Logo
image

পলিটেক্‌নিক শিক্ষকৰ প্ৰতি বৈষম্য কিয়? গৌৰৱৰ প্ৰশ্ন

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ১৬  মাৰ্চঃ  স্থায়ী নিযুক্তিৰ দাবীত ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰা পলিটেকনিক প্ৰতিষ্ঠানৰ ৬৪জন প্ৰৱক্তাৰ কাষত থিয় দিছে কেন্দ্ৰৰ বিৰোধীৰ উপ দলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে৷ পলিটেকনিক প্ৰতিষ্ঠানৰ প্ৰৱক্তাৰ চাকৰি হেৰুওৱা প্ৰৱক্তা সকলৰ প্ৰতিবাদী কাৰ্যসূচীত  ভাগ লৈ কেন্দ্ৰৰ বিৰোধীৰ উপ দলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে সমৰ্থন আগবঢ়াই তেওঁলোকৰ মনোবল বৃদ্ধি কৰে৷ অসমৰ পলিটেকনিকসমূহত ২০১৬-১৭ চনৰ পৰা কৰ্মৰত এইসকল প্ৰৱক্তাক কামৰ পৰা অব্যাহতি দিয়াৰ পিছতো তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি চলাই থকা ধৰ্ণাত দেওবাৰে উপস্থিত হয় সাংসদ গৌৰৱ গগৈ৷ ধৰ্ণাথলীত প্ৰতিবাদকাৰী প্ৰৱক্তাসকলৰ সৈতে মত-বিনিময় কৰে সাংসদ গৌৰৱ গগৈয়ে৷ তেওঁলোকৰ শৈক্ষিক আৰু নিযুক্তি সম্পৰ্কীয় নথি-পত্ৰসমূহো পৰীক্ষা কৰে সাংসদগৰাকীয়ে৷ ইয়াৰ পিছতেই গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘তেওঁলোকৰ দাবী পূৰণ হোৱাটো বিচাৰো৷ চৰকাৰৰ ফালৰ পৰা কোনো বহল চিন্তা আজিলৈ মই দেখা পোৱা নাই৷ ছেমিকণ্ডাক্টৰ প্ৰকল্পত কাম কৰা কৰ্মীসকলক পলিটেকনিক শিক্ষকেই পঢ়ুৱায়৷ তেনেস্থলত এওঁলোকৰ প্ৰতি চৰকাৰৰ বৈষম্য কিয়? আজি অসমত বহিঃৰাজ্যৰ ছাত্ৰ-ছাত্ৰীয়েহে সংস্থাপনৰ সুযোগ লাভ কৰে৷’ অসমত চাকৰিৰ নি(য়তা কিয় নাই বুলিও প্ৰশ্ন কৰে গৌৰৱ গগৈয়ে৷ সাংসদগৰাকীয়ে লগতে কয়, ‘মুখ্যমন্ত্ৰীয়ে কেমেৰাৰ সন্মুখত কিয় ভুল তথ্য দি আছে তাৰ উত্তৰ বিচাৰো৷ হয়তো তেওঁক কোনোবাই ভুল তথ্য দিছে৷ মুখ্যমন্ত্ৰীয়ে এইসকল শিক্ষকৰ সমস্যাসমূহ মৰমেৰে সমাধান কৰক৷ সংঘাত কৰিব নালাগে৷ মুখ্যমন্ত্ৰীয়ে দক্ষতাৰ প্ৰমাণ দিয়ক৷ ইয়াক লৈ আমি কোনো ৰাজনীতি কৰিব বিচৰা নাই৷ এইসকল শিক্ষক ভালে থাকিলে পলিটেকনিক তথা অভিযান্ত্ৰিক বিষয়সমূহ সুকলমে চলি থাকিব’৷ প্ৰতিবাদকাৰী প্ৰৱক্তাসকলৰ নথিপত্ৰসমূহ কেমেৰাৰ সন্মুখত প্ৰদৰ্শন কৰি সেয়া ভুৱা নেকি বুলি প্ৰশ্ন কৰে গৌৰৱ গগৈয়ে৷ ‘এনেকুৱা পৰিৱেশৰ সৃষ্টি হ’লে কাৰিকৰী প্ৰতিষ্ঠান প্ৰতিষ্ঠাৰ দিশত অসম পিছ পৰি থাকিব৷ অসমৰ শিক্ষক সমাজে সন্মুখীন হোৱা সমস্যাৰ ওৰ পেলাওক চৰকাৰে৷’ গগৈয়ে কয়৷ উল্লেখ্য যে চাকৰিৰ পৰা অব্যাহতি দিয়া পলিটেকনিক প্ৰৱক্তাসকলে কেইবাদিনো ধৰি গুৱাহাটী মহানগৰীৰ চচলত প্ৰতিবাদ অব্যাহত ৰাখিছে৷ 


পলিটেকনিক প্ৰবক্তাৰ আন্দোলনৰ ২৮ দিন

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ১৬  মাৰ্চঃ  চাকৰিৰ পৰা অব্যাহতি দিয়াৰ পাছতো সদৌ অসম পলিটেকনিক প্ৰতিষ্ঠাপক প্ৰবক্তা সন্থাৰ নেতৃবৃন্দই আন্দোলন অব্যাহত ৰাখিছে৷ যোৱা ১৭ ফেব্ৰুৱাৰীৰ পৰা আন্দোলন কৰা সদৌ অসম পলিটেকনিক প্ৰতিষ্ঠাপক প্ৰবক্তা সন্থাৰ প্ৰতিবাদ আজি ২৮ দিনত ভৰি দিছে৷ স্থায়ী নিযুক্তিৰ দাবীত মহানগৰীৰ চচলস্থিত ধৰ্ণাস্থলীত সদৌ অসম পলিটেকনিক প্ৰতিষ্ঠাপক প্ৰবক্তা সন্থাই ধাৰাবাহিক ভাবে ধৰ্ণা অব্যাহত ৰাখিছে৷ উল্লেখ্য যে, ‘যি সময়ত আমি ব্লেক বৰ্ডত চক পেঞ্চিল লৈ শিক্ষাৰ্থীক পাঠদান কৰি থাকিব লাগিছিল, কিন্তু আমি আজি চাকৰি হেৰুৱাই কান্দিব লগা হৈছে৷ আমাৰে দুৰ্ভাগ্য আমাৰ চাকৰি নিয়মীয়া কৰণৰ বাবে এনেদৰে ধৰ্ণা, প্ৰতিবাদ কৰিব লগা হৈছে৷ আচলতে চৰকাৰে আমাক ব্যবহাৰ কৰি আমাক দলিয়াই দিছে৷’ সংবাদ মাধ্যমৰ আগত চৰকাৰৰ বিৰুদ্ধে এনেদৰে ক্ষোভ উজাৰিলে সদৌ অসম পলিটেকনিক প্ৰতিষ্ঠাপক প্ৰবক্তা সন্থাৰ নেতৃবৃন্দই৷ ৰাজ্যৰ পলিটেকনিক সমূহৰ ৬৪ গৰাকী প্ৰতিষ্ঠাপক অংশকালীন প্ৰবক্তাক চাকৰিৰ পৰা অব্যাহতি দিয়া সন্দৰ্ভত বৃহস্পতিবাবে মহানগৰী চচলস্থিত ধৰ্ণাস্থলীত সদৌ অসম পলিটেকনিক প্ৰতিষ্ঠাপক প্ৰবক্তা সন্থাই এখন সংবাদ মেলৰ আয়োজন কৰে৷ এই সংবাদ মেলত ভাগ লৈ সন্থাৰ নেতৃবৃন্দই কয়, পলিটেকনিকৰ অংশকালীন প্ৰবক্তা সকলৰ নিযুক্তি ক লৈ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুই মিছা কথাৰ আশ্ৰয় লৈছে৷ ২০২৪ বৰ্ষৰ ২৪ ছেপ্টেম্বৰত কেবিনেটে লোৱা সিদ্ধান্তক কিয় কাৰ্যকৰী কৰা নাই বুলি শিক্ষা মন্ত্ৰীক প্ৰশ্ন কৰে৷ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চপা সন্দৰ্ভত কয়, ন্যায়ালয়ত আমাৰ গোচৰটো চাকৰি নিয়মিয়া কৰনৰহে আছিল, কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২০৮৯/২০২০ নম্বৰৰ গোচৰটো আমাৰ নাছিল৷ আমি ২০১৯ চনত হে গুৱাহাটী উচ্চ ন্যায়ালয়ত চাকৰি নিয়ামীয়া কৰনৰ বাবে আবেদন কৰিছিলো৷ ২০১৭ বৰ্ষত যোগ্যতাৰ ভিত্তিত মেধা সম্পন্ন যুৱক যুৱতীক পলিটেকনিকৰ প্ৰবক্তা হিচাপে নিযুক্তি দিছিল৷ সেই নিযুক্তিৰ বিজ্ঞাপনত চাকৰিটো ঠিকাভিত্তিক বুলি উল্লেখ নাছিল৷ তদুপৰি এই প্ৰবক্তা সকলক কলেজৰ ভাৰপ্ৰাপ্ত অধ্যাপক, পৰীক্ষক, নিয়ন্ত্ৰক, এন ই পি আদি বিভিন্ন পৰীক্ষণ কেন্দ্ৰত ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কিয় নিযুক্তি দিছিল বুলি প্ৰশ্ন কৰে৷ নিযুক্তি দিয়াৰ পিছত শিক্ষা বিভাগে প্ৰবক্তা সকলৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ বন্দকত থৈ দিছিল যাতে প্ৰবক্তা সকলে অন্য কলেজত চাকৰি কৰিব নোৱাৰে৷ আনহাতে স্থায়ী নিযুক্তিৰ দাবীত গনতান্ত্ৰিক ভাবে আন্দোলন কৰি থকাৰ সময়তে ৬৪জন প্ৰবক্তাক কিয় চাকৰিৰ পৰা অব্যাহতি দিলে বুলি প্ৰশ্ন উত্থাপন কৰে সন্থাই৷ সন্থাৰ নেতৃবৃন্দই কয়, এই প্ৰবক্তা সকলক নিয়মীয়া প্ৰবক্তা বুলি দেখুৱাই AICTৰ পৰা অসমৰ পলিটেকনিক কলেজ সমূহে স্বীকৃতি লাভ কৰিছিল৷ বিগত আঠ বছৰ ধৰি জীৱনৰ অতি মুল্যবান সময়খিনি পলিটেকনিক মহাবিদ্যালয়ত শিক্ষাৰ্থীক পাঠ দান কৰি হাজাৰ হাজাৰ মানৱ সম্পদ গঢ়ি তোলা এইসকল প্ৰবক্তাক স্থায়ী নিযুক্তি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়৷ তদুপৰি এই প্ৰবক্তা সকলৰ নিযুক্তিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী তোলে প্ৰতিবাদী প্ৰবক্তা সকলে৷