
পূব-গুৱাহাটী বিহু সন্মিলনৰ উদ্যোগত বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা
'আমাৰ অসম'ৰ মহানগৰ সংবাদ, ১৭ মার্চঃ বিগত বছৰবোৰৰ দৰে অসমৰ ঐতিহ্যমণ্ডিত পূব-গুৱাহাটী বিহু সন্মিলনৰ ৬৪ সংখ্যক সমাৰোহ ১৪ এপ্রিলৰ পৰা ১৭ এপ্রিললৈ চাৰিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত উদযাপন কৰিবলৈ ওলাইছে। এই সমাৰোহৰ কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি পূব-গুৱাহাটী বিহু সম্মিলনৰ উদ্যোগত অহা ১ এপ্রিলৰ পৰা ১২ এপ্রিললৈ আবেলি ৪ বজাৰ পৰা সমাৰোহৰ বাকৰিত বিহু নাচৰ লগতে ঢোল বাদনৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে।
উক্ত কর্মশালাত ভাৰত কলা ৰত্ন বঁটা প্রাপক, অসম বিহুৱতী তথা বিহু সম্রাজ্ঞী ড্রিমলী গগৈৰ লগতে অভিজ্ঞ দহজনীয়া প্রশিক্ষকৰ তত্বাবধানত প্রকৃত বিহু প্রশিক্ষণ দি প্রশিক্ষার্থীসকলক এক মানদণ্ড প্রদান কৰাৰ লগতে উপকৃত কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। উক্ত কর্মশালাত অংশগ্রহণ কৰিবলৈ ইচ্ছুক প্রশিক্ষার্থীসকলক গুৱাহাটীৰ চানমাৰিস্থিত পূব-গুৱাহাটী বিহু সন্মিলনৰ স্থায়ী কাৰ্য্যালয় অথবা ৭০০২৯৭০২৭১, ৯৮৫৪০১৭৮৬২, ৭৮৯৬৭৬৪৬৬২ নম্বৰত যোগাযোগ কৰিবলৈ সন্মিলনৰ সভাপতি বিপুল তালুকদাৰ আৰু সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়া আৰু সাংস্কৃতিক বিভাগৰ সভাপতি ৰাজেন বড়ো আৰু যুটীয়া সম্পাদকদ্বয় নেচাৰুদ্দিন আহমেদ আৰু অপূর্ব কলিতাই আহ্বান জনাইছে।