Logo
image

মুখ্যমন্ত্ৰীয়ে খাৰুপেটীয়াৰ পাচলি বিষাক্ত বুলি কৈছিল, সদনত বিপৰীত তথ্য কৃষিমন্ত্ৰীৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১২ মাৰ্চঃ এমুঠি সতেজ যেন লগা সৰিয়হ শাক, মাটিৰ তলৰ পৰা উভালি অনা কেইটামান গাজৰ বা মূলা, কেইটামান সেউজীয়া টিয়ঁহ– দেখাত আপাত নীৰিহ এই পাচলিকেইটাৰ প্ৰতি অসমৰ মানুহৰ মনত বিষ সুমুৱাই দিছিল স্বয়ং মুখ্যমন্ত্ৰীয়ে, তেওঁৰ সবল আৰু সদাপৰিচিত যুক্তিপূৰ্ণ ‘গেৰাণ্টেড’ বক্তব্যৰে৷ খাৰুপেটীয়াত উৎপাদিত সামগ্ৰীত অত্যধিক কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা হয়, অধিক পৰিমাণত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হয়৷ আনকি ‘ইঞ্জেকচন মাৰি’ খাৰুপেটীয়াৰ পাচলিৰ আকাৰ বৃদ্ধি কৰা হয়৷ খাৰুপেটীয়াৰ শাক-পাচলি খাই অসমৰ মানুহক মৰিবলৈ দিব নোৱাৰে বুলি মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা ঘোষণা কৰিছিল আৰু সেই বিহসদৃশ পাচলি নাখাবলৈ অসমবাসীক আহ৩ান জনাইছিল৷ মুখ্যমন্ত্ৰীৰ অমোঘ নিৰ্দেশত খাৰুপেটীয়াত শাক-পাচলিৰ উৎপাদন বন্ধ হৈ গৈছিল৷ অসমৰ গ্ৰাহকৰ মনত খাৰুপেটীয়াৰ পাচলিৰ প্ৰতি আতংক বিয়পি পৰিছিল, ঠিক ৰকেটৰ গতিত৷ জানি-শুনি কোনে বিহ খাব? তাতে মুখ্যমন্ত্ৰীয়ে কোৱা কথা৷ যোগান বিভাগৰ কোনো ৰুদ্ধদ্বাৰ বৈঠকত নহয়, বৰং টিভি কেমেৰাৰ সন্মুখত অতি বলিষ্ঠভাৱে মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰিছিল এই অভিযোগ৷ তেওঁৰ বক্তব্য অভিযোগসদৃশ নাছিল, বৰং প্ৰামাণ্য তথ্যৰ আধাৰত অপৰাধ নিশ্চিত হোৱাৰ পাছত কৰা ঘোষণাৰ দৰে আছিল সেই কথা৷ পাচলিত মিহলি বিহ সেৱনৰ আতংকত গ্ৰাহকে নিমিষতে পৰিত্যাগ কৰিছিল খাৰুপেটীয়াৰ শাক-পাচলি৷

অথচ তাৰ আগলৈকে অসমৰ গ্ৰাহকৰ বাবে, বিশেষকৈ মহানগৰীৰ বাসিন্দাৰ বাবে অতি লোভনীয় পণ্য আছিল খাৰুপেটীয়াৰ শাক-পাচলি৷ সেই দিশেৰে গুৱাহাটীলৈ অহা গাড়ী খাৰুপেটীয়াত ৰৈ যোৱাটো অলিখিত নিয়ম হৈ পৰিছিল, চাহ-চিংৰা খোৱাৰ বাবে নহয়, পথৰ কাষৰ পৰাই খাৰুপেটীয়াৰ পাচলি কেইটামান ঘৰলৈ লৈ অহাৰ হেঁপাহত৷ মহানগৰীৰ বজাৰতো খাৰুপেটীয়াৰ পাচলি ‘জনপ্ৰিয়’ আছিল৷ কিন্তু মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছত খাৰুপেটীয়াৰ পাচলি সকলোৰে বাবে অস্পৃশ্য হৈ পৰিল৷ উচন গ’ল খাৰুপেটীয়াৰ শাক-পাচলিৰ বজাৰ৷ জ্ঞাতসাৰে বিহ খোৱাতো জানো সম্ভৱ? কিন্তু হঠাতে ‘বিষহীন’ হৈ পৰিল খাৰুপেটীয়াৰ পাচলি৷ ‘বিষমুক্ত’ হ’ল স্বয়ং সদনত৷ ৰাজ্য বিধানসভাৰ অধিৱেশনত স্বয়ং কৃষিমন্ত্ৰী অতুল বৰাই জনালে খাৰুপেটীয়াৰ উৎপাদিত শস্যত কোনো বিহ নাই৷ সেই শাক-পাচলি সাধাৰণতে মানুহে খোৱাৰ বাবে উপযোগী৷ খাৰুপেটীয়াৰ পাচলি এইবাৰ সদনৰ ভিতৰত পুনৰ ‘জাতত’ উঠিল৷ কংগ্ৰেছ বিধায়ক ডাঃ আচিফ মহম্মদ নাজাবে সদনত উত্থাপন কৰিছিল খাৰুপেটীয়াত উৎপাদিত শস্যসমূহ খোৱাৰ উপযোগী হয়নে? খাৰুপেটীয়াৰ শস্য খালে ৰোগত ভূগিব পাৰে বুলি কোনো বিশেষজ্ঞই কৈছে বা প্ৰতিবেদন দিছে নেকি?


বিধায়কজনৰ প্ৰশ্নৰ লিখিত উত্তৰত কৃষিমন্ত্ৰী অতুল বৰাই জনাইছে– ‘খাৰুপেটীয়াত উৎপাদিত শস্য সাধাৰণতে মানুহৰ খোৱাৰ বাবে উপযোগী৷ ২০২৩-২৪ চনত দৰং জিলাৰ বিভিন্ন বিক্ৰেতাৰ পৰা (য’ত খাৰুপেটীয়াৰ বিক্ৰেতাও অন্তৰ্ভুক্ত আছিল) চাৰিটা নমুনা সংগ্ৰহ কৰা হৈছিল আৰু নমুনাবোৰৰ গুণাগুণ পৰীক্ষা কৰিবলৈ কেন্দ্ৰীয় কীটনাশক পৰীক্ষাগাৰ, ভাৰত চৰকাৰ, ফৰিদাবাদ, নতুন দিল্লীলৈ প্ৰেৰণ কৰা হৈছিল৷ ফলাফল অনুসৰি সেই নমুনাবোৰৰ গুণাগুণৰ মান সঠিক পোৱা গৈছিল৷ খাৰুপেটীয়াৰ শস্য খালে ৰোগত ভূগিব পাৰে বুলি এতিয়ালৈকে কোনো বিশেষজ্ঞই প্ৰতিবেদন দাখিল কৰা নাই৷’ সদনত খাৰুপেটীয়াৰ সামগ্ৰী হঠাৎ ‘জাতত’ উঠাত অনেকেই আশ্চৰ্য প্ৰকাশ কৰিছে৷ প্ৰশ্ন উঠিছে, কোনো ৰাজনৈতিক উদ্দেশ্যত অসমৰ গ্ৰাহকৰ মাজত খাৰুপেটীয়াৰ পাচলিক লৈ এক ‘নেৰেটিভ’ সৃষ্টিৰে বিষবাষ্প বিয়পাই দিয়া হৈছিল নেকি? কিয়নো চৰকাৰীভাৱে কৰি অনা পৰীক্ষাৰ অন্তত খাৰুপেটীয়াৰ পাচলি অভিযোগমুক্ত হৈছে৷ যদি খাৰুপেটীয়াৰ পাচলি বিষযুক্ত বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী নিশ্চিত নাছিল, তেন্তে তেওঁ কি উদ্দেশ্যত পৰীক্ষাৰ পূৰ্বেই খাৰুপেটীয়াৰ পাচলিত বিহ থকা বুলি ৰাজহুৱা মন্তব্য কৰিছিল? মুখ্যমন্ত্ৰীৰ সেই অমোঘ ঘোষণাৰ ফলশ্ৰুতিত কি হ’ল? কৃষিপ্ৰধান ৰাজ্য হিচাপে অসমৰ এটা বৃহৎ অঞ্চলৰ শাক-পাচলিৰ খেতি-বাতি নোহোৱা হৈ পৰিল৷ অথচ পৰম্পৰাগত ব্যৱসায় হিচাপে খাৰুপেটীয়াৰ শাক-পাচলিয়ে অসমৰ কৃষিপ্ৰধান অৰ্থনীতিলৈ যথেষ্ঠ বৰঙণি আগবঢ়াই আছিল৷

সেয়া মুখ্যমন্ত্ৰীৰ এক অসাৱধান বক্তব্যত হঠাতে নোহোৱা হৈ পৰিল৷ নে মুখ্যমন্ত্ৰীয়ে সেই অঞ্চলৰ শাক-পাচলিৰ বজাৰখন নিঃশেষ হৈ যোৱাটো নিজেই বিচাৰিছিল? কিয়নো খাৰুপেটীয়াৰ শাক-পাচলি উৎপাদনত সংখ্যালঘু সম্প্ৰদায় জড়িত বুলি সকলোৱে জানে৷ সংখ্যালঘু কৃষকে অসমৰ গ্ৰাহকক বিহযুক্ত শাক-পাচলি খুৱাই অপকাৰ কৰা বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ পাছত এটা নিশ্চিত ধাৰণা প্ৰতিষ্ঠিত হৈ পৰিছিল৷ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছত খাৰুপেটীয়াৰ শাক-পাচলিৰ বিক্ৰী বন্ধ হৈ যোৱাত অঞ্চলটোৰ কৃষকে শাক-পাচলি উৎপাদন কৰিবলৈ এৰি দিলে৷ আনকি বহুতেই নিজৰ মাটি-বাৰী বিক্ৰী কৰি আন ঠাইলৈ গৈ নিজকে অন্য জীৱিকাত নিয়োজিত কৰিবলৈ বাধ্য হ’ল৷ এতিয়া ৰাজ্য বিধানসভাৰ অধিৱেশনত খোদ সদনত খাৰুপেটীয়াৰ পাচলি ‘বিষমুক্ত’ হৈ পৰিলেও ৰাজ্যৰ কৃষিক্ষেত্ৰত যি ক্ষতিসাধন হ’ল সেয়া পূৰণ কৰাটো সম্ভৱ নহয়৷ কিয়নো সংখ্যালঘু সম্প্ৰদায়ে যিমান পৰিশ্ৰম কৰি কৃষিৰ পণ্য উৎপাদন কৰিব পাৰে অসমৰ থলুৱা বাসিন্দাই তেনেদৰে কোনো শস্য উৎপাদন কৰাৰ উদাহৰণ বিৰল৷ পথাৰ আৰু বজাৰ দখল কৰাৰ যি শ্ল'গান বিগত কেইবছৰমান ধৰি চলি আছে সেয়া এতিয়াও শ্ল'গানতে সীমাবদ্ধ হৈ আছে৷ সেয়ে হঠাতে খাৰুপেটীয়াৰ পাচলিত বিহ নাই বুলি ক’লেও পুনৰ পূৰ্বৰ দৰে সেই অঞ্চলৰ পৰা ৰাজ্যৰ গ্ৰাহকে সতেজ শাক-পাচলি কিনিবলৈ পোৱাৰ সম্ভাৱনা প্ৰায় নোহোৱা হৈ পৰিল৷