
বাৰিষা সমাগত, নাও লৈ সাজু দৰঙৰ বানাক্ৰান্ত বগাচলাবাসী
'আমাৰ অসম'ৰ পশ্চিম দৰঙৰ প্ৰতিবেদকঃ বাৰিষা সমাগত, বানাক্ৰান্ত অঞ্চল সমূহত ক্ৰমাৎ বৃদ্ধি পাইছে উদ্বিগ্নতা। দৰঙৰ বগাচলাবাসীয়ে বানপানীকে ধৰি প্ৰাকৃতিক দুৰ্যোগৰ সৈতে সহৱস্থান কৰিবলৈ একপ্ৰকাৰ সাজু হৈ উঠিছে। বানপানীৰ সময়ত দুৰ্গত লোকক সহায় আৰু উদ্ধাৰৰ বাবে প্ৰশিক্ষিত হৈ উঠিছে গাওঁ খনৰ ২৫ জনীয়া এটা দ'ল। বেচৰকাৰী সংস্থা 'বস্কো ৰিচ্ছ আউট'-এ দুৰ্যোগ প্ৰশমনৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰিছে বানাক্ৰান্ত বগাচলাকে ধৰি দুনী আৰু চেঙেলীয়াঝাৰ পঞ্চায়তৰ কেবাখনো গাঁৱত। অসম চিভিল ডিফেন্সৰ অধীনত প্ৰশিক্ষণ প্ৰদান কৰিছে ২৫ জনীয়া উদ্ধাকাৰী দলটোক। বেচৰকাৰী সংস্থা 'বস্কো ৰিচ্ছ আউট'-এ মঙলবাৰে প্ৰশিক্ষিত উদ্ধাৰকাৰী দ'লটোক আনুষ্ঠানিক ভাৱে প্ৰদান কৰে এখন কাঠৰ নাও, ২০ টা লাইভ জেকেট, লাইভ বয় ৮ টা, অগ্নি প্ৰতিৰোধৰ দুখন ব্লেংকেট,গম্বু বুট ২০ জোৰ, টৰ্চ লাইট, টেন্ট এটা, চাইৰেন দুটা, ৰেইন কোট ১০ টাকে ধৰি বিভিন্ন উদ্ধাৰ সামগ্ৰী প্ৰদান কৰে।
উল্লেখ্য, সামগ্ৰী প্ৰদান অনুষ্ঠানত বস্কো ৰিচ্ছ আউটৰ সহকাৰী সঞ্চালক চি জে জৰ্জ, দৰং জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়া জগদীশ ভট্টাচাৰ্য্যকে ধৰি কেইবাজনো বিষয়ববীয়াই অংশগ্ৰহণ কৰে। সাংবাদিক কমল কুমাৰ নাথ আৰু নৱজ্যোতি ডেকাই আঁত ধৰা অনুষ্ঠানটোত স্থানীয় কেইবাটাও সংস্থা-সংগঠনৰ প্ৰতিনিধিৰ লগতে শতাধিক ৰাইজে অংশগ্ৰহণ কৰে। উল্লেখ্য, প্ৰতিবছৰে বগাচলাকে ধৰি পাৰ্শ্বৱৰ্তী কেইবাখনো ঠাই দিমীলা নদীৰ বাঢ়নী পানীয়ে জুৰুলা কৰি আহিছে। ভাঙি পেলাইছে কৃষি অৰ্থনীতি। তাৰোপৰি অপৰিকল্পিত পথ নিৰ্মাণ, কৃষি ভূমিত অবাধ হাৰত গঢ়ি উঠা ইটাৰ ভাটা,পানী যোৱা প্ৰাকৃতিক পথবোৰ বন্ধ হৈ পৰাৰ বাবে কোনো দিনে পানী উঠি নোপোৱা ঠাইবোৰত সৃষ্টি হয় বানপানী। যাৰবাবে বানত বিপৰ্য্যস্ত হয় জনজীৱন। স্বাভাৱিকতে বেচৰকাৰী সংস্থাৰ এইখিনি সহায়ে বানাক্ৰান্ত ৰাইজক যথেষ্ট সকাহ প্ৰদান কৰিব বুলি আশাবাদী বগাচলাবাসী।