
ভাৰত-বাংলাদেশ সীমান্তৰ ৰামৰাইকুঠী সত্ৰত দৌলৎসৱ
'আমাৰ অসম'ৰ আগমনিৰ প্ৰতিবেদক, ১৫ মাৰ্চঃ ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ সত্ৰশালত শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰা ঐতিহ্যপূৰ্ণ ৰামৰাইকুঠী সত্ৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙৰ উৎসৱ দৌল উৎসৱ পালন কৰা হয়। শংকৰ গুৰুজনাৰ উপস্থিতিত এই স্থানতে ৰামৰায় আতাৰ জীয়ৰী আই ভুৱনেশ্বৰী আৰু মহাবীৰ চিলাৰায়ৰ বিয়া হৈছিল। সেই সময়তে গুৰুজনাই বন্তি জ্বলাই সত্ৰ স্থাপন কৰে। চাৰিশ বছৰ আগৰে পৰা সত্ৰত দৌল উৎসৱ পালন কৰি অহা হৈছে। দেশ বিভাজনৰ পূৰ্বে যথেষ্ট ধুমধামেৰে পালন কৰা হৈছিল। এই উপলক্ষে এমাহলৈকে মেলা চলিছিল। জানিব পৰা মতে, দৌল মেলা শেষ হোৱাত দোকান সমূহ বৰ্তমানৰ বাংলাদেশৰ ছিলঘাটৰ অষ্টমী মেলালৈ গৈছিল। কিন্তু দেশ বিভাজনৰ পাছত পৰিসৰ কমি অহাত মেলা কিছু পৰিমাণে ম্লান পৰে। তথাপিও নামনি অসমত বৰপেটাৰ দৌলৰ পিছতে সত্ৰশালৰ ৰামৰাইকুঠীৰ স্থান। বৃহস্পতিবাৰে ইয়াত গন্ধক উৎসৱ পালন কৰা হয়। সিদিনা পুৱা স্থানীয় যুৱক-যুৱতী সকলে সত্ৰৰ চৌহদৰ লগতে চাৰিহাটী পৰিস্কাৰ কৰি আটক ধুনীয়াকৈ সজাই তোলে। বিয়লি নাম প্ৰসঙ্গ কৰি গোসাঁইক কীৰ্ত্তন ঘৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰাই কীৰ্ত্তন ঘৰত স্থাপন কৰে।
ৰাতি সত্ৰৰ ভকত বাপু সকলে দৌল ঘৰৰ চাৰিওফালে চাৰিটা বৃহৎ আকাৰৰ বাঁহ থিয় কৰাই চন্দ্ৰতাপ স্থাপন কৰে। পিছদিনা ভৰদৌল উপলক্ষে পুৱাৰ গীত, আই সকলৰ নাম প্ৰসঙ্গ, বাপু সকলৰ নাম প্ৰসঙ্গ। দুপৰীয়া গায়ন বায়নে নাম প্ৰসঙ্গ কৰি গোসাঁইক দৌল ঘৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰাই দৌলত বহায়। গোটেই দিনটো নাম প্ৰসঙ্গ আৰু সন্ধিয়া থিয়নাম অনুষ্ঠিত হয়। শনিবাৰে দৌল সুঁৱেৰী পুৱাৰে পৰা ওৰেটো দিন নাম প্ৰসঙ্গ চলে। দুপৰীয়া গোসাঁইক বাহিৰ কৰা হয়। সকলো ভকত, আই মাতৃ সকলে গোসাঁইক ফাকুৱা দি সেৱা জনায়। পাঁচ বজাৰ পৰা দোলা নৃত্য আৰম্ভ হয়। বিভিন্ন অঞ্চলৰ পৰা শতাধিক দোলাই অংশ গ্ৰহণ কৰে। এই উপলক্ষে বৃহৎ মেলাৰ আয়োজন কৰা হয়। অসম পশ্চিমবংগৰ বিভিন্ন স্থানৰ পৰা হাজাৰ হাজাৰ লোকৰ সোঁত বয়। লোকে-লোকাৰণ্য হৈ পৰে সত্ৰশাল। মেলাৰ সামৰণিৰ পিছত কলীয়া গোসাঁই (গোপাল)ক গায়ন বায়নে দোলাত উঠাই সত্ৰৰ চাৰিহাটী লৈ যাত্ৰা কৰে। গোসাঁই ফূৰোৱা প্ৰায় তিনি দিন চলে। চাৰি হাটীৰ প্ৰতিটো ঘৰে ঘৰে গোসাঁইক লৈ ফূৰোৱা হয়। তিনিদিনীয়া অনুষ্ঠানত জিলা প্ৰশাসনেও যথেষ্ট সহযোগিতা আগবঢ়াই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে।