Logo
image

বিটিআৰত নিৰ্বাচনী ৰণদুন্দুভি অমিত শ্বাহৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু কোক্‌ৰাঝাৰৰ বিশেষ প্ৰতিনিধি, ১৬ মাৰ্চঃ  কোকৰাঝাৰৰ দোতমাত আজি এবছুৰ ৫৭সংখ্যক অধিৱেশনৰ অন্তিম দিনৰ কাৰ্যসূচীৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিটিআৰত নিৰ্বাচনী ৰণদুন্দুভি বজালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ সভাত ভাষণ দি অমিত শ্বাহে কয়– বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই বড়ো জনগোষ্ঠীৰ বাবে দেখা সপোন আমি ভূমিষ্ঠ কৰিম৷ দিল্লীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামকৰণেৰে  এটা পথ নিৰ্মাণ কৰাৰ লগতে তেওঁৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ’ব৷ তেওঁ কয় যে বডোলেণ্ডত শান্তি প্ৰতিষ্ঠা হোৱাত ভাৰতৰ নেতা তথা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে এবছুৰ অৰিহণা আছে৷ বি টি চিৰ ৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই উদ্বোধন কৰা মুকলি সভাত মুখ্য অতিথি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰত মাতাকি জয় ধবনিৰে ভাষণ আৰম্ভ কৰে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি উত্তৰ পূৰ্বাঞ্চলক ইতিমধ্যে অস্ত্ৰ মুক্ত কৰিবলৈ সক্ষম হৈছোঁ৷ আমাৰ লক্ষ্য হৈছে এই অঞ্চলটোক অৰ্থনৈতিক শিক্ষা সকলো দিশৰ পৰা সামগ্ৰিক ভাৱে উন্নয়ন সাধন কৰা৷ বিটিআৰ চুক্তিৰ ৮০শতাংশ ইতিমধ্যে ৰূপায়ণ কৰা হৈছে বুলি মন্তব্য কৰি বাকী ২০ শতাংশ আগন্তুক দুই বছৰৰ ভিতৰতে ৰূপায়ণ কৰা হ’ব বুলি তেওঁ দৃঢ়তাৰে দাবী কৰে৷ কেৱল এয়াই নহয় বড়ো জনগোষ্ঠীৰ উন্নয়নৰ বাবে তেওঁলোকৰ প্ৰতিটো সমস্যা সমাধান কৰিবলৈ প্ৰস্তুত বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয়৷ বিগত ২০২০ চনৰ ২৭ জানুৱাৰীত স্বাক্ষৰিত শান্তি চুক্তিৰ জৰিয়তে শান্তি স্থাপন হোৱা বডোলেণ্ডৰ বিকাশৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ১৫০০ কোটি টকা আবন্তন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি অমিত শ্বাহে সদৰি কৰে৷ তেওঁ বিটিআৰ চুক্তিৰ দফা অনুসৰি ইতিমধ্যে অসম কামাণ্ডত ৪০০ গৰাকী বড়ো যুৱক যুৱতীক নিযুক্তি দিয়া বাবে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে৷ উল্লেখযোগ্য যে বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত আদিম ধৰ্ম বাথৌ ধৰ্মৰ পঞ্চ তথ্যৰ বিষয়ে উল্লেখ কৰি ভাৰত বৰ্ষৰ আন ধৰ্মৰ দৰে বাথৌ ধৰ্মৰ প্ৰচাৰ কৰাৰ বাবে আহ্বান জনায়৷ এবছুৰ ৫৭ সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ অন্তিম দিনৰ কাৰ্যসূচী মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে গৃহ মন্ত্ৰী অমিত শ্বাহ বডোফা পথাৰৰ অধিবেশনথলীৰ সমীপত অস্থায়ীভাৱে নিৰ্মাণ কৰি উলিওৱা হেলিপেডত ঠিক ডেৰ বজাত সেনা বাহিনীৰ বিশেষ বিমান যোগে অবতৰণ কৰে৷ তেওঁক বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে এবছুৰ নেতৃবৃন্দই উষ্ম আদৰণি জনোৱাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক কৃষ্টি গীত নৃত্যৰে তেওঁক মঞ্চ লৈ আদৰি অনা হয়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ তেওঁ মঞ্চত উপস্থিত হোৱাৰ লগে লগে তেওঁক এবছুৰ নেতৃত্ব আৰু উপস্থিত ৰাইজে জয় অমিত শ্বাহ জী কি জয় ইত্যাদি বিভিন্ন শ্লোগান দি উষ্ম আদৰণি জনায়৷ ইয়াৰ পিছত গৃহ মন্ত্ৰী অমিত শ্বাহে পোনতে মঞ্চত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ আৰু ৰাইজক সম্ভাষণ জ্ঞাপন কৰে৷ উল্লেখযোগ্য যে এবছুৰ সভাপতি দ্বিপেন বড়োই বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত আৰনাই, বড়ো পাগুৰী, লোক বাদ্য খাম আৰু লগতে গৃহ মন্ত্ৰীগৰাকীৰ ফটো সন্নিৱিষ্ট সম্বদ্ধৰ্না আগবঢ়ায় তাৰ পিছত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই এড়ী চাদৰ, জহৰ কোটৰ লগতে বিভিন্ন সামগ্ৰীৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷ এবছুৰ তৰফৰ পৰা আগবঢ়োৱা খাম বাদ্যটো গৃহ মন্ত্ৰী অমিত শ্বাহে ডিঙিত ওলোমাই লৈ কেইটামান চাপৰ দিয়াত ৰাইজ আলোড়িত হয় আৰু চাপৰি বজাই সমৰ্থন আগবঢ়ায়৷ 


সামৰণি পৰিল এবছুৰ কেন্দ্ৰীয় অধিবেশনৰ

‘আমাৰ অসম’ৰ কোক্‌ৰাঝাৰৰ বিশেষ প্ৰতিনিধিঃ  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম ভূমি দোতমাৰ বডোফা পথাৰত বিগত ১৩ মাৰ্চৰ পৰা চাৰি দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা বড়ো জনগোষ্ঠীৰ জাতীয় সংগঠন নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ ৫৭সংখ্যক কেন্দ্ৰীয় অধিবেশনখনৰ আজি সফল সামৰণি পৰে৷ অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি আজি দিনৰ বাৰ বজাৰ পৰা এবছুৰ সভাপতি দ্বিপেন বড়োৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয়৷ উক্ত মুকলি সভাত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে৷ সভা আৰম্ভ হোৱাৰ পূৰ্বে যুগ যুগ ধৰি বড়ো ভূমিত শান্তি সম্প্ৰীতিৰে বসবাস কৰি অহা বিভিন্ন জাতি জনগোষ্ঠীৰ কলা কৃষ্টিৰে এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়৷ ইফালে আজিৰ মুকলি সভাক কেন্দ্ৰ কৰি ৰাতিপুৱাৰ পৰা দূৰ দূৰণিৰ পৰা আবাল বৃদ্ধ বনিতাক ধৰি কেবা সহস্ৰাধিক জনগন সভাথলীত উপস্থিত হোৱা দেখা যায়৷ আজিৰ সভাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে৷ ইতিহাসত প্ৰথমবাৰৰ বাবে এবছুৰ অধিৱেশনত অংশগ্ৰহণ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক এবচুৰ নেতৃত্বই আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই সম্বৰ্ধনা জ্ঞাপন কৰে৷ তদুপৰি মঞ্চত মুখা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ এবছুৰ ৫৭সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ প্ৰতিনিধি সভাই আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে নতুন সভাপতি সহ সমিতিৰ নতুন বিষয়ববীয়া নিৰ্বাচন কৰাক লৈ তীব্ৰ চিন্তা চৰ্চা লাভ কৰিছিল যদিও জানিব পৰা মতে অন্তিমখন প্ৰতিনিধি সভাই গ্ৰহণ কৰা বিভিন্ন প্ৰস্তাৱসমূহৰ কেইবাটাও প্ৰস্তাৱ সময়ৰ অভাৱত গৃহীত কৰাত ব্যৰ্থ হয় আৰু নতুন সমিতি গঠন কৰিবলৈ সক্ষম নোহোৱা বুলি জানিব পৰা গৈছে৷ ইয়াৰ বাবে এবছুৰ আগন্তুক কাৰ্যকালৰ বাবে নতুন সমিতি গঠন কৰা হোৱা নাই যদিও এমাহৰ ভিতৰতে এবছুৰ নতুন সমিতি গঠন হ’ব৷ তেনে ক্ষেত্ৰত প্ৰতিনিধি সভাই এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰি নতুন সমিতি গঠন নোহোৱা পৰ্যন্ত পুৰণি সমিতিকে কাম-কাজ চলাই নিয়াৰ দায়িত্ব অৰ্পণ কৰে বুলি জানিব পৰা গৈছে৷ এইক্ষেত্ৰত এবছুৰ সভাপতি দ্বিপেন বড়োই আগন্তুক এমাহৰ ভিতৰত প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হ’ব আৰু উক্ত প্ৰতিনিধি সভাত প্ৰস্তাৱসমূহ গৃহীত কৰাৰ লগতে নতুন সমিতি গঠন কৰা হ’ব বুলি জানিব দিয়ে৷ লগতে পৰৱৰ্তী প্ৰতিনিধি সভা অনুষ্ঠিত নোহোৱা পৰ্যন্ত পুৰণি সমিতিৰ কাৰ্যকাল বৃদ্ধিৰো সিদ্ধান্ত গ্ৰহণ কৰে৷ ইতিহাসত প্ৰথমবাৰৰ বাবে এবছুৰ অধিৱেশনত অংশগ্ৰহণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে৷ এবছুৰ সভাপতি দ্বীপেন বড়োৱে গৃহমন্ত্ৰীগৰাকীয়ে ভাষণত যিখিনি মন্তব্য ৰাখিছে সেয়া যথেষ্ট বুলি জানিবলৈ দি কয় যে বড়ো জনগোষ্ঠী বা এবছুৱে বড়ো জাতিৰ উন্নয়নৰ লগতে আৰু বিটিআৰ চুক্তিৰ বাকী থকা দফাসমূহ আগন্তুক দুবছৰৰ ভিতৰতে ৰূপায়ণ কৰাৰ অংগীকাৰ গ্ৰহণ কৰিছে৷