত অসমে নেতৃত্ব দিব দেশক৷ এই ভাষ্য বিত্তমন্ত্ৰী অজন্তা নেওগৰ৷ বুধবাৰে অসম বিধানসভাৰ বাজেট অধিৱেশনত বাজেট ভাষণ সন্দৰ্ভত উত্তৰ দিবলৈ গৈ মন্ত্ৰীগৰাকীয়ে আৰু কয়– অসমক সামগ্ৰীকভাৱে, অৰ্থনৈতিকভাৱে আৰু সামাজিকভাৱে কেনেকৈ আগুৱাই নিব পাৰোঁ আমি তাৰ বাবে চিন্তা-চৰ্চা কৰি আছোঁ৷ যিসকলে ৰাজ্যবাসীৰ অনুভূতি বুজিবলৈ চেষ্টা নকৰে তেওঁলোকে বাজেটখনক সমালোচনা কৰিছে৷ ইমানদিনে অৱহেলিত হৈ আহিছে চাহ-জনগোষ্ঠীৰ লোকসকল৷ আজি সেই চাহজনগোষ্ঠীৰ লোকৰ কাষত ঠিয় হৈছে চৰকাৰ৷ ইয়াৰ অংশস্বৰূপে চাহ খেতিয়কৰ ২০০ বছৰীয়া বৰ্ষপ্ৰতি উপলক্ষে ঝুমুৰ নৃত্যক জগতসভালৈ লৈ যোৱাৰ প্ৰয়াস কৰা হৈছে৷ বিৰোধীয়ে ৰাজহ ব্যয় বৃদ্ধি হোৱা বুলি কৈ আছে৷ ৰাজহ ব্যয় হৈছে চিকিৎসাৰ ক্ষেত্ৰত, ছাত্ৰ-ছাত্ৰীক সাহায্য দিয়াৰ ক্ষেত্ৰত বাজেট ব্যয় বৰ্তমানৰ চৰকাৰে ৬৩ শতাংশৰ পৰা ৮৬ শতাংশলৈ কৰিবলৈ সক্ষম হৈছে৷ অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ ঘৰত সূৰ্যোদয় হৈছে৷ স্ত্ৰীশক্তিৰ প্ৰতি চৰকাৰ দায়বদ্ধ হ’বই লাগিব৷ সেই দায়বদ্ধতাৰ কথা অনুধাৱন কৰি অৰুণোদয় আঁচনিৰ বাবে পাঁচ হাজাৰ কোটি টকা আবণ্টন দিব পাৰিছোঁ৷ আমি বিচাৰিছোঁ উন্নয়নশীল আৰু বিকশিত অসম৷ চৰকাৰে আজিৰ তাৰিখত যিমান ঋণ ল’ব পাৰে তাতকৈ বহু কম ঋণ লৈছে সৰ্বভাৰতীয় পৰ্যায়ত ঋণ গ্ৰহণ কৰা ৰাজ্য সমূহৰ ভিতৰত ১৯ সংখ্যক স্থানত আছে৷ গতিকে বিৰোধীয়ে  ঋণৰ নামত লাও চিকুতি বুঢ়া কৰিব নালাগে৷ অসম ডেষ্টিনেছন হাব হ’বলৈ গৈ আছে৷ অসমত সূৰ্য উদয় হ’বই৷


বিৰোধীয়ে বাজেটখনৰ সমালোচনা কৰিবলৈ বহু কথা কৈছে৷ বাজেট ডেট্‌জিডিপি অনুপাত অনুসৰি প্ৰস্তুত কৰা হৈছে৷ এফ আৰ বি এম আইন অনুসৰি বাজেট প্ৰস্তুত কৰা হৈছে৷ বিত্তমন্ত্ৰী অজন্তা নেওগৰ উত্তৰৰ মাজতে বিধায়ক অখিল গগৈয়ে কয়– বাইদেউ ফিচকেল ডেফিনচিট সন্দৰ্ভত একো কথা কোৱা নাই৷ সেই কথাটো স্পষ্ট কৰক৷ চিপিআইএম বিধায়ক মনোৰঞ্জন তালুকদাৰ, ইউ ডি এফ বিধায়ক আমিনুল ইছলামেও কয়– বাজেট প্ৰস্তুত কৰাত এফ আৰ বি এম আইন উলংঘা কৰা হৈছে৷ মন্ত্ৰী অজন্তা নেওগে পুনৰ কয় যে চৰকাৰে এফ আৰ বি এম আইন অনুসৰিয়েই বাজেট প্ৰস্তুত কৰিছে৷ বিধায়ক অখিল গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, চিপিআইএম বিধায়ক মনোৰঞ্জন তালুকদাৰৰ বিভিন্ন বাক্যবানৰ পাছতো নিজৰ স্থিতিত অটল থাকি বিত্তমন্ত্ৰী অজন্তা নেওগে পুনৰ কয়– বাজেট বিতৰ্কত অংশগ্ৰহণ কৰা সকলোলৈ ধন্যবাদ জনাইছো৷ পাঁচখন বাজেট দাখিল কৰিবলৈ সুবিধা পাই মই ব্যক্তিগত ভাৱে ধন্য নহয়, এয়া নাৰী জাতিৰ বাবে সন্মান৷ অখিল গগৈ ডাঙৰীয়া, আপুনি বহু সৰু৷ নতুনকৈ সদনলৈ আহিছে৷ আপুনি বহু শিকিবলৈ লাগিব৷ নহয় জানো৷ মই আপোনাৰ জ্যেষ্ঠ ভগ্নী৷ তাতে আপুনি গোলাঘাটৰ জোৱাই৷ এক লাখ ৪৪ হাজাক কোটি টকা যোৱা বাজেটত আমি খৰচ কৰিবলৈ সক্ষম হৈছিলোঁ৷ প্ৰতিটো সময়ত আমি কাম কৰিছো৷ এইবাৰ আমি এক লাখ ৫৫ হাজাৰ টকাৰ বাজেট দিছো৷ মোক উত্তৰ দিবলৈ দিয়ক৷ মই চাৰি ঘণ্টা ধৈৰ্যৰে সৈতে সকলোৰে কথা শুনিলো৷ লাউ চিকুটি চিকুটি বুঢ়া কৰিব নালাগে৷ আপোনালোকে ঋণৰ কথা কৈ থাকে৷ অসম এতিয়া অগ্ৰগতিৰ দিশত আগবাঢ়িছে৷ অখিল গগৈয়ে মোক মেছেজ দি থাকে৷ ২০৪৭ চনত অসমে দেশক নেতৃত্ব দিব৷ আমি দেশৰ বেলেগ ৰাজ্যৰ সৈতে প্ৰতিযোগিতা কৰিব পাৰিছোঁ৷ দেশৰ ২৮খন ৰাজ্যৰ ভিতৰত আমি চিনাকি লাভ কৰিছোঁ৷ ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ অসমৰ গুণৰো নাই শেষ বুলি সেয়ে মই বাজেটত উল্লেখ কৰিছো৷ এখন আত্মনিৰ্ভৰশীল, সংস্কৃতিবান, শক্তিশালী অসম গঢ়াৰ বাবে এইখন বাজেট৷ এইবাৰ বাজেটত ধাৰ্য কৰা ধনৰ ৯০ শতাংশ ব্যৱহাৰৰ বাবে আমি প্ৰচেষ্টা লম৷