Logo
image

অৱসৰৰ সম্ভাৱনা অস্বীকাৰ বিৰাট কোহলিৰ

বেংগালুৰু,  ১৫  মাৰ্চঃ  ভাৰতীয় দলৰ তাৰকা বেটাৰ বিৰাট কোহলিয়ে শনিবাৰে স্পষ্ট কৰি দিছে যে তেওঁ এতিয়াই অৱসৰৰ কোনো সিদ্ধান্ত লোৱা নাই৷ তেওঁৰ অৱসৰৰ বিষয়ে প্ৰচাৰিত হৈ থকা উৰা বাতৰি অস্বীকাৰ কৰি কোহলিয়ে কয় যে তেওঁ এতিয়াও ক্ৰিকেট উপভোগ কৰি আছে আৰু  তেওঁৰ মাজত থকা ‘প্ৰতিযোগিতামূলক মনোভাৱ’ সজীৱ হৈ আছে৷ শেহতীয়াকৈ ডুবাইত ভাৰতৰ চেম্পিয়নছ ট্ৰফী জয়ত কোহলিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ এক অনুষ্ঠানত কোহলিয়ে কয়–‘নাৰ্ভাছ নহ’ব৷


মই এতিয়াই একো ঘোষণা নকৰো৷ এতিয়া সকলো ঠিকে আছে৷ এতিয়াও মই খেল উপভোগ কৰি আছে৷’ কোহলিয়ে কয় যে তেওঁ এতিয়া মাইলৰ খুঁটিত উপনীত হোৱাৰ কথা ভাবি ক্ৰিকেট নেখেলে৷ সম্পূৰ্ণ আনন্দৰ বাবেহে তেওঁ ক্ৰিকেট খেলে৷ কোহলিয়ে আৰু কয়–‘আনন্দ, খেলৰ প্ৰতি থকা ভাল পোৱা, প্ৰতিযোগিতামূলক মনোভাৱৰ বাবেহে মই খেলো৷ সেয়া মনৰ মাজত থকালৈকে মই খেলি যাম৷ মই আজি কও যে মই কোনো কৃতিত্বৰ কথা ভাবি নেখেলো৷’ ৩৬ বৰ্ষীয় খেলুৱৈজনে কয় যে ব্যৰ্থতাৰ সৈতে যুঁজাৰ বাবে তেওঁ মানকিভাৱে অভ্যস্ত হৈ পৰিছে৷