
ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনী ৰণডংকা
'আমাৰ অসম'ৰ বকোৰ প্ৰতিবেদক,১৫ মাৰ্চঃ অহা ২ এপ্ৰিলত অনুষ্ঠিত হ'বলগা ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ বাবে ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দল ও সংগঠনে নিজৰ নিজৰ সমৰ্থিত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পিচতে ক্ৰমাৎ উত্তপ্ত হৈ উঠিছে ইয়াৰ ৰাজনৈতিক প্ৰেক্ষাপট৷ এই পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰাৰ পিচতেই নিৰ্বাচনী ৰণডংকা বজাইছে ৰাজনৈতিক দল সমূহে৷ শনিবাৰে পৰিষদীয় নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা কামৰূপ জিলাৰ বকোত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ সমৰ্থিত ৫ গৰাকী প্ৰাৰ্থীয়ে নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে৷ উল্লেখ্য, পৰিষদীয় নিৰ্বাচনৰ বাবে বিশেষকৈ ৰাভা হাছং যৌথ সমিতিয়ে নিৰ্বাচনী ৰণডংকা বজাই সমিতিৰ সমৰ্থিত খলীহাকোঠ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী নগৰমল স্বৰ্গীয়াৰীয়ে কেইবাশতাধিক দলীয় কৰ্মী লগত লৈ বকো খণ্ড উন্নয়ন বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে৷
ইয়াৰোপৰি খলিহাকোঠ পৰিষদীয় সমষ্টিৰ কংগ্রেছ দলৰ প্ৰাৰ্থী ভোগলাল ৰাভাই বকো খণ্ড উন্নয়ন বিষয়াৰ ওচৰত সদলবলে নিজৰ মনোনয়ন দাখিল কৰে৷ ইফালে, ৰাভা হাছং যৌথ সমিতিৰ সমৰ্থিত ক্ৰমে হাঁহিম পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী সোণাৰাম ৰাভাই বকো খণ্ড উন্নয়ন বিষয়াৰ ওচৰত, জোঙাখুলী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী অৰ্জুন চেত্ৰীয়ে বকো খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ ওচৰত, উত্তৰ বনগাঁও পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী আদিত্য ৰাভাই বকো জলসিঞ্চন উপ সংমণ্ডল বিষয়াৰ কাৰ্যালয় আৰু জাৰিহাট পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী অশোক ৰাভাই বকো ৰাজহ চক্র বিষয়াৰ কাৰ্যালয়ত নিজৰ নিজৰ সমৰ্থকৰ সমদলেৰে মনোনয়ন পত্ৰ দাখিল কৰে৷ শনিবাৰে ভাৰতীয় জাতীয় কংগ্রেছ দলৰ লগতে কেইবাগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়েও নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে৷