Logo
image

শুকাই গৈছে ব্ৰহ্মপুত্ৰৰ বুকু

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ১৫ মাৰ্চঃ  ক্ৰমাৎ শুকাই গৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ৷  প্ৰবল খৰাঙৰ কবলত পৰা বৃহত্তৰ চন্দ্ৰপুৰ অঞ্চলত শেহতীয়াকৈ পানীৰ তীব্ৰ সংকটে দেখা দিছে৷ ফলত, এটুপি খোৱাপানী বিচাৰি হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত৷ পানী ক্ৰয় কৰি তৃষ্ণা নিবাৰণ কৰিব লগা হৈছে চন্দ্ৰপুৰবাসী৷ উল্লেখ্য যে শেহতীয়াকৈ নেতিবাচক বতৰৰ পৰিৱৰ্তনৰ ফলত ভালেমান দিনৰ পৰা তীৰ খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ চন্দ্ৰপুৰত৷ এই খৰাং পৰিস্থিতিৰ বাবে প্ৰায় দুমাহ ধৰি এটোপালো বৰষুণ হোৱা নাই চন্দ্ৰপুৰ অঞ্চলত৷ ফলত অঞ্চলটোত থকা পানীৰ উৎসসমূহ বিশেষকৈ কুঁৱা, নিজৰা, জান-জুৰি আদি সকলো শুকাই গৈছে৷ কেৱল সেয়াই নহয়, চন্দ্ৰপুৰৰ দাঁতিৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ আক কলং নৈ দুখনৰ জলপৃষ্ঠও অভাবনীয় হাৰত হ্ৰাস পাইছে৷


পৰিণতিত ক্ষুদ্ৰ উৎসসমূহত নাইকিয়া হৈ পৰিছে পানী৷ প্ৰাপ্ত তথ্য অনুসৰি, পশ্চিম মায়ং অঞ্চলৰ গোভালী, ঢেঁকীয়াবাৰী, হাতীবাগৰা, ঘোৰামাৰা, গোৱৰ্ধন আদি কৰি ১০ শতাংশ এলেকাৰ বাসিন্দা খোৱাপানীৰ সংকটত ভুগিছে৷ একেদৰে চন্দ্ৰপুৰৰ শিঙিমাৰী, অৰণ্যনগৰ, চন্দ্ৰপুৰ বাগিচা, আকাশী নগৰ, ঠাকুৰকুছি, ২নং চন্দ্ৰপুৰ, তাতিমাৰা আদি এলেকাতো দেখা দিছে পানীৰ তীৰ সংকটে৷ সমান্তৰালভাৱে পানীখাইতী, আমগাঁও, ৰাজাবাৰী, আৰু বোন্দাৰ প্ৰায় অঞ্চলত একেধৰণৰ সমস্যা হোৱা পৰিলক্ষিত হৈছে৷ পানীৰ অভাৱনীয় পৰিস্থিতিৰ ফলত সমগ্ৰ অঞ্চলটোত দৈনন্দিন কাম-কাজৰ ক্ষেত্ৰত যথেষ্ট সমস্যাই দেখা দিছে৷ আনহাতে, তাতিমাৰাত প্ৰায় ৩৫০ কোটিটকীয়া জলজীৱন মিছনৰ এটা বৃহৎ প্ৰকল্প নিৰ্মাণ কৰিছে সংশ্লিষ্ট বিভাগে৷ ৪২খন গাঁৱৰ ৰাইজক বিশুদ্ধ পানী যোগান ধৰিবলৈ নিৰ্মাণ কৰা আঁচনিখন ছমাহে সম্পূৰ্ণৰূপে বন্ধ হৈ আছে৷ পৰিণতিত পানীৰ সংকটে জনসধাৰণৰ জীৱন-যাপনত ভীষণ সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে৷