
লাচিত ৰাষ্ট্ৰীয় মহাবীৰঃ অমিত শ্বাহ
‘আমাৰ অসম’ৰ দেৰগাঁৱৰ প্ৰতিবেদক, ১৫ মাৰ্চঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দেৰগাঁৱত উন্নত প্ৰশিক্ষণ ব্যৱস্থা আৰু প্ৰযুক্তিৰ সমাহাৰেৰে অত্যাধুনিকভাৱে নিৰ্মাণ কৰা লাচিত বৰফুকন পুলিচ একাডেমীৰ শুভ উদ্বোধন কৰে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে এই পুলিচ একাডেমীৰ আৱাস নিৰ্মাণ প্ৰকল্পৰো শিলান্যাস কৰে৷ উল্লেখ্য যে, লাচিত বৰফুকন পুলিচ একাডেমীৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ১,০২৪ কোটি টকাৰ প্ৰকল্প গ্ৰহণ কৰিছে৷ সৰ্বমুঠ ১,০২২ বিঘা ভূমি সামৰি ৰূপায়ণ কৰা এই প্ৰকল্পৰ প্ৰথম পৰ্যায়ত স্মাৰ্ট শ্ৰেণীকোঠা থকা পাঁচ মহলীয়া ভৱন নিৰ্মাণ কৰা হৈছে৷ প্ৰায় ১৬৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা আৰু আজি উদ্বোধন কৰা এই ভৱনত অস্ত্ৰ ছিমুলেটৰ, পুথিভঁড়াল, কম্পিউটাৰ লেব, গৱেষণা লেব, আলোচনাচক্ৰ কক্ষ, প্ৰশাসনিক কাৰ্যালয় আদি সন্নিৱিষ্ট কৰা হৈছে৷ তদুপৰি এই প্ৰতিষ্ঠানখনৰ ইতিহাস ধৰি ৰাখিব পৰাকৈ এটা সংগ্ৰহালয়ৰ লগতে এখন আধুনিক পেৰেড গ্ৰাউণ্ডো নিৰ্মাণ কৰা হৈছে৷ এই প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ত একাডেমীৰ আৱাসগৃহ নিৰ্মাণৰ বাবে ধাৰ্য কৰা আনুমানিক পুঁজিৰ পৰিমান হৈছে ৪২৫ কোটি টকা৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শিলান্যাস কৰা এই প্ৰকল্পৰ অন্তৰ্গত ২৪০ টা পৰিয়ালৰ বাবে আৱাসিক কোৱাৰ্টাৰ, ৩১২ জন বিষয়া-কৰ্মীৰ বাবে আৱাসিক হোষ্টেল আৰু ২৬৪০ জন প্ৰশিক্ষাৰ্থীৰ বাবে আৱাসিক হোষ্টেল নিৰ্মাণ কৰা হ’ব৷ আৰক্ষী সঞ্চালক প্ৰধান হৰমিৎ সিঙে আদৰণি ভাষণ দিয়া সভাত ভাষণ দি গৃহমন্ত্ৰী অমিত শ্বাহে মহাবীৰ লাচিত বৰফুকনৰ নামত পুলিচ একাডেমীখন নামকৰণ কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰা বুলি মত ব্যক্ত কৰে৷ জণাকীৰ্ণ সভাত ভাষণৰ আৰম্ভণিতে তেওঁ মা কামাখ্যা, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু বীৰ লাচিত বৰফুকনৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে৷ তেওঁ কয় যে লাচিত বৰফুকন কেৱল অসমৰ বীৰ নাছিল বৰং প্ৰতাপী মোগলক পৰাভূত কৰা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহাবীৰ আছিল৷ বীৰ গৰাকীৰ চাৰিশবছৰীয়া জন্মজয়ন্তী সমগ্ৰ ৰাষ্ট্ৰতে উদযাপনৰ বাবে বিজেপি চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰি এক মহান দায়িত্ব পালন কৰিছে৷ তদুপৰি তেওঁৰ বীৰত্বক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে লাচিত বৰফুকনৰ জীৱনী গ্ৰন্থ হিন্দীকে ধৰি দেশৰ কেইবাটাও আঞ্চলিক ভাষালৈ অনুবাদ কৰি আজি বীৰগৰাকীক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে৷ এইক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাকো তেওঁ শলাগ লয়৷ লাচিত বৰফুকনৰ বীৰত্ব প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দায়িত্বহীনতাৰো তেওঁ সমালোচনা কৰে৷ কিন্তু বৰ্তমান চৰকাৰৰ প্ৰচেষ্টাত ভাৰতৰ বহুকেইখন ৰাজ্যৰ পাঠ্যক্ৰমত লাচিত বৰফুকনৰ বীৰত্বৰ কাহিনী সন্নিবিষ্ট হৈছে৷ অহা পাচবছৰত দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমী ভাৰতৰ প্ৰথম স্থানৰ একাডেমীলে উন্নীত হ’ব বুলি তেওঁ আশা ব্যক্ত কৰে৷ এটা সময়ত অসমৰ পুলিচে অন্য স্থানলৈ গৈ প্ৰশিক্ষণ গ্ৰহণ কৰিবলগা পৰিস্থিতিৰ বিপৰীতে বৰ্তমান ভাৰতৰ অন্য ৰাজ্যৰ আৰক্ষী প্ৰশিক্ষাৰ্থীসকলেও দেৰগাঁৱত প্ৰশিক্ষণ লবলৈ অহাটো ৰাজ্যখনৰ বাবে অতিকে গৌৰৱৰ কথা বুলি তেওঁ ব্যক্ত কৰে৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ লগতে অসমতো উন্নয়নৰ নতুন গতি ধাৰা আৰম্ভ হোৱা বুলি উল্লেখ কৰি এডভাণ্টেজ আসামৰ জৰিয়তে অসমলৈ দেশ বিদেশৰ বিনিয়োগকাৰীৰ সোঁতবলা, দীৰ্ঘদিন ধৰি অশান্ত জৰ্জৰ অসমত বৰ্তমান শান্তি প্ৰতিষ্ঠাৰে আলফা চুক্তি, বড়ো চুক্তি ৰূপায়ণ, কাৰ্বি চুক্তি, আদিবাসী শান্তি চুক্তি, অসমৰ সীমা সমস্যাকে ধৰি বিভিন্ন শান্তি চুক্তি সম্পন্ন কৰি ৰাজ্যখনত এক শান্তি আৰু উন্নয়নৰ বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হোৱা তেওঁ উল্লেখ কৰে৷ যি সময়ত সন্ত্ৰাসবাদৰ বাবে ৰাজ্য খনত বৃহৎ উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ কোনো আগবাঢ়ি অহা নাছিল তেনে অবস্থাৰ অবসান ঘটাই বৰ্তমান ২৭হেজাৰ কোটিটকা ব্যয় সাপেক্ষে ছেমি কণ্ডাক্টৰৰ বৃহৎ উদ্যোগৰ কাম এতিয়া চলি আছে৷ অসমৰ উন্নয়নৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰে বৃহৎ পৰিমাণৰ অনুদান আগবঢ়াই কেইবাখনো অভিলাষী আঁচনি ৰূপায়ণ কৰাৰ কথাও তেওঁ ভাষণত উল্লেখ কৰে৷ বৰ্তমান অসমলৈ শ্ৰমৰ সন্ধানত ৰাজ্যৰ বাহিৰৰ লোক সকল আহিব লগা এক পৰিৱেশ এতিয়া আহি পৰিছে বুলি তেওঁ কয়৷ ভাষণ প্ৰসংগত তেওঁ মাজুলী যোৰহাট সংযোগী দলঙৰ বাবে এইবছৰ বৃহৎ পৰিমাণৰ পূজি আবণ্টনৰ বিষয়টোও উল্লেখ কৰে৷ ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতিৰ উন্নয়নৰ বেলিকাও গৃহমন্ত্ৰী গৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ডঃ শৰ্মাক উচ্চ প্ৰশংসা কৰে৷
কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ভাষণৰ মাজতে কয় যে বিদ্যাৰ্থী পৰিষদৰ সদস্য হৈ থকা কালত তেওঁ অসমত ‘ইন্দিৰা গান্ধী খুনী’ বুলি শ্লোগান দি গুৱাহাটীত আৰক্ষীৰ লাঠীৰ কোব খাবলগা হৈছিল৷ তেতিয়া হিতেশ্বৰ শইকীয়া আছিল মুখ্যমন্ত্ৰী৷ কংগ্ৰেছৰ বিৰুদ্ধে আন্দোলন কৰাৰ বাবেই সাতদিন গুৱাহাটীৰ জে’লত শুকান ৰুটি খাবলগীয়া হৈছিল বুলিও তেওঁ কয়৷ জনসভাৰ আৰম্ভণিতে কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জল পৰিবহণ বিভাগৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ দিয়ে৷ তেওঁ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ মাগদৰ্শনত অসমৰ সামগ্ৰিক বিকাশৰ যাত্ৰা তৰাম্বিত হোৱাৰ কথা উল্লেখ কৰি দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমী আজিৰ পৰ্যায়ত উপনীত হোৱাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰো শলাগ লয়৷ লাচিত বৰফুকনৰ আদৰ্শৰে প্ৰতিগৰাকী আৰক্ষীক মাগদৰ্শন কৰাবলৈ আৰু দেশৰ শান্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰণত এই একাডেমীৰ প্ৰশিক্ষণ প্ৰাপ্ত আৰক্ষী সকলে আদৰ্শ দেখুৱাব বুলি তেওঁ আশা ব্যক্ত কৰে৷ অমিত শ্বাহক এগৰাকী সাহসী যোদ্ধা বুলি অভিহিত কৰি সোণোৱালে তেওঁ ৰাষ্ট্ৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যা সমাধানত গুৰুত্ব পূৰ্ণ ভূমিকা লোৱাৰ বাবে শলাগ লয়৷ উত্তৰ পূৱৰ সমস্যৰাজীৰ সমাধানৰ বাবেও গৃহমন্ত্ৰীয়ে আগবঢ়োৱা সহযোগিতাৰ কথা স্মৰণ কৰে৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰাজ্যখনৰ উন্নয়নৰ ধাৰা অধিক তৰাম্বিত কৰি ৰখাৰ লগতে সোণোৱালে তেওঁৰ মুখ্যমন্ত্ৰিত্বৰ কালছোৱাতে আধাৰশিলা স্থাপন কৰা লাচিত বৰফুকন পুলিচ একাডেমীক আজিৰ অৱস্থাত উপনীত কৰোৱাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক শলাগ জ্ঞাপন কৰে৷ এই একাডেমীত বিজ্ঞান প্ৰযুক্তিৰ সুপ্ৰয়োগ ঘটিব বুলি তেওঁ আশা ব্যক্ত কৰে৷ অমিত শ্বাহৰ ভাষণৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাষণ দি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ লাচিত বৰফুকন পুলিচ একাডেমী গঢ় লৈ উঠাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোৱা ভূমিকা তথা লাচিত বৰফুকনৰ দৰে এগৰাকী বীৰক ৰাষ্ট্ৰীয় স্তৰত প্ৰতিষ্ঠা কৰাত লোৱা ভূমিকাক তেওঁ শ্ৰদ্ধাৰে আদৰণি জনায়৷ লাচিত বৰফুকনৰ চাৰিশবছৰীয়া জন্মজয়ন্তী উদযাপন, পাঠ্যপুথিত লাচিতৰ বীৰত্বৰ কাহিনী সন্নিবিষ্ট কৰা, বিভিন্ন ভাষালৈ বীৰজনাৰ বীৰত্বৰ কাহিনী গ্ৰন্থাকাৰে প্ৰকাশ কৰা আদি বিষয়ো উল্লেখ কৰে৷ মুখ্যমন্ত্ৰী গৰাকীয়ে একাডেমীখন গৃহমন্ত্ৰী অমিত শ্বাহৰ যোগেদি উদ্বোধন কৰাবলৈ পাই ধন্য হোৱাৰ কথা কয় আৰু ৪২৫’৪৮কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা একাডেমীৰ আৱাসিক প্ৰকল্পৰ আধাৰশিলায়ো আজি গৃহমন্ত্ৰী গৰাকীয়ে স্থাপন কৰাত সন্তুষ্টি প্ৰকাশ কৰে৷ ভাষণ প্ৰসংগত তেওঁ কয়, লাচিত বৰফুকনৰ নামত অসমত পূৰ্বে এনে বৃহৎ প্ৰতিষ্ঠান গঢ় লৈ উঠা নাছিল৷ মহাবীৰ গৰাকীৰ জন্মৰ চাৰিশ বছৰ পাছত প্ৰথম বাৰৰ বাবে লাচিত বৰফুকনৰ নামত ৰাজ্য চৰকাৰে এনে এটা প্ৰতিষ্ঠান গঢ়ি তুলিবলৈ সক্ষম হৈছে৷ ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতি তথা শান্তি শৃংখলা পৰিস্থিতি দ্ৰুত উন্নয়নৰ তথ্যয়ো তেওঁ ভাষণত উল্লেখ কৰে৷ সভাত মুখ্যমন্ত্ৰীয়ে একাডেমীৰ চৌহদত এখন উন্নতমানৰ সৰুসজাইৰ দৰে ক্ৰীড়া প্ৰকল্প স্থাপন, এখন আৰক্ষী চিকিৎসা মহাবিদ্যালয় স্থাপনকে ধৰি এলানি উন্নয়ন মুলক আচঁনিৰ পৰিকল্পনাৰ কথাও সদৰি কৰে৷ এই প্ৰকল্পত ছুইমিং পুল, অত্যাধুনিক ষ্টেডিয়াম, দক্ষতা প্ৰশিক্ষণ কেন্দ্ৰ, এখন চি বি এছ চি বিদ্যালয়, নাৰ্চিং স্কুল স্থাপন কৰি গোলাঘাট তথা দেৰগাঁৱৰ স্থানীয় ৰাইজো ইয়াৰ দ্বাৰা উপকৃত হোৱাৰ ব্যৱস্থা কৰা হ’ব বুলি কয়৷ বৰ্তমান অসমত আন্দোলন বিবৰ্জিত আৰু সন্ত্ৰাস মুক্ত পৰিৱেশত উন্নয়নৰ এক অনিৰুদ্ধ যাত্ৰা আৰম্ভ হৈছে বুলি ব্যক্ত কৰে৷ আন্দোলন বিবৰ্জিত সাম্প্ৰতিক পৰিৱেশত এক নতুন দিনৰ সপোন দেখিবলৈ সক্ষম হোৱা বুলি কয়৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদ আৰু অমিত শ্বাহৰ প্ৰেৰণাত অসম আজি ভাৰতৰ এখন আগশাৰীৰ ৰাজ্যলৈ ৰূপান্তৰ হোৱাৰ পথত আগবাঢ়িবলৈ সক্ষম হোৱা বুলি কয়৷ আজি ফাকুৱা আৰু হলীৰ পবিত্ৰ দিনটোত আকৌ সংকল্পবদ্ধ হোৱাৰ আহ৩ান জনাই কয় যে আন্দোলন বিবৰ্জিত আৰু সন্ত্ৰাস মুক্ত পৰিৱেশত জননী জন্ম ভূমি অসমখনক আমি আৰু আগুৱাই লৈ গৈ থাকিম৷ বিশহেজাৰোধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাৰ আৰম্ভণিতে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীক মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এখন মুগাৰ ফুলাম গামোচা, এখন হেংদাং আৰু লাচিতৰ প্ৰতিকৃতিৰে আদৰণি জনায়৷ সভাত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগ, কৃষি আবকাৰী মন্ত্ৰী অতুল বৰা, ৰাজহ আৰু দুৰ্যোগ ব্যবস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা, শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী, ৰূপেশ্বৰ গোৱালা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী, মৃণাল শইকীয়া, বিশ্বজিৎ ফুকন, তৰংগ গগৈ, ৰূপজ্যোতি কুৰ্মী, ভাৰতৰ গৃহ সচিব গুবিন্দ মহন, বিজেপিৰ ৰাজ্যিক প্ৰভাৰী হৰিচ দ্বিবেদী, ইনটেলিজেঞ্চ বিঅৰ’সঞ্চালক তপন কুমাৰ ডেকা, অতিৰিক্ত মুখ্য সচিব অজয় তিয়াৰী, আৰক্ষী সঞ্চালক প্ৰধান হৰমিৎ সিং প্ৰমুখ্যে গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকে৷