
অসমৰ জনতা স্বত্বাধিকাৰী হ’ব লাগে নে হিতাধিকাৰী? - চৰকাৰক প্ৰশ্ন আছুৰ
‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১২ মাৰ্চঃ অসম বিধান সভাৰ মজিয়াৰ বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেট পৰ্যালোচনা কৰাৰ পাছত এই সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই৷ আছুৰ সভাপতিজনে কয়– ‘এই বাজেটখন ২০২৬ চনৰ নিৰ্বাচনক লক্ষ্য কৰি প্ৰস্তুত কৰা হৈছে৷ স্বাভাবিকতে এইখন নিৰ্বাচনমুখী বাজেট৷ এই বাজেটখন সদৌ অসম ছাত্ৰ সন্থাই দুটা দিশেৰে চাইছোঁ৷ এই বাজেটখনত অসম চুক্তিৰ ছয় নং দফা সন্দৰ্ভত কিছু তথ্য সন্নিৱিষ্ট কৰা হৈছে৷ অসম চুক্তি স্বাক্ষৰ হোৱা ৪০টা বছৰ পাৰ হ’ল– তাৰপাছত এটা দীঘলীয়া পৰিক্ৰমা৷ ‘কা’ আন্দোলনৰ ভৰপক সময়ছোৱাত অসমৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণ কৰিবলৈ এখন সমিতি গঠন কৰি দিয়া হ’ল৷ এই সমিতিয়ে প্ৰতিবেদন দাখিল কৰিলে৷ শেহতীয়াকৈ অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনত যি সমূহ বিষয় অসম চৰকাৰৰ আওতাত পৰে বা কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰৰ যৌথ আওতাত পৰে সেই ধৰণৰ বিষয় সন্দৰ্ভত আমাৰ আলোচনা আৰম্ভ হৈছে৷ সেই ধৰণেৰে ৬৭টা পৰামৰ্শৰে ৪০টা পৰামৰ্শ প্ৰত্যক্ষভাবে অসম চৰকাৰ অধীনস্থ, ১২টা যুটীয়াভাৱে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ, মুঠ ৫২ টা৷ এই ৫২টা পৰামৰ্শৰে ৩৮টা পৰামৰ্শৰে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম চৰকাৰে ঐক্যমতত উপনীত হৈ কৰ্মপন্থা প্ৰস্তুত কৰিবলৈ সক্ষম হৈছোঁ৷ এইবেলি বাজেটত সেই ৩৮টা পৰামৰ্শৰ বহু কেইটা পৰামৰ্শই স্থান লাভ কৰাটো আমি দেখিছোঁ৷ যিটো সদৌ অসম ছাত্ৰ সন্থাই ইতিবাচকভাবে গ্ৰহণ কৰিছোঁ৷ চুক্তি স্বাক্ষৰ হোৱা ৪০টা বছৰৰ পাছত অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত খুব পুংখানুপুঙ্খভাৱে আৰু পৰামৰ্শসমূহ বাজেট সন্নিবিষ্ট কৰা হৈছে, সেইটো সদৌ অসম ছাত্ৰ সন্থাই ইতিবাচক হিচাপে গ্ৰহণ কৰে৷ সেই দিশটোক বাদ দি যদি আমি সামগ্ৰিকভাৱে বাজেটখন চাবলৈ যাওঁ তেতিয়াহলে বাজেটখন চাই আমাৰ মনত অহা প্ৰশ্নটো এইটোৱেই যে অসম চৰকাৰৰ লক্ষ্য কি? অসম চৰকাৰে অসমৰ জনসাধাৰণক স্বত্বাধিকাৰী হিচাপে গঢ় দিব বিচাৰে নে অসম চৰকাৰে অসমৰ জনসাধাৰণক কেৱল হিতাধিকাৰী হিচাপে গঢ়ি তুলি নিৰ্বাচনী বৈতৰণী পাৰ হ’ব বিচাৰে৷ সেইকেইটা তথ্য আমাক দিব লাগিব৷ বহু কেইটা তথ্য তেওঁলোকে দিছে যি উদ্বেগজনক৷
আজি তেওঁলোকে কৈছে যে ৮৪ শতাংশ গ্ৰামাঞ্চলৰ লোকক খাদ্য যোগান ধৰিবলগীয়া হয়৷ নগৰ অঞ্চলত ৬০ শতাংশ লোকক খাদ্য যোগান ধৰা হয়৷ অৰ্থাৎ অসমৰ যদি ৮৪ শতাংশ গ্ৰামাঞ্চল এতিয়াও খাদ্য যোগানৰ বাবে চৰকাৰৰ ওপৰত নিৰ্ভৰশীল হৈ আছে৷ নগৰ অঞ্চলৰ ৬০ শতাংশ লোক যদি চৰকাৰৰ ওপৰত নিৰ্ভৰশীল হৈ আছে খাদ্যৰ কাৰণে তেতিয়া হলে ২০১৬ চনৰ পৰা বিজেপি চৰকাৰ অসমত চলি আছে, দৰিদ্ৰৰ সংখ্যা বাঢ়িছে নে কমিছে সেই প্ৰশ্নবোৰ বুনিয়াদী প্ৰশ্ন৷ সেই প্ৰশ্ন বোৰৰ উত্তৰ তেওঁলোকে দিব লাগিব৷ আনহাতে তেওঁলোকে কৈছে যে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ আঁচনিৰ অধীনত ২কোটি ৪৫ লাখ লোকক এইবাৰ সামৰি লোৱা হ’ব৷ অসমৰ মুঠ জনসংখ্যাৰ যদি ২ কোটি ৪৫ লাখ লোক প্ৰধানমন্ত্ৰী গৰীব কল্যাণ আঁচনিৰ অধীনত সোমাবলগীয়া হয় মানে ২ কোটি ৪৫ লাখ লোক অসমতে আছে তেতিয়া ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়ন কি হৈছে? ইফালে তেওঁলোকে কৈছে যে জি ডি পি বাঢ়ি গৈ আছে৷ তেতিয়া হলে দুখীয়া মানুহ দুখীয়া হৈ গৈ আছে আৰু ধনী মানুহ ধনী হৈ হৈ আছে নেকি? সেই প্ৰশ্নটো বুনিয়াদী প্ৰশ্ন৷ সেই প্ৰশ্নবোৰৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে দিব লাগিব৷ একে সময়ত নিবনুৱাৰ সংখ্যা হ্ৰাস হৈছে বুলি তেওঁলোকে এটা তথ্য দিছে যিটো আমি বিশ্বাস কৰিবলৈ টান পাইছোঁ৷ অসমৰ দৰে ৰাজ্য এখনত নিবনুৱাৰ সংখ্যা ২ শতাংশ হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে৷ চৰকাৰীখণ্ডত যোৱা চাৰিটা বছৰত একলাখ নিবনুৱাক চাকৰি দি তেওঁলোকে ঢাক-ধোল বজাই আছে৷ এতিয়া বুনিয়াদী আৰু এটা প্ৰশ্ন আছে যিখন অসমত কেৱল গুৱাহাটী বিশ্ববিদ্যালয়ে এটা বৰ্ষৰ ষাণ্মাসিক পৰীক্ষাত ৬৫হাজাৰৰ পৰা ৬৭ হাজাৰ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হয়৷ অৰ্থাৎ অসমৰ আটাইকেইখন কেইখন বিশ্ববিদ্যালয় মিলি এক লাখতকৈ অধিক নতুন গ্ৰেজুৱেটৰ সৃষ্টি কৰে৷ যিখন অসমত প্ৰতিবছৰে এক লাখতকৈ বেছি স্নাতক ডিগ্ৰী ধাৰিলোক সৃষ্টি হৈ আছে সেইখন অসমত চাৰি বছৰত একলাখ নিবনুৱাক চৰকাৰী সংস্থাপন দি কিধৰণে নিবনুৱাৰ সমস্যা হ্ৰাস পোৱা বুলি তেওঁলোকে ক’ব বিচাৰিছে সেই তথ্যটো আমি বুজি পোৱা নাই৷ তেওঁলোকে এতিয়া এটা তথ্য দাখিল কৰিছে যে পঞ্জীভূত নিবনুৱাৰ সংখ্যা ২২ লাখ মান হৈছে সেইখিনি সময়ত স্নাতক প্ৰতিবছৰে একলাখকৈ সৃষ্টি হৈ আছে৷
কেৱল পঞ্জীভূত নিবনুৱাৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি অসমৰ নিবনুৱাৰ সংখ্যা ক’বলৈ গ’ল আমি সঠিক উত্তৰটো নাপাম৷ কাৰণ সকলো নিবনুৱাই যে পঞ্জিভূত কৰিছে তেনেকুৱা নহয়৷ সকলোৱে পঞ্জীয়ন কৰা নাই৷ গতিকে অসমৰ দৰে এখন ৰাজ্যত নিবনুৱাৰ সংখ্যা দুই শতাংশ হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰীয়ে যি কথা ক’ব বিচাৰিছে বা বাজেটত যি কথা উল্লেখ আছে সেইকথাটো সম্পূৰ্ণ পতিয়ন যোগ্য নহয়৷ একে সময়তে এতিয়া চৰকাৰখনে ক’ব বিচাৰিছে যে ৩৭ লাখ মহিলাক এইবাৰ অৰুণোদয় আঁচনিৰ অধীনত সামৰি ল’ব৷ মুখ্যমন্ত্ৰীগৰাকীক কোনোবাই অৰুনোদয় সন্দৰ্ভত প্ৰশ্ন সুধিলে তেওঁ এনে এটা পৰিৱেশৰ সৃষ্টি কৰে যে প্ৰশ্নকৰ্তাজনে বা অৰুণোদয়কলৈ আঙুলি উঠোৱা জনে মহিলাই পইচা পোৱাটোত বেয়া পাই আছে৷ প্ৰশ্ন সেইটো নহয়৷ মহিলাক ১২৫০ টকা কিয় ১২,৫০০ টকা দিয়ক সেইটোত আমাৰ ক’বলগীয়া নাই৷ কিন্তু হাতে হাতে এটা কাম দিয়ক৷ কাম নিদিয়াকৈ পইচা দিয়াৰ সংস্কৃতি গঢ়ি ভোট লাভ কৰিব পাৰিব কিন্তু অসমৰ অৰ্থনৈতিক কাঠামো সেইটো শক্তিশালী হ’ব নে দুৰ্বল হ’ব সেইটো চিন্তা কৰিব লাগিব কাৰণ এখন ৰাজ্যৰ যদি লাখ লাখ পৰিয়ালে মাহে ১২৫০ টকা পাবৰ কাৰণে চৰকাৰৰ ওপৰত নিৰ্ভৰশীল হয় তেতিয়াহ’লে সেইখন ৰাজ্যৰ অৰ্থনৈতিক উন্নয়ন হোৱা বুলি ক’ব পৰা নাযায়৷ গতিকে কাম দিয়ক কামৰ বিনিময়ত পইচা দিয়ক৷ কেৱল ভোটৰ অংক কৰি থাকি লাভ নাই৷ ১২৫০ টকা কিয় অসমৰ প্ৰতিখন ঘৰৰ মহিলাই ১২৫০০ টকা উপাৰ্জন কৰিব পৰা হওক৷ উপাৰ্জন কৰিব পৰাকৈ তেওঁলোকক একো একোটা কাম দিয়ক যাৰ জৰিয়তে ৰাজ্যখন অৰ্থনৈতিক শক্তিশালী হ’ব৷ গতিকে সেই বিষয়সমূহ তাত উল্লেখ কৰিব বিচাৰিছোঁ৷ সেইকাৰণে আমি এইবাৰৰ বাজেটখনক দুটা দিশেৰে চাইছোঁ৷ যুৱ প্ৰজন্মৰ সম্ভাৱনাময় যিবোৰ উদ্ভাৱন আছে বা যি সমূহ সম্ভাৱনাময় ব্যৱসায়িক চিন্তন আছে সেইসমূহক গতিশীলতা প্ৰদান কৰিবৰ বাবে তেওঁলোকক আৰ্থিক সাহায্য দিব লাগিব আৰু তাৰ কাৰণে আমি ষ্টাৰ্ট আপ ইনকুভেচনৰ কথা কৈছিলোঁ৷ এইবাৰ বাজেটত ষ্টাৰ্ট আপ ইনকুভেচনৰ বাবে ৬০ কোটি টকা ধাৰ্য কৰা হৈছে৷ আমি ক’ব বিচাৰিছোঁ যে ৬০ কোটি টকা অত্যন্ত কম হৈছে৷
লাখ লাখ নিবনুৱা থকা ৰাজ্য এখনত যদি নতুন প্ৰজন্মক উদ্ভাৱনী চিন্তাৰে আগবঢ়াই আনিবলৈ, সম্ভাৱনাময় ব্যৱসায়িক চিন্তাৰ সৈতে আগবাঢ়ি আনিবলৈ পৰ্যাপ্ত পুঁজিৰ যোগান ধৰিব লাগিব, পৰিকল্পিতভাবে আগবাঢ়িব লাগিব৷ একে সময়তে আশাকৰ্মী, ৰান্ধনীসকল, অংগনৱাড়ী কৰ্মীসকলৰ মজুৰি বৃদ্ধি কৰিব লাগে বুলি এটা দীঘলীয়া সময়ৰ পৰা দাবী আছে৷ মজুৰি বৃদ্ধি কৰিম বুলি কৈছে কিন্তু কিমান বৃদ্ধি কৰা হ’ব সেই সম্পৰ্কত কোনো ধৰণৰ কথা উল্লেখ নাই৷ হিতাধিকাৰী সৃষ্টি কৰা আঁচনিৰ বাবে তেওঁলোকে প্ত হাজাৰ কোটি টকাৰ প্ৰস্তাব আগবঢ়াব পাৰিছে কিন্তু দৈনিক মজুৰি কৰি দেশৰ অৰ্থনীতিত অৱদান আগবঢ়াই আছে সেৱা আগবঢ়াই আছে সেইসকলৰ মজুৰি কিমান বৃদ্ধি কৰা হ’ব সেই সন্দৰ্ভত তেওঁলোকে কোনো স্পষ্ট পৰিকল্পনা তেওঁলোকে দাঙি ধৰিব পৰা নাই সেইটো দুৰ্ভাগ্যজনক৷ শৈক্ষিক দিশটোত কোনো ধৰণৰ আশানুৰূপ প্ৰতিশ্ৰুতি আমি দেখিবলৈ পোৱা নাই৷ প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈ শিক্ষাৰ সমস্যা অধিক৷ কাৰিকৰী, অকাৰিকৰী সকলো দিশতে সমস্যা অধিক৷ প্ৰাথমিক বিদ্যালয় এজনীয়া শিক্ষকৰ সৈতে চলি আছে৷ ২০২৩ চনতে ৫৫০০ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ কাৰণে তেওঁলোকে আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলে৷ আজিলৈকে নিযুক্তি হোৱা নাই৷ পুনৰ ৪৫০০ পদৰ বাবে তেওঁলোকে বিজ্ঞাপন কৰিছে৷ অৰ্থাৎ অভাৰলেপিং হ’ব৷ সেই ৫৫০০ পদত আবেদন কৰি থোৱা সকলে পুনৰ ৪৫০০পদত আবেদন কৰিব৷ সেই সমস্যাসমূহৰ পৰিত্ৰাণৰ উপায় আমি দেখিবলৈ পোৱা নাই৷ পলিটেকনিকৰ শিক্ষকসকলে বহুদিনৰ পৰা আন্দোলন কৰি আছে৷ তেওঁলোকৰ সমস্যা সমাধানৰ বাবে তাত কোনো ধৰণৰ বিস্তৃত উল্লেখ আমি দেখা নাই৷ শৈক্ষিক সমস্যা সমাধানৰ ক্ষেত্ৰতো এই বাজেটখনে আমাক আশানুৰূপ পতিয়ন যোৱাব পৰা নাই৷ সেইকাৰণে কৈছো এই বাজেটখন মূলত নিৰ্বাচনমুখী বাজেট৷ এই বাজেটখনৰ মূল কথাটো হৈছে যে অসমৰ মানুহক হিতাধিকাৰী হিচাপে গঢ়িব বিচাৰাটো৷ এই বাজেটখনে অসমৰ মানুহক হিতাধিকাৰী হিচাপে গঢ়িব বিচাৰে নে স্বত্বাধিকাৰী হিচাপে গঢ়ি ল’ব বিচাৰে সেই সিদ্ধান্ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ল’ব লাগিব৷’