Logo
image

পদ্মশ্ৰী লীল বাহাদুৰ ছেত্ৰীৰ মৃত্যুত শোক প্ৰকাশ নেপালী সাহিত্য সভাৰ

'আমাৰ অসম'ৰ নগাঁৱৰ প্ৰতিবেদক, ১৫ মাৰ্চঃ সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট নেপালী সাহিত্যিক লীল বাহাদুৰ ছেত্ৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম নেপালী সাহিত্য সভাই। নেপালী সাহিত্যৰ যশস্বী লেখক লীল বাহাদুৰ ছেত্ৰীৰ যোৱা ১৩ মাৰ্চৰ নিশা গুৱাহাটীৰ নিজ বাস ভৱনত মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৩ বছৰ। গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ কলেজৰ অৰ্থনীতি বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰা ছেত্ৰীয়ে ২০২০ চনত ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰিছিল। ইয়াৰ পূৰ্বে ‘ব্ৰহ্মপুত্ৰকো ছেওছাও’ নামৰ নেপালী ভাষাৰ উপন্যাসৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। উত্তৰ-পূৰ্বাঞ্চলৰ পৰা নেপালী সাহিত্যত অকাডেমী বঁটা লাভ কৰা ছেত্ৰী আছিল প্ৰথম ব্যক্তি।


মাত্ৰ ২৪ বছৰ বয়সতে তেওঁ ৰচনা কৰা ‘বচাই' নামৰ বহুচৰ্চিত, বহুপঠিত গ্ৰন্থখন বিশ্বৰ বিভিন্ন ভাষালৈ অনুবাদ হৈছিল। এইখন গ্ৰন্থৰ আধাৰত নিৰ্মিত বোলছবি অস্কাৰ বঁটাৰ বাবেও মনোনীত হৈছিল। ছেত্ৰীয়ে ৰচনা কৰা ভালে সংখ্যক উপন্যাস, নাটক, গল্প, প্ৰৱন্ধ, সমালোচনা আদিৰ বাবে দেশ-বিদেশৰ পৰা অনেক সন্মান লাভ কৰিছিল। ভাৰতীয় নেপালী সাহিত্যৰ এক বটবৃক্ষ স্বৰূপ ছেত্ৰীৰ প্ৰয়াণত অসম নেপালী সাহিত্য সভাৰ সভাপতি ড° চিন্তা মণি শৰ্মা আৰু প্ৰধান সম্পাদক তিলক শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। দুয়োজনে এক শোকবাৰ্তাত কয়, নেপালী সাহিত্যৰ পুৰোধা লীল বাহাদুৰ ছেত্ৰীৰ মৃত্যু নেপালী সাহিত্যৰ বাবে বৃহৎ ক্ষতি। নেপালী সাহিত্যই এক সম্পদ হেৰুৱালে।