
গোৱালপাৰাত সেউজ প্ৰকল্পৰ শ্মশান যাত্ৰা
'আমাৰ অসম'ৰ টিপলাইৰ প্ৰকিবেদক, ১৭ মাৰ্চঃ ধৰাৰ বুকু সেউজী শ্যামলী কৰি তোলাৰ বাবে বিভিন্ন আঁচনি ৰূপায়ন কৰাৰ লগতে প্ৰাকৃতিক পৰিবেশ বিনষ্ট নকৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰতি বছৰে ৫ জুনত বিশ্ব পৰিৱেশ দিৱস পালন কৰি সজাগতা সৃষ্টি কৰাৰ লগতে ধৰাৰ বুকক চিৰ সেউজ কৰাৰ লক্ষ্য আগত ৰাখি গছপুলি ৰোপণ কৰা হয়। কিন্তু নিৰ্দিষ্ট দিনটোত ৰোপণ কৰা গছপুলি সমূহ পৰৱৰ্তী সময়ত জীয়াই আছে নে নাই ইয়াৰ খবৰ ল'বলৈ যেন অৱকাশ নেথাকে ৰোপক সকলৰ। যাৰ বাবে ৰোপণ কৰা বেছি সংখ্যক গছপুলিয়ে মৰহি যোৱা পৰিলক্ষিত হয়। ৰাজ্য চৰকাৰেও সেউজ প্ৰকল্প আঁচনি ৰূপায়ন কৰাৰ নামত বিভিন্ন আঁচনি ৰূপায়ন কৰা পৰিলক্ষিত হৈছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাতো এই প্ৰকল্প ভেকোঁভাওনাত পৰিণত হৈছে। সমগ্ৰ দেশৰ ভিতৰতে প্ৰাকৃতিক সম্পদ মূল্যৱান গছ-গছনিৰে ভৰপূৰ উত্তৰ-পূৱ ভাৰত। এই উত্তৰ-পূব ভাৰতৰ অন্যতম গোৱালপাৰা জিলাখনক সেউজী শ্যামলী কৰি তোলাৰ বাবে ৰাজকোষৰ ধন খৰছ কৰাটো হাস্যকৰ। অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তেও গছপুলি ৰোপণ কৰি ৰাজনৈতিক চমক সৃষ্টি কৰা হৈছে। কিন্তু প্ৰকৃতাৰ্থত এই আঁচনিখন কিমান সফল হৈছে সেয়া ৰাইজৰ বিচাৰাধীন। আঁচনি ৰূপায়নৰ নামত একাংশ লোকৰ পকেট গৰম কৰাৰ বাহিৰে যে একো লাভ হোৱা নাই সেয়া ধ্ৰুৱ সত্য। ৰাজ্যখনৰ ভিতৰতে মূল্যবান গছ-গছনিৰে ভৰপূৰ জিলাখনত কিহৰ কাৰণে ৰাজকোষৰ কোটি কোটি টকা খৰছ কৰি ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যিক পথ, গ্ৰাম্যপথৰ দুই কাষ, চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান, ধৰ্মীয়, শৈক্ষিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে বিভিন্ন ৰাজহুৱা স্থানত গছপুলি ৰোপনেৰে চমক দিব বিচৰা চৰকাৰৰ এই অভিলাষী আঁচনি ৰূপায়ন কৰা হৈছিল সেয়া আজিৰ তাৰিখত এক নুবুজা সাঁথৰ হৈ ৰৈছে সচেতন ৰাইজৰ মাজত।
বন বিভাগ, জিলা প্ৰশাসনৰ লগতে জিলা গ্ৰামোন্নয়ন প্ৰাধিকৰণৰ এম জি এন ৰেগা আচঁনিৰ লগতে সংশ্লিষ্ট বিভাগ সমূহৰ দ্বাৰা ৰোপণ কৰা এই গছপুলি ৰোপণৰ জৰিয়তে ধৰাৰ বুকু সেউজীয়া কৰি তোলাৰ বাবে এই আঁচনিখন ৰূপায়ন কৰি লক্ষ লক্ষ বিভিন্ন প্ৰজাতিৰ গছপুলি বিতৰণ কৰি ৰোপণ কৰা হৈছিল। জিলা পৰ্যায়ৰ বিভিন্ন বিভাগৰ লগতে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে পঞ্চায়তে পঞ্চায়তে গছপুলি ৰোপন কৰাৰ বাবে ধনৰ আবন্তন দিয়া হৈছিল। সেই অনুসৰি, বিগত বছৰ সমূহত জিলাখনত জিলা প্ৰশাসনৰ জৰিয়তে পোন্ধৰ লক্ষ গছপুলি ৰোপণ কৰা হৈছিল। গছপুলি ৰোপন কৰাৰ পাছত গছপুলি সমূহৰ ৰক্ষণাবেক্ষণৰ নামত বহু ঠাইত বাঁহেৰে নিৰ্মিত সাঁচ আৰু কিছু ঠাইত বাঁহৰ খুতিত নেট (প্লাষ্টিক) জালৰ ব্যৱস্থা কৰিছিল আৰু এনেদৰে আঁচনিখনক কাৰ্যকৰীকৰণ কৰাৰ পদক্ষেপ লোৱা হৈছিল। কিন্তু খৰালি কাল আৰম্ভ হোৱাৰ লগে লগে গছপুলি সমূহত পানী যোগানৰো কোনো ব্যৱস্থা নকৰাৰ ফলত ৰোপণ কৰাৰ কেইদিন মানৰ পিছতেই পানীৰ অভাৱত গছপুলি সমূহ মৰহি যোৱাৰ উপৰি গৰু-ছাগলীয়ে গছপুলি সুৰক্ষাৰ বাবে বাঁহেৰে দিয়া বেৰ সমূহ ভাঙি পেলোৱাৰ উপৰি গছপুলি সমূহ খাই তহিলং কৰে। একাংশ লোকৰ বাবে ধন ঘটা আঁচনি হিচাপে চিহ্নত হোৱা এই অভিলাষী আঁচনিখনৰ পৰা ৰাজকোষৰ বৃহৎ অঙ্কৰ টকা খৰছ হোৱাৰ লগতে একাংশ বিষয়া কৰ্মচাৰীৰ পকেট গৰম হোৱাৰ বাহিৰে একো এটাই লাভ নহ'ল এই আঁচনি খনৰ পৰা। ৰাজকোষৰ বৃহৎ পৰিমাণৰ ধন খৰছ কৰি নিম্নমান সম্পন্ন সুৰক্ষা ব্যৱস্থাৰে ৰোপন কৰা এই আচঁনিখন কাৰ স্বাৰ্থ সিদ্ধি কৰাৰ বাবে ৰূপায়ণ কৰা হৈছিল বুলিও একাংশ সচেতন প্ৰকৃতি প্ৰেমিয়ে আজি প্ৰশ্ন তুলিছে। ইয়াৰ উপৰি গোৱালপাৰা জিলাৰ দৰে প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ জিলাত এই আচঁনিখনৰ প্ৰয়োজনীয়তা আছিল নে সেয়াও আজিৰ তাৰিখত এক নুবুজা সাঁথৰ।