
নতুন অতিথিক আদৰি ধৰালৈ উভতিবলৈ সাজু সুনীতা উইলিয়াম্ছ
‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদন, ১৬ মাৰ্চঃ মহাকাশত ওপঙি ‘ল’ আৰ্থ অৰবিট’ত ঘূৰি পৃথিৱীক প্ৰদক্ষিণ কৰি থকা আই এছ এছ অৰ্থাৎ মহাকাশ ষ্টেচনলৈ’ এয়া নাছাৰ ‘কৰু ট্ৰেন্সপ’ৰ্ট, বা অভিযাত্ৰী কঢ়িয়াই নিয়া ৭২/৭৩ সংখ্যক ফ্লাইট৷ স্পেচ এক্সৰ ফেলকন-৯ ৰকেটে উৎক্ষেপণ কৰা কৰু-১০ মহাকাশযান আৰু কৰু ড্ৰেগন কেপছুল মহাকাশ ষ্টেচনত আজি পুৱা ৯.৪০ বজাত গৈ উপস্থিত হোৱাত বিশ্ববাসীৰ যিমান স্বস্তি, সিমান স্বস্তিৰ নিশ্বাস হয়তো সাম্প্ৰতিক অতীতৰ কোনো ‘ল’ আৰ্থ অৰবিট’ৰ অভিযানত দেখা পোৱা হোৱা নাছিল৷ কৰু ড্ৰেগনত যি চাৰিজন অভিযাত্ৰী মহাকাশলৈ গৈছে, সেই নাছাৰ দুই মহিলা নভোচৰ এন মেকক্লেইন, নিক’ল আয়াৰ্ছ, জাপানৰ টাকুয়া অনিশ্বি আৰু ৰাছিয়াৰ কিৰিল পেচকভৰ সৈতে বিশ্বৰ সাধাৰণ লোকৰ সামান্য পৰিচিতিও নাই৷ কিন্তু কৰু-১০ মহাকাশযানখনে যেতিয়া ভাৰতীয় সময় অনুসৰি দেওবাৰে পুৱা ৯.৪০ বজাত ‘ইণ্টাৰনেশ্বনেল স্পেচ ষ্টেচন’ৰ ‘হাৰমনি ফৰৱাৰ্ড’ নামৰ অংশত ‘ডকিং’ কৰিলে অৰ্থাৎ জোৰা লাগিল, তেতিয়া নাছাৰ উৎকণ্ঠিত মহাকাশ বিজ্ঞানী, অভিযন্তাতকৈয়ো অধিক স্বস্তিৰে নিশ্বাস পেলালে পৃথিৱীৰ সাধাৰণ জনতাই৷ কাৰণ?
‘ৰকেট ছায়েন্স’ তেওঁলোকৰ বাবে দুৰ্বোধ্য, তাত সন্দেহ নাই৷ উৎকণ্ঠা আৰু স্বস্তিৰ কাৰণ কোনো দুৰ্বোধ্য বিজ্ঞান নহয়, বৰং সম্পূৰ্ণ মানৱীয়৷ কিয়নো পৃথিৱীৰ পৰা ৪০০ কিলোমিটাৰ ওপৰত থকা মহাকাশ ষ্টেচনত যোৱা ৯ মাহ ধৰি আবদ্ধ হৈ আছে ‘টেষ্ট পাইলট’ হিচাপে ৮ দিনৰ বাবে মহাকাশলৈ বয়িঙৰ ষ্টাৰলাইনাৰ চলাই যোৱা দুই নভোচৰ সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বুছ উইলমোৰ৷ সুনীতাক লৈ ভাৰতবাসীৰ উদ্বিগ্নতা যে বেছি সেয়া স্বাভাৱিক, কিয়নো সুনীতা উইলিয়ামছ মাৰ্কিন নভোচৰ হ’লেও ভাৰতীয় বংশোদ্ভৱ৷ তদুপৰি আন এগৰাকী ভাৰতীয় বংশোদ্ভৱ মহাকাশচাৰী কল্পনা চাওলাৰ মহাকাশৰ পৰা উভতি আহোতে দুৰ্ঘটনাগ্ৰস্ত হৈ আকাশতে মহাকাশযানৰ সৈতে নিশ্চিহ্ন হৈ যোৱাৰ ঘটনাই সততে ভাৰতবাসীক উদ্বিগ্ন আৰু উৎকণ্ঠিত কৰি ৰাখে৷
এনে একাধিক কাৰণত মহাকাশ ষ্টেচনৰ পৰা ৪০০ কিলোমিটাৰ তলত থকা বিশ্ববাসী যিদৰে কৰু-১০ মহাকাশযানৰ সফল ‘ডকিঙ’ত বা সংযোগ স্থাপনত আজি আনন্দিত, সেই একেবোৰ কাৰণতে আইএছএছত ২৮৭ দিন আবদ্ধ হৈ থকা সুনীতা উইলিয়ামছো উচ্ছসিত৷ উচ্ছসিত সংগী নভোচৰ বুছ উইলমোৰো৷ কিয়নো অৱশেষত তেওঁলোকক পৃথিৱীলৈ ওভোতাই আনিবলৈ যাত্ৰা কৰা মহাকাশযানখন তেওঁলোকে যোৱা জ্ঝ মাহ বাস কৰি থকা আই এছ এছত নিবিঘ্নে আৰু সঠিক সময়ত জোৰা লাগিলগৈ৷ সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী মহাকাশকেন্দ্ৰবাসীৰ উচ্ছাস ধৰা পৰিছিল কৰু-১০ ড্ৰেগনৰ পৰা আলাসত ওপঙি ওপঙি চাৰি নতুন অভিযাত্ৰীয়ে আইএছএছত প্ৰৱেশ কৰাৰ সময়ত৷ মহাকাশ ষ্টেচনত এতিয়া থকা ৭ জন নভোচৰে নতুন আলহীক আলাসত ওপঙি সাবতি ধৰি স্বাগতম জনাওতে ধৰা পৰিল সুনীতা আৰু সংগী নভোচৰৰ আনন্দোচ্ছাস৷ কিয়নো পূৰ্বে ব্যৱহূত এইখন কৰু ড্ৰেগনতে এইবাৰ পৃথিৱীলৈ উভতি আহিবলৈ সক্ষম হ’ব সুনীতা উইলিয়ামছকে ধৰি চাৰিজন নভোচৰ৷ সুনীতা আৰু বুছ উইলমোৰৰ উপৰি কৰু ড্ৰেগনত খুব সম্ভৱতঃ অহা বুধবাৰে পৃথিৱীলৈ ওভতনি যাত্ৰা কৰিব আন দুই সংগী নাছাৰ নিক হগ আৰু ৰাছিয়াৰ এলেকাজেণ্ডাৰ গৰ্বুনভে৷ এতিয়া মহাকাশ কেন্দ্ৰৰ কমাণ্ডাৰৰ দায়িত্বত আছে সুনীতা উইলিয়ামছ৷ তেওঁ আই এছ এছৰ কমাণ্ড অৰ্পণ কৰিব ৰাছিয়াৰ নভোচৰ এলেক্সি অভচিনিনৰ হাতত৷ বিশ্বত দেশৰ ভৌগোলিক সীমা থাকিলেও, ৰাজনৈতিক ক্ষমতা ভিন ভিন হ’লেও মহাকাশত এতিয়াও ক্ষমতাৰ অঁৰিয়াঅৰি নাই৷ নাছাৰ মাৰ্কিন নভোচৰ সুনীতা উইলিয়ামছে ৰাছিয়াৰ ৰছকছমছৰ নভোচৰ এলেক্সি অভচিনিনৰ হাতত আই এছ এছ অৰ্থাৎ মহাকাশ কেন্দ্ৰৰ পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰি আহিবলগীয়া ঘটনাই পৰিষ্কাৰ কৰি দিছে অসীম আকাশৰ বৈষম্যহীন নেতৃত্ব আৰু বিভেদহীন বুজাবুজিৰ কথা৷ ১ দিন ৯ ঘণ্টা ৩৭ মিনিটত পৃথিৱীৰ পৰা গৈ মহাকাশ ষ্টেচনত উপস্থিত হোৱা কৰু-১০ ড্ৰেগনৰ ওভতনি যাত্ৰা এতিয়াও নাছাৰ সূচীত ‘প্লেনড’, অৰ্থাৎ স্থিৰ হোৱা নাই কিন্তু পৰিকল্পিত বুলি উল্লেখ কৰা আছে৷ অৱশ্যে সুনীতা উইলিয়ামছকে ধৰি চাৰিজন নভোচৰক লৈ কৰু ড্ৰেগনে ক’ত আহি অৱতৰণ কৰিব সেয়া পূৰ্ব নিৰ্ধাৰিত আৰু অনিবাৰ্য৷ সেয়া পৃথিৱী হ’লেও ভূমিৰ কোনো অংশ নহয়, বৰং অৱতৰণস্থলী হৈছে প্ৰশান্ত মহাসাগৰৰ প্ৰশান্ত জলপৃষ্ঠ৷