Logo
image

পলাশবাৰীত চোতালে চোতালে বন্যহস্তীৰ জাক

'আমাৰ অসম'ৰ পলাশবাৰীৰ প্ৰতিবেদকঃ বৃহত্তৰ দক্ষিণ কামৰূপৰ বিশেষকৈ পলাশবাৰী সমষ্টিৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে বিগত প্ৰায় ৫ বছৰ ধৰি অঞ্চলটোত চলি অহা বনৰীয়া হাতীৰ উপদ্ৰৱে সৰ্বসাধাৰণ ৰাইজক শংকিত কৰি তুলিছে। বনৰীয়া হাতীৰ উপদ্ৰৱ দিনক দিনে বৃদ্ধি পোৱাৰ ঘটনাই এতিয়া সৰ্বসাধাৰণ ৰাইজ বিপাঙত পৰিছে। দিনে নিশাই বনৰীয়া হাতীৰ জাকে গ্ৰামাঞ্চলৰ পথ কিম্বা মানুহৰ ঘৰৰবাৰীত বাহৰ পাতিবলৈ লৈছে। আনকি এতিয়া খাদ্যৰ সন্ধানত চোতালে চোতালে জাকে জাকে বন্যহস্তীৰ জাকে ঘূৰি ফুৰিবলৈ লৈছে। পাৰাকুছি, কল্লাপাৰা, তিনিআলি, ৰঙামাটি, বাটৰহাট, চেংপাৰা, নহিৰা, দখলা, মিৰ্জা, জামৰতল, ৰাজাপুখুৰী, মেধীপাৰা আদি গাঁৱত এতিয়া বন্যহস্থীৰ জাক দেখিবলৈ সুলভ। অৱশেষত বিপাঙত পৰি দেওবাৰে পলাশবাৰী সমষ্টিৰ ভাগৱতীপাৰাত এক ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। য'ত সৰ্বসাধাৰণ ৰাইজৰ মনৰ আক্ষেপ, অভিযোগ তথা গঠনমূলক সমালোচনা কৰি বনৰীয়া হাতীৰ পৰা পৰিত্ৰাণৰ উপাই বিচাৰি বন বিভাগলৈ শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। 


উক্ত সভাত পশ্চিম কামৰূপ বন সংমণ্ডলৰ বিষয়াসকলৰ উপস্থিতি কামনা কৰিছিল যদিও তেওঁলোক উপস্থিত হোৱাৰ পৰিৱৰ্তে সহযোগী বিষয়াক সভালৈ পঠিয়াই দিয়ে, যাক লৈ ৰাইজে ক্ষোভ প্ৰকাশ কৰে। উক্ত সভাতে স্থানীয় সচেতন ব্যক্তি হিচাপে পংকজ লোচন গোস্বামীয়ে তেওঁ নিজে এই বন্যহস্তীৰ উপদ্ৰৱৰ এগৰাকী ভুক্তভোগী হিচাপে এই দীৰ্ঘদিনীয়া সমস্যাৰ কোনো সমাধান নোহোৱাত ক্ষোভ প্ৰকাশ কৰে লগতে বিভাগীয় কৰ্তৃপক্ষই দায়িত্ব আৰু গুৰুত্বসহকাৰে এই কথা লৈ অতি শীঘ্ৰে স্থায়ী সমাধান কৰিবলৈ আহ্বান জনায়। লগতে অঞ্চলটোৰ ৰাইজৰ সৈতে যোগসূত্ৰ বজাই ৰাখিবলৈও আহ্বান জনায়। আনহাতে বনৰীয়া হাতী যেতিয়া জনবসতি স্থানত প্ৰৱেশ কৰিছে গতিকে বন বিভাগেও অৰণ্যৰ দৰে জনাঞ্চলত প্ৰতিটো সময়ত বনৰীয়া হাতীৰ খবৰ বিভাগৰ লগত থকাটো বাঞ্চনীয় বুলিও উল্লেখ কৰে। অসম মেঘালয় সীমান্তৰ বনাঞ্চল ধ্বংস কৰাৰ ফলত হাতীবোৰে জনাঞ্চলত প্ৰৱেশ কৰিছে। কেতিয়া বন্যহস্তীৰ পৰা পৰিত্ৰাণ পাব বৃহত্তৰ অঞ্চলটোৰ ৰাইজে?