Logo
image

কলাক্ষেত্ৰত সম্পূর্ণ মহিলাৰ দ্বাৰা 'গান্ধাৰী' মঞ্চস্থ

'আমাৰ অসম'ৰ মহানগৰ সংবাদ, ১৫ মাৰ্চঃ গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ সমাজৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত "ওম সাই গণেশ প্ৰদাকশ্বন"ৰ উদ্যোগত ১৩ মাৰ্চত মহাকাব্য মহাভাৰতৰ শক্তিশালী নাৰী চৰিত্ৰ গান্ধাৰীক কেন্দ্র কৰি "গান্ধাৰী" নামেৰে এখনি ভাওনা মঞ্চস্থ হয়। সম্পূর্ণ মহিলাৰ দ্বাৰা প্ৰদৰ্শিত হোৱা ভাওনা খনৰ সামগ্রীক পৰিকল্পনা তথা লিপি বিশিষ্টা শিল্পী আৰু "ওম সাই গণেশ প্ৰদাকশ্বন"ৰ প্ৰতিস্থাপক তথা বৰ্তমানৰ সভাপতি পলী কোঁচৰ। ভাওনা খনৰ পৰিচালনা সত্ৰীয়া সংস্কৃতিৰ সাধক মাজুলীৰ পল্লৱ জ্যোতি বৰুৱাৰ আৰু তেওঁৰ সংগীবৃন্দৰ। এই ভাওনা খনি "ওম সাই গণেশ প্ৰদাকশ্বন"ৰ দশম নিবেদন। ভাওনা খন মঞ্চস্থৰ পূৰ্বে "ওম সাই গণেশ প্ৰদাকশ্বন"ৰ উপদেষ্টা তথা বিশিষ্ট লেখক নয়নজ্যোতি ভট্টাচাৰ্য্যই নাটখনি প্ৰতিস্থা কৰে।  ইয়াৰ পিছত বন্তি প্ৰজ্জ্বলনৰে অনুষ্ঠানৰ উদ্বোধন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী, ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা তথা ভাৰতীয় জনতা পার্টিৰ ৰাজ্যিক সম্পাদক নীলিমা দেৱী। বন্তি প্ৰজ্জ্বলক হিচাপে উপস্থিত থাকে বিশিষ্টা শিল্পী পূৰ্ণিমা পাঠক শইকীয়া, বিশিষ্টা কথক নৃত্য শিল্পী মৰমী মেধি, সংগীত নাটক একাডেমী বঁটা প্ৰাপক বিশিষ্টা সত্ৰীয়া নৃত্য শিল্পী ৰঞ্জুমণি শইকীয়া, নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ কমিউনীতি মেডিচিন বিভাগৰ মূৰব্বী অধ্যাপক ডাঃ মৌচুমী কৃষ্ণাত্ৰেয় তথা সংগীত নাটক একাডেমী নতুন দিল্লীৰ অধীনৰ সত্ৰীয়া কেন্দ্র গুৱাহাটীৰ প্ৰকল্প সঞ্চালক আৰু বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী ডঃ প্ৰতিভা শৰ্মা। এওঁলোক সকলোকে পলী কোঁচে ফুলাম গামোচা, গঁড়ৰ প্ৰতিকী আৰু ফুলৰ থোপাৰে সম্বৰ্দ্ধনা জনায়।


উদ্বোধনী অনুষ্ঠানৰ পিছত "ওম সাই গণেশ প্ৰদাকশ্বন"ৰ স্মৰনিকা "পৰিক্ৰমা" এক অবিৰত যাত্ৰা উন্মোচন কৰে। উন্মোচনী পৰ্বত উপৰোক্ত প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে সংগীত নাটক একাডেমী বঁটা প্ৰাপক বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক ৰাজেন ৰাজখোৱা আৰু "ওম সাই গণেশ প্ৰদাকশ্বন"ৰ উপদেষ্টা তথা বিশিষ্ট লেখক নয়নজ্যোতি ভট্টাচার্য উপস্থিত থাকে। অনুষ্ঠানত সংগীত নাটক একাডেমী বঁটা প্ৰাপক বিশিষ্ট কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ আৰু সংগীত নাটক একাডেমীৰ ওস্তাদ বিসমিল্লাহ খাঁ বঁটা প্ৰাপক কথক নৃত্যাংগণা মেঘৰঞ্জণী মেধিলৈ বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। ইয়াৰ পিছত সত্ৰীয়া সংস্কৃতিৰ পূৰ্বৰঙ্গ গায়ন বায়নেৰে ভাওনাৰ পাতনি মেলা হয়। ভাওনা খনিৰ বিভিন্ন চৰিত্ৰ ৰূপায়ন কৰে ক্ৰমে সূত্ৰধাৰ- চিত্ৰলেখা গগৈ খাউণ্ড, কৃষ্ণ-পংখি মহন্ত, বলোৰাম-অঞ্জনা দাস, ধৃতৰাষ্ট্ৰ-কল্পনা মহন্ত, গান্ধাৰী-প্ৰতীক্ষা বুঢ়াগোহাঁই, শকুনি-জুনু ৰাজখোঁৱা, যুধিষ্ঠিৰ-সুকন্যা ফুকন, ভীম-জুৰি বৰা, অৰ্জুন-মনিকা বৰা, নকুল-অঞ্জুমণি বৰুৱা, সহদেৱ-বৰ্ণালি শৰ্মা, দ্ৰৌপদী-গায়ত্ৰী মূদৈ, দুৰ্যোধন-পলী কোঁচ, দুশাষন-বিনিতা শইকীয়া, কৰ্ণ-যুতিমালা শইকীয়া, শৈল্য-অপৰাজিতা দাউকা, সঞ্জয়-অঞ্জুমণি ভট্টাচার্য আৰু পদ্মা-ৰাজশ্ৰী বৰুৱা। দোহাৰ আগবঢ়ায় মাজুলীৰ পল্লৱ জ্যোতি বৰুৱা, প্ৰীতম ভূঞা, ওম প্ৰকাশ বৰা আৰু দিপু শইকীয়াই। সাজসজ্জা আৰু ৰূপসজ্জা যোৰহাটৰ যতীন চন্দ্র বৰাৰ। ভাওনা খনি মঞ্চস্থ হোৱাৰ পিছত প্ৰতিগৰাকী শিল্পী, কলাকুশলী, "ওম সাই গণেশ প্ৰদাকশ্বন"ৰ উপদেষ্টা মণ্ডলী তথা কৰ্মকৰ্তাৰ লগতে নগাঁৱৰ ভুবন বৰা, থুনু বৰা, তৰুণা শইকীয়া আৰু তেজপুৰৰ ৰাণু হাজৰিকাকো সম্বৰ্দ্ধনা জনেৱা হয়। অনুষ্ঠানটিৰ আৰম্ভণিৰ পৰা শেষলৈকে আঁত ধৰে পূর্বালী শৰ্মাই।