Logo
image

বৰ্তমান আই চি চি মানে ইণ্ডিয়ান ক্ৰিকেট ব’ৰ্ড

ভাৰত চেম্পিয়নছ ট্ৰফীত চেম্পিয়ন  হ’ল৷ কিন্তু দলটোৱে আয়োজক পাকিস্তানলৈ গৈ টুৰ্নমেণ্টখন নেখেলিলে৷ ভাৰতৰ খেলকেইখন অনুষ্ঠিত কৰা হ’ল ডুবাইত৷ এই বিষয়টো লৈ যথেষ্ট সমালোচনা হৈছিল৷ এই সমালোচনাত নতুনকৈ যোগ হ’ল এণ্ডি ৰবাৰ্টছৰ নাম৷ ৱেষ্ট ইণ্ডিজৰ এই প্ৰাক্তন পেচ বলাৰজনে বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলক [আই চি চি] সমালোচনা কৰিবলৈ গৈ কটাক্ষ কৰিলে ভাৰতকো৷ ৰবাৰ্টছৰ অভিযোগ হৈছে যে বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থাটোৰ বৰ্তমান নিজস্ব একোৱেই নাই৷ সংস্থাটোৱে পুতলাৰ দৰেহে কাম কৰি আছে৷ তেওঁ কয়–‘ আই চি চি মানে এতিয়া ইণ্ডিয়ান ক্ৰিকেট ব’ৰ্ড৷ সকলোখিনি নিয়ন্ত্ৰণ কৰে ভাৰতেই৷ যদি ভাৰতে আই চি চিক কয় যে ক্ৰিকেটত ‘ন’বল’ আৰু ‘ৱাইড বল’ৰ কোনো প্ৰয়োজন নাই, তেন্তে ভাৰতৰ এই দাবী মানি লোৱাৰ বাবে  উপায় উলিয়াই ল’ব আই চি চিয়ে৷ এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰবাৰ্টৰ্ছে কয় যে কেতিয়াবা আই চি চিয়ে ভাৰতৰ দাবী প্ৰত্যাখ্যান কৰাৰো প্ৰয়োজন আছে৷ ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত টুৱেণ্টী২০ বিশ্বকাপতো ভাৰতক অনৈতিক সুবিধা দিয়া হৈছিল৷ ছেমিফাইনেলত উপনীত হ’লে খেল ক’ত হ’ব সেই কথা ভাৰতে পূৰ্বেই জানিছিল৷ চেিম্পিয়নছ ট্ৰফীতো ভাৰতে আটাইকেইখন খেল খেলিলে একেটা স্থানত৷ টুৰ্নামেণ্ট এখনত এটা দলে কেনেকৈ একেটা স্থানত খেলিব পাৰে বুলিও প্ৰাক্তন কেৰিবিয়ান ক্ৰিকেটাৰজনে প্ৰশ্ন কৰে৷ ৭৪ বছৰীয়া প্ৰাক্তন ক্ৰিকেটাৰজনে লগতে কয় যে তেওঁ আই চি চি আৰু বি চি চি আইৰ মাজত কোনো পাৰ্থক্য বিচাৰি পোৱা নাই৷


উল্লেখ্য, ৰবাৰ্টছৰ এই মন্তব্যৰ পূৰ্বে ইংলেণ্ডৰ কেইবাজনো প্ৰাক্তন ক্ৰিকেটাৰে চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দলক অনৈতিক সুবিধা দিয়া বুুুলি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলক সমালোচনা কৰিছিল৷ পাকিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰেও অনুৰূপ মন্তব্য কৰিছিল৷ এনে মন্তব্যৰ বিপৰীতে আন কেইবাজনো প্ৰাক্তন আৰু বৰ্তমানৰ ক্ৰিকেটাৰে অৱশ্যে চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দলক অনৈতিক সুবিধা দিয়া বুলি উত্থাপন হোৱা অভিযোগ ভিত্তিহীন বুলি অভিহিত কৰিছে৷ এই সন্দৰ্ভত তেওঁলোকৰ যুক্তি হৈছে যোগ্য দল হিচাপেই ভাৰতে চেম্পিয়ন ট্ৰফীৰ খিতাপ জয় কৰিছে৷ টুৰ্নামেণ্টখনৰ আৰম্ভণিৰ পৰাই প্ৰতিটো বিভাগতে দলটোৱে ভাল প্ৰদৰ্শন দেখুৱাইছে আৰু তাৰ ফলো পাইছে৷