Logo
image

আগন্তুক তিনি-চাৰিদিনলৈ বতৰ অপৰিবৰ্তনীয় হৈ থকাৰ সম্ভাৱনা

'আমাৰ অসম'ৰ মহানগৰৰ প্ৰতিবেদক, ১৫ মাৰ্চঃ পহিলা মাৰ্চত প্ৰাক মৌচুমী আৰম্ভ হোৱাৰ পাছত বহু পলমকৈ হ'লেও উত্তৰ-পূৰ্বাঞ্চলৰ আন কেইবাখনো ৰাজ্যৰ লগতে অসমতো বিগত চাৰিটা দিনত মাজে সময়ে হৈ থকা পাতলীয়া বৰষুণে ৰাজ্যত ধূলিজনিত পৰিস্থিতিৰ পৰা ৰাইজক বহু সকাহ দিছে। সমান্তৰালভাবে সকাহ দিছে গৰমৰ প্ৰকোপৰ পৰাও। যাৰ বাবে তাপমাত্ৰা স্বাভাবিকতকৈ বহু নিম্নগামী হোৱাত ওলোটাই যেন আবতৰীয়া শীতৰ মুখামুখি হ'বলগা হৈছে ৰাজ্যবাসী। আনকি উজনি আৰু উত্তৰ অসমৰ কেইবাখনো জিলাত বিগত ২৪ ঘণ্টাত ঠাই বিশেষে মজলীয়াৰ পৰা ধাৰাষাৰ বৰষুণ হোৱা বুলি জানিব পৰা গৈছে। ইফালে, বৰষুণৰ বাবে তাপমাত্ৰাৰ পৰিমাণ কমি যোৱাত শুকুৰবাৰৰ দিনটোত গুৱাহাটীৰ সৰ্বাধিক তাপমাত্ৰা আছিল ২৫.০ ডিগ্ৰী চেলচিয়াছ। যিটো স্বাভাবিকতকৈ প্ৰায় ৬ ডিগ্ৰী চেলচিয়াছ কম আছিল। অৱশ্যে শনিবাৰে বৰষুণ নোহোৱাত গুৱাহাটীৰ সৰ্বাধিক তাপমাত্ৰা হয় ২৮.৩ ডিগ্ৰী চেলচিয়াছ। যিটো স্বাভাৱিকতকৈ প্ৰায় ৩ ডিগ্ৰী চেলচিয়াছ বেছি আছিল। আনহাতে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই শনিবাৰে সদৰি কৰা অনুসৰি অসমৰ দাঁতিকাষৰীয়া ৰাজ্যত বুধবাৰৰ পৰা সৃষ্টি হোৱা বতৰৰ কেতবোৰ পৰিঘটনাৰ বাবে অসমৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে বেছিভাগ অঞ্চলতে কম-বেছি পৰিমাণে বৰষুণ হৈ আছে।


ইয়াৰ প্ৰভাৱত হিমালয়ৰ পাদদেশৰে পশ্চিমবংগৰ আৰু মেঘালয়ৰ আকাশৰে সাগৰ পৃষ্ঠৰ পৰা প্ৰায় তিনি কিলোমিটাৰ ওপৰেৰে জলীয় বাষ্পৰ সৈতে বতাহ বলি থকাত পুনৰ আগন্তুক তিনি-চাৰিদিন পৰ্যন্ত অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে বহু ঠাইত মাজে-সময়ে পাতলীয়া আৰু দুই-এঠাইত মধ্যমীয়া পৰিমাণৰ বৰষুণ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। কেন্দ্ৰই সদৰি কৰা অনুসৰি বিগত ৪৮ ঘণ্টাত অসমৰ বেছিভাগ ঠাইতে কম বেছি পৰিমাণে পাতলীয়া বৰষুণ হৈ আছে।  বৃহস্পতিবাৰে ৰাজ্যৰ নগৰ-চহৰ অঞ্চলৰ ভিতৰত মাজুলীত সৰ্বাধিক ৭ চেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে। একে সময়তে উত্তৰ অসম আৰু উজনি অসমৰ বেছিভাগ অঞ্চলতে ৪ ৰ পৰা ৬ চেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে। আনহাতে, বেছিভাগ ঠাইতে তাপমাত্ৰা স্বাভাবিকতকৈ ৩ ডিগ্ৰীৰ পৰা প্ৰায় ৬ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত কমি যোৱাত শীত নিবাৰণৰ বাবে পুনৰ ৰাইজে জেকেট, চুৱেটাৰ বা আন গৰম কাপোৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে শনিবাৰৰ দিনটোত উত্তৰ-পূবৰ স্কটলেণ্ড হিচাপে পৰিচিত শ্বিলং চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল ২৪.১ ডিগ্ৰী চেলচিয়াছ। ইয়াৰ বিপৰীতে ডিব্ৰুগড় চহৰৰ সৰ্বাধিক তাপমাত্ৰা ২১.২ ডিগ্ৰী চেলচিয়াছ, যোৰহাট আৰু উত্তৰ লখিমপুৰ চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল ২২.৪ ডিগ্ৰী চেলচিয়াছ। একেদৰে ধেমাজী, জোনাই, উমৰাংছু, হাফলং আদি চহৰৰ সৰ্বাধিক তাপমাত্ৰাও শ্বিলং চহৰৰ সৰ্বাধিক তাপমাত্ৰাতকৈ কিছু কম আছিল। অৱশ্যে বতৰ বিজ্ঞান কেন্দ্ৰই বতৰ ফৰকাল হ'লে তাপমাত্ৰা বৃদ্ধি হ'ব বুলি ব্যক্ত কৰিছে।