
আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ পদ্মেশ্বৰ ডেকাৰ দেহাৱসান
'আমাৰ অসম'ৰ মৰিগাঁৱৰ প্ৰতিবেদকঃ আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ মৰিগাঁৱৰ গৌৰৱ পদ্মেশ্বৰ ডেকাৰ শুকুৰবাৰে বিয়লি জিলাখনৰ সাপমাৰীৰ নিজ বাসগৃহত পৰলোক-প্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। প্ৰথিতযশা ফুটবল খেলুৱৈ গৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে জন্মস্থান সাপমাৰী অঞ্চলৰ লগতে জিলাখনত গভীৰ শোকৰ ছাঁ পৰে। পদ্মেশ্বৰ ডেকাই ১৯৪৫ চনত মৰিগাঁও জিলাৰ সাপমাৰীত জন্ম গ্ৰহণ কৰিছিল। প্ৰয়াত ডেকাই ১৯৬৫ চনত পুলিচৰ চাকৰিত যোগদান কৰি ১৯৬৭, ১৯৭০ আৰু ১৯৭১ চনত ৰাষ্ট্ৰীয় পৰ্যায়ত সন্তোষ ট্ৰফী খেলি কৃতিত্ব অৰ্জন কৰিছিল। তেওঁ ১৯৬৮ চনত গুৱাহাটীত ব্ৰহ্মদেশৰ বিৰুদ্ধে আৰু ১৯৭০ চনত জাৰ্মানৰ বিৰুদ্ধে খেলিবলৈ ভাৰতীয় দলত স্থান পাইছিল। ১৯৬৬ চনৰ পৰা ১৯৯২ চনলৈ তেওঁ অসম পুলিচৰ হৈ ফুটবল খেলি বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল। বৰদলৈ ট্ৰফীত কেইবাবাৰো অসম পুলিচ দলৰ হৈ ফুটবল প্ৰতিযোগিতাত অংশ লৈছিল।
পৰৱৰ্তী সময়ত তেওঁ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। শুকুৰবাৰে বিয়লি ডেকাৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকেই মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জিতু বৰদলৈৰ নেতৃত্বত সন্থাৰ এদল বিষয়ববীয়াই তেওঁৰ বাসগৃহত উপস্থিত হৈ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ এগৰাকী কন্যা আৰু এগৰাকী পুত্ৰ সন্তান ইহসংসাৰত এৰি থৈ যায়। পদ্মেশ্বৰ ডেকাৰ মৃত্যুত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, প্ৰাক্তন বিধায়ক হৰেন্দ্ৰ বৰা, মুনীন মহন্ত, তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, মৰিগাঁও জিলা ক্ৰীড়া সন্থা, বিশিষ্ট ক্ৰীড়া সংগঠনক জয়ন্ত কুমাৰ ডেকা, চিলাৰায় কোঁৱৰ, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি অজিত শৰ্মা, মৰিগাঁও জিলা কাবাডী সন্থাৰ সভাপতি ৰমেন নাথ, সম্পাদক ৰমেশ চন্দ্ৰ কাকতি প্ৰমুখ্যে বহু দল সংগঠন আৰু বিভিন্নজন ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।