Logo
image

শ্ৰেণী সলনি হৈছে ৰাজ্যৰ ১৩ লাখ বিঘা কৃষিভূমিৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ মাৰ্চঃ  অসমৰ ৪৬টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কেৱল ১৭টাইহে লাভ উপাৰ্জন কৰি আছে৷ ২৯টা প্ৰতিষ্ঠানে দেউলীয়া৷ বিজেপি চৰকাৰৰ কাৰ্যকালত শ্ৰেণী সলনি হৈছে ৰাজ্যৰ ১৩ লাখ বিঘা কৃষিভূমি৷ এই তথ্য ৰাজহুৱা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল আয়োজন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কয়– ৪৬টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ ২৯টাই দেউলীয়া হোৱাৰ সময়ত বিত্তমন্ত্ৰী অজন্তা নেওগে কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিত্তীয় সক্ষমতা আছে৷ কংগ্ৰেছৰ দিনত অৰ্থাৎ ২০১৪-১৫ বৰ্ষত অসমৰ ঘৰুৱা উৎপাদনৰ হাৰ আছিল ১৭ শতাংশ৷ ২০২৪-২৫ বৰ্ষত ঘৰুৱা উৎপাদনৰ হাৰ হৈছে ১৩ শতাংশ৷ এতিয়া টুইন টাৱাৰৰ কথা কোনেও বিশ্বাস নকৰে বাবে মুখ্যমন্ত্ৰীয়ে কৃত্ৰিম উপগ্ৰহ উৎক্ষেপন কৰাৰ কথা কৈছে৷ অসমৰ গ্ৰাম্য অৰ্থনীতি কৃষিৰ ওপৰত নিৰ্ভৰশীল৷ হিমন্ত বিশ্ব শৰ্মাৰ বিকশিত অসমে এইবছৰ ধাৰ ল’ব ৩৬,১৮৫ কোটি টকা ধাৰ ল’ব৷


২০২৫-২৬ বৰ্ষত অসমৰ ধাৰৰ বোজা হ’ব ২ লাখ ৮ হাজাৰ কোটি টকা৷ বিকশিত অসমে ধাৰৰ সূদৰ বাবদ দিব লাগিব বছৰি ১১,৬৮৭ টকা৷ মুখ্যমন্ত্ৰী শৰ্মাই আত্মনিৰ্ভৰ অসমৰ কথা কয়৷ বাজেটত কৈছে আত্মনিৰ্ভৰ অসমৰ ৬৫ শতাংশ নগৰীয়া লোকৰ চাউল কিনিবলৈ পইচা নাই৷ ৮৪ শতাংশ গাঁৱলীয়া লোকৰ চাউল কিনিবলৈ টকা নাই৷ ৩.৫৩ কোটি লোকৰ ২.৪৫ কোটি লোকক বিনামূলীয়া চাউল যোগান ধৰিবলগীয়া হৈ আছে৷ কৃষি খণ্ডত পূৰ্বতকৈ ৭ শতাংশ পুঁজি কৰ্তন কৰা হৈছে৷ কৃষিখণ্ডৰ মুঠ ঘৰুৱা উৎপাদন কংগ্ৰেছৰ শাসনকালতকৈ কমি আহিছে৷ ইয়াৰ মূল কাৰণ– ২০১৫-১৬ চনত অসমৰ ২৪.৭৫ লাখ হেক্টৰ মাটিত ধানখেতি কৰা হৈছিল৷ ২০২২-২৩ বৰ্ষত অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত ধানখেতি কৰা হৈছে ২৩.৮ লাখ হেক্টৰ মাটিত৷ বিজেপি চৰকাৰৰ শাসনকালত ১৩ লাখ ৩৫ হাজাৰ বিঘা মাটি শ্ৰেণী পৰিৱৰ্তন কৰা হৈছে৷ অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ বিকশিত অসমত ১৩.৩৫ হাজাৰ বিঘা কৃষিভূমি হ্ৰাস পাইছে৷ তেনেহ’লে অসমৰ কৃষিখণ্ডৰ বিকাশ হ’ব কেনেকৈ?